--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃৰক্ষা বন্ধনৰ  সমাগত৷ ভাতৃ-ভগ্নীৰ মৰমৰ চানেকি দাঙি ধৰা ৰাখী বন্ধনৰ পূৰ্বে  প্ৰধানমন্ত্ৰী মোদীলৈ ভগ্নী কমৰ মহছিন শ্বেখে  পাকিস্তানৰ পৰাই প্ৰেণ কৰিছে ৰাখী৷ এই কথাই চিৰ বৈৰী ৰাষ্ট্ৰ দুখনৰ মাজত অলপ হ’লে সম্প্ৰীতিৰ বাৰ্তা বহন কৰিছে৷ মোদীলৈ প্ৰতি বছৰে পাকিস্তানত থকা তেওঁৰ ভগ্নী কমৰ মহছিন শ্বেখে ৰাখী প্ৰেৰণ কৰি আহিছে৷ 

কমৰ মহছিন শ্বেখে মোদীলৈ ৰাখীৰ লগতে এখন  পত্ৰও  লিখিছিল ,য'ত তেওঁ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে মোদীক  শুভেচ্ছা জনাইছে আৰু তেওঁৰ দীৰ্ঘজীৱন তথা  স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিছে। তেওঁ লিখিছে " মই আশা কৰোঁ তেওঁ (প্ৰধানমন্ত্ৰী মোদীয়ে) এইবাৰ মোক দিল্লীলৈ মাতিব। মই ইয়াৰ বাবে  সকলো প্ৰস্তুতি কৰিছো। মই ৰেশ্মী ব্যৱহাৰ কৰি নিজেই এই ৰাখী টো বনাইছিলো, এম্ব্ৰইডাৰী ডিজাইনৰ সৈতে ৰিবন লগাই," ।

কমৰে লগতে লিখিছে " কোনো সন্দেহ নাই, তেওঁ পুনৰ প্ৰধানমন্ত্ৰী হ'ব। তেওঁ ইয়াৰ যোগ্য কিয়নো তেওঁৰ সেই ক্ষমতা আছে আৰু মই তেওঁক প্ৰতিবাৰেই ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাটো কামনা কৰোঁ," । পাকিস্তানৰ এগৰাকী মহিলাই মোদীক এনেদৰে প্ৰশংসা কৰাটো নিঃসন্দেহে ভাৰতৰ বাবে এক ভাল লগা কথা৷ পাকিস্তানী বংশোদ্ভূত মহিলাগৰাকীয়ে দাবী কৰে যে যোৱা ২৪-২৫ বছৰ ধৰি তেওঁ মোদীক  সৈতে ৰাখী বান্ধি আহিছে৷  শ্ৰৱণমাহৰ হিন্দু চন্দ্ৰ বৰ্ষপঞ্জি মাহ, যি প্ৰায়ে আগষ্ট মাহত পৰে, এই সময়তে ৰাখী বন্ধনো হয়৷ । মোদীক পাকিস্তানৰ ভগ্নীয়ে ৰাখী প্ৰেৰণ কৰাৰ কথাক সকলোৱে প্ৰশংসা কৰিছে৷ 

কিন্তু ৰাহুল গান্ধী অথবা আন কোনো বিৰোধী দলৰ নেতালৈ যদি এনেদৰে পাকিস্তানৰ পৰা ৰাখী অথবা আন কোনো উপহাৰ সামগ্ৰী আহিলেহেঁতেন তেন্তে ইয়াক বিজেপিয়ে কেনেদৰে গ্ৰহণ কৰিলেহেঁতেন বুলি এতিয়া বহুতে চৰ্চা কৰা দেখা গৈছে৷ বহুতে কৈছে যে ৰাহুল অথবা আন বিৰোধী  নেতা পাকিস্তানৰ পৰা এনে উপহাৰ আহিলে হয়তো সমগ্ৰ বিষয়টোৰ সৈতে বিজেপিৰ সমৰ্থকে পাকিস্তানী লিংক দেখিবলৈ পালেহেঁতেন৷ যিকিনহওঁক, বহুতে কৰা এনে চৰ্চাৰ মাজতো ক’ব পাৰি যে পাক ভগ্নীয়ে মোদীলৈ ৰাখী প্ৰেণ কৰাটো এক ভাল লগা কথা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ