--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বাসগৃহত অগ্নি সংযোগৰ সময়ত তেওঁৰ পিতৃ থকা বাসগৃহটোত পিতৃৰ চিকিৎসাৰ বাবে গুৱাহাটীলৈ যোৱাৰ বাবে কেইগৰাকীমান লোকহে বাসগৃহটোত আছিল বুলি উল্লেখ কৰি দুটা বাসগৃহ অগ্নিত ক্ষতি হোৱা বুলি জানিবলৈ দিয়ে।

ডিজিটেল ডেস্ক: পি জি আৰ-ভি জি আৰ ভূমিৰ উচ্ছেদৰ দাবীত উত্তপ্ত হৈ পৰা পশ্চিম কাৰ্বি আংলঙৰ অশান্তময় পৰিস্থিতি শান্ত কৰিবলৈ শান্তিৰ আহ্বান জনাইছে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে।


কালি বিয়লি ডিফুত এখন সংবাদমেল সম্বোধন কৰি ৰংহাঙে কয়, 'অনশন কৰা প্ৰতিবাদকাৰীৰ আমি বিৰোধিতা কৰা নাই। তেওঁলোকে পিজি আৰ-ভি জি আৰ ভূমিত উচ্ছেদৰ দাবী জনাইছে। সেইমতে আমি পৰিষদৰ তৰফৰ পৰা সৰ্বদলীয় সভা আহ্বান কৰি উচ্ছেদৰ সিদ্ধান্ত গ্রহণ কৰিছোঁ। সিদ্ধান্ত মতে আমি পি জি আৰ-ভি জি আৰ ভূমিত বসবাস কৰাসকলৰ গাঁওসমূহৰ ১২গৰাকী গাঁওবুঢ়াক অপসাৰণ কৰোঁ।


ইয়াৰ পাছত পৰিষদৰ তৰফৰ পৰা পি জি আৰ-ভি জি আৰ ভূমিত বসবাস কৰাসকলক ১৫ দিনৰ ভিতৰত সেই স্থান ত্যাগ কৰিবলৈ জাননী জাৰি কৰিলোঁ। জাননী লাভ কৰি তাত বসবাস কৰা লোকসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন পি আই এল দাখিল কৰে। আমি পৰিষদৰ তৰফৰ পৰা এই গোচৰ জিকিবৰ বাবে প্রচেষ্টা লৈছোঁ যদিও গোচৰ চলি থকাৰ বাবে আমি উচ্ছেদ অভিযান চলাব পৰা নাই। ইয়াৰ মাজতে তেওঁলোকে অনশন আৰম্ভ কৰে। আমি তেওঁলোকক আলোচনাৰ বাবে আমন্ত্রণ জনাইছিলোঁ। কাৰণ আলোচনাৰ মাধ্যমেৰে সকলো সমস্যা সমাধান সম্ভৱ।' ৰংহাঙে উল্লেখ কৰে।


আলোচনাৰ প্ৰস্তাৱ লিখিত আকাৰে তেওঁলোকে বিচাৰিছিল আৰু আমি লিখিত আকাৰে প্ৰেৰণ কৰিছিলোঁ। আলোচনাৰ বাবে কালি বিয়লি ৪টা বজাত সময় নির্ধাৰণ কৰা হৈছিল। তেওঁলোক আলোচনালৈ নাহিল। ইয়াৰ মাজতে কালি পুৱা অনশনকাৰী কেইগৰাকীমানৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে তেওঁলোকক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। সেই কথাটোকে তেওঁলোকক গ্ৰেপ্তাৰ কৰি লৈ যোৱা হৈছে বুলি প্ৰচাৰ চলাত এই ঘটনা সংঘটিত হোৱা বুলি ৰংহাঙে দাবী কৰে। ইয়াৰ মাজতে একাংশ প্রতিবাদকাৰীয়ে ডংকামোকামস্থিত মোৰ বাসগৃহলৈ আহি মোৰ বাসগৃহটো টার্গেট কৰি লয়। ৰংহাঙে প্রতিবাদকাৰীসকলক আৱেদন জনাই কয়, 'মই স্থায়ী শান্তিৰ বাবে সকলো পক্ষকে আলোচনাৰ বাবে আমন্ত্রণ জনাইছোঁ। যিকোনো সমস্যা আলোচনাৰ মাধ্যমেৰেহে সম্ভৱ হয়।'


বাসগৃহত অগ্নি সংযোগৰ সময়ত তেওঁৰ পিতৃ থকা বাসগৃহটোত পিতৃৰ চিকিৎসাৰ বাবে গুৱাহাটীলৈ যোৱাৰ বাবে কেইগৰাকীমান লোকহে বাসগৃহটোত আছিল বুলি উল্লেখ কৰি দুটা বাসগৃহ অগ্নিত ক্ষতি হোৱা বুলি জানিবলৈ দিয়ে। গাঁৱৰ প্ৰায় ২০০ মানুহে প্ৰতিবাদকাৰীসকলক অগ্নি সংযোগৰ ক্ষেত্ৰত বাধা প্রদান কৰিছিল যদিও প্রতিবাদকাৰীসকলে সেই বাধা নামানিলে বুলি ৰংহাঙে জানিবলৈ দিয়ে। ৰংহাঙে কয়- ভুল বুজাবুজিৰ বাবে প্রতিবাদে হিংসাত্মক ৰূপ লয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ