--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃৰক্ষা বন্ধনৰ  সমাগত৷ ভাতৃ-ভগ্নীৰ মৰমৰ চানেকি দাঙি ধৰা ৰাখী বন্ধনৰ পূৰ্বে  প্ৰধানমন্ত্ৰী মোদীলৈ ভগ্নী কমৰ মহছিন শ্বেখে  পাকিস্তানৰ পৰাই প্ৰেণ কৰিছে ৰাখী৷ এই কথাই চিৰ বৈৰী ৰাষ্ট্ৰ দুখনৰ মাজত অলপ হ’লে সম্প্ৰীতিৰ বাৰ্তা বহন কৰিছে৷ মোদীলৈ প্ৰতি বছৰে পাকিস্তানত থকা তেওঁৰ ভগ্নী কমৰ মহছিন শ্বেখে ৰাখী প্ৰেৰণ কৰি আহিছে৷ 

কমৰ মহছিন শ্বেখে মোদীলৈ ৰাখীৰ লগতে এখন  পত্ৰও  লিখিছিল ,য'ত তেওঁ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে মোদীক  শুভেচ্ছা জনাইছে আৰু তেওঁৰ দীৰ্ঘজীৱন তথা  স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিছে। তেওঁ লিখিছে " মই আশা কৰোঁ তেওঁ (প্ৰধানমন্ত্ৰী মোদীয়ে) এইবাৰ মোক দিল্লীলৈ মাতিব। মই ইয়াৰ বাবে  সকলো প্ৰস্তুতি কৰিছো। মই ৰেশ্মী ব্যৱহাৰ কৰি নিজেই এই ৰাখী টো বনাইছিলো, এম্ব্ৰইডাৰী ডিজাইনৰ সৈতে ৰিবন লগাই," ।

কমৰে লগতে লিখিছে " কোনো সন্দেহ নাই, তেওঁ পুনৰ প্ৰধানমন্ত্ৰী হ'ব। তেওঁ ইয়াৰ যোগ্য কিয়নো তেওঁৰ সেই ক্ষমতা আছে আৰু মই তেওঁক প্ৰতিবাৰেই ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাটো কামনা কৰোঁ," । পাকিস্তানৰ এগৰাকী মহিলাই মোদীক এনেদৰে প্ৰশংসা কৰাটো নিঃসন্দেহে ভাৰতৰ বাবে এক ভাল লগা কথা৷ পাকিস্তানী বংশোদ্ভূত মহিলাগৰাকীয়ে দাবী কৰে যে যোৱা ২৪-২৫ বছৰ ধৰি তেওঁ মোদীক  সৈতে ৰাখী বান্ধি আহিছে৷  শ্ৰৱণমাহৰ হিন্দু চন্দ্ৰ বৰ্ষপঞ্জি মাহ, যি প্ৰায়ে আগষ্ট মাহত পৰে, এই সময়তে ৰাখী বন্ধনো হয়৷ । মোদীক পাকিস্তানৰ ভগ্নীয়ে ৰাখী প্ৰেৰণ কৰাৰ কথাক সকলোৱে প্ৰশংসা কৰিছে৷ 

কিন্তু ৰাহুল গান্ধী অথবা আন কোনো বিৰোধী দলৰ নেতালৈ যদি এনেদৰে পাকিস্তানৰ পৰা ৰাখী অথবা আন কোনো উপহাৰ সামগ্ৰী আহিলেহেঁতেন তেন্তে ইয়াক বিজেপিয়ে কেনেদৰে গ্ৰহণ কৰিলেহেঁতেন বুলি এতিয়া বহুতে চৰ্চা কৰা দেখা গৈছে৷ বহুতে কৈছে যে ৰাহুল অথবা আন বিৰোধী  নেতা পাকিস্তানৰ পৰা এনে উপহাৰ আহিলে হয়তো সমগ্ৰ বিষয়টোৰ সৈতে বিজেপিৰ সমৰ্থকে পাকিস্তানী লিংক দেখিবলৈ পালেহেঁতেন৷ যিকিনহওঁক, বহুতে কৰা এনে চৰ্চাৰ মাজতো ক’ব পাৰি যে পাক ভগ্নীয়ে মোদীলৈ ৰাখী প্ৰেণ কৰাটো এক ভাল লগা কথা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ