--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বাসগৃহত অগ্নি সংযোগৰ সময়ত তেওঁৰ পিতৃ থকা বাসগৃহটোত পিতৃৰ চিকিৎসাৰ বাবে গুৱাহাটীলৈ যোৱাৰ বাবে কেইগৰাকীমান লোকহে বাসগৃহটোত আছিল বুলি উল্লেখ কৰি দুটা বাসগৃহ অগ্নিত ক্ষতি হোৱা বুলি জানিবলৈ দিয়ে।

ডিজিটেল ডেস্ক: পি জি আৰ-ভি জি আৰ ভূমিৰ উচ্ছেদৰ দাবীত উত্তপ্ত হৈ পৰা পশ্চিম কাৰ্বি আংলঙৰ অশান্তময় পৰিস্থিতি শান্ত কৰিবলৈ শান্তিৰ আহ্বান জনাইছে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে।


কালি বিয়লি ডিফুত এখন সংবাদমেল সম্বোধন কৰি ৰংহাঙে কয়, 'অনশন কৰা প্ৰতিবাদকাৰীৰ আমি বিৰোধিতা কৰা নাই। তেওঁলোকে পিজি আৰ-ভি জি আৰ ভূমিত উচ্ছেদৰ দাবী জনাইছে। সেইমতে আমি পৰিষদৰ তৰফৰ পৰা সৰ্বদলীয় সভা আহ্বান কৰি উচ্ছেদৰ সিদ্ধান্ত গ্রহণ কৰিছোঁ। সিদ্ধান্ত মতে আমি পি জি আৰ-ভি জি আৰ ভূমিত বসবাস কৰাসকলৰ গাঁওসমূহৰ ১২গৰাকী গাঁওবুঢ়াক অপসাৰণ কৰোঁ।


ইয়াৰ পাছত পৰিষদৰ তৰফৰ পৰা পি জি আৰ-ভি জি আৰ ভূমিত বসবাস কৰাসকলক ১৫ দিনৰ ভিতৰত সেই স্থান ত্যাগ কৰিবলৈ জাননী জাৰি কৰিলোঁ। জাননী লাভ কৰি তাত বসবাস কৰা লোকসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন পি আই এল দাখিল কৰে। আমি পৰিষদৰ তৰফৰ পৰা এই গোচৰ জিকিবৰ বাবে প্রচেষ্টা লৈছোঁ যদিও গোচৰ চলি থকাৰ বাবে আমি উচ্ছেদ অভিযান চলাব পৰা নাই। ইয়াৰ মাজতে তেওঁলোকে অনশন আৰম্ভ কৰে। আমি তেওঁলোকক আলোচনাৰ বাবে আমন্ত্রণ জনাইছিলোঁ। কাৰণ আলোচনাৰ মাধ্যমেৰে সকলো সমস্যা সমাধান সম্ভৱ।' ৰংহাঙে উল্লেখ কৰে।


আলোচনাৰ প্ৰস্তাৱ লিখিত আকাৰে তেওঁলোকে বিচাৰিছিল আৰু আমি লিখিত আকাৰে প্ৰেৰণ কৰিছিলোঁ। আলোচনাৰ বাবে কালি বিয়লি ৪টা বজাত সময় নির্ধাৰণ কৰা হৈছিল। তেওঁলোক আলোচনালৈ নাহিল। ইয়াৰ মাজতে কালি পুৱা অনশনকাৰী কেইগৰাকীমানৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে তেওঁলোকক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। সেই কথাটোকে তেওঁলোকক গ্ৰেপ্তাৰ কৰি লৈ যোৱা হৈছে বুলি প্ৰচাৰ চলাত এই ঘটনা সংঘটিত হোৱা বুলি ৰংহাঙে দাবী কৰে। ইয়াৰ মাজতে একাংশ প্রতিবাদকাৰীয়ে ডংকামোকামস্থিত মোৰ বাসগৃহলৈ আহি মোৰ বাসগৃহটো টার্গেট কৰি লয়। ৰংহাঙে প্রতিবাদকাৰীসকলক আৱেদন জনাই কয়, 'মই স্থায়ী শান্তিৰ বাবে সকলো পক্ষকে আলোচনাৰ বাবে আমন্ত্রণ জনাইছোঁ। যিকোনো সমস্যা আলোচনাৰ মাধ্যমেৰেহে সম্ভৱ হয়।'


বাসগৃহত অগ্নি সংযোগৰ সময়ত তেওঁৰ পিতৃ থকা বাসগৃহটোত পিতৃৰ চিকিৎসাৰ বাবে গুৱাহাটীলৈ যোৱাৰ বাবে কেইগৰাকীমান লোকহে বাসগৃহটোত আছিল বুলি উল্লেখ কৰি দুটা বাসগৃহ অগ্নিত ক্ষতি হোৱা বুলি জানিবলৈ দিয়ে। গাঁৱৰ প্ৰায় ২০০ মানুহে প্ৰতিবাদকাৰীসকলক অগ্নি সংযোগৰ ক্ষেত্ৰত বাধা প্রদান কৰিছিল যদিও প্রতিবাদকাৰীসকলে সেই বাধা নামানিলে বুলি ৰংহাঙে জানিবলৈ দিয়ে। ৰংহাঙে কয়- ভুল বুজাবুজিৰ বাবে প্রতিবাদে হিংসাত্মক ৰূপ লয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু