--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুৰণি দিনৰ কথাবোৰে মাজে মাজে দোলা দি যায় সকলোৰে মনত। এইবাৰ এৰি অহা দিনৰ স্মৃতি ৰোমন্থন কৰিছে বলীউডৰ একচত্ৰী সম্ৰাট অমিতাভ বচ্চনে। নষ্টালজিয়াত ওপঙি উঠিল বলীউড শ্বেহেনশ্বাহ বিগ-বি। বলীউড কঁপোৱা ছবিখন মুক্তি পাইছিল সেই মাহৰ ১২ তাৰিখে। জিনাত আমানৰ বিপৰীতে বিগ-বিৰ ছবিখন চাবলৈ ছবিগৃহৰ সন্মুখত দেখিবলৈ পোৱা গৈছিল লানি নিছিগা দৰ্শকৰ সোঁত। অলপতে বলীউড শ্বেহেনশ্বাহে সেই সময়ৰ এখন ছবি শ্বেয়াৰ কৰিছে।

ছবিখনত দেখা গৈছে চিনেমা হলৰ সন্মুখত শাৰী পাতি থিয় হৈ থকা চলচ্চিত্ৰপ্ৰেমীৰ ভিৰ। বিগ-বিয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা আলোকচিত্ৰখন আচলতে ‘ডন’ ছবিৰ টিকটৰ লাইন। দীঘলীয়া শাৰীটো বন্দী হৈছে ক’লা আৰু বগা ফ্ৰেমত। অমিতাভ বচ্চনে ফটোখন শ্বেয়াৰ কৰি লিখিছে, ‘ৱ ভী কিয়া দিন থে।’ 

ছ’চিয়েল পোষ্টত তেওঁ লিখিছে, ‘ডন’ ছবিৰ এডভান্স বুকিং লাইন। এই শাৰী বহু মাইল আগুৱাই গৈছে। ১৯৭৮ চনত মুক্তি লাভ কৰিছিল এই ছবিখন। আজিৰ পৰা ৪৪ বছৰ আগেয়ে। সেই বছৰত আৰু কেইবাখনো ছবি মুকলি কৰা হৈছিল। যেনে- 'ডন', 'কছমে ৱাদে', 'ত্ৰিশূল', 'মুকদ্দৰ কা ছিকন্দৰ', 'গংগা কী সুগন্ধ'। বৰ্তমান পৰিস্থিতিত প্ৰযোজকসকলে দৰ্শকক আপ্লুত কৰাত ব্যৰ্থ হৈছে। ইখনৰ পিছত সিখন ছবি যেনে ‘সম্ৰাট পৃথ্বীৰাজ’, ‘ধাকাড়’, ‘বচ্চন পাণ্ডে’-ৰ দৰে ইখনৰ পাছত সিখন ছবি ব’ক্স অফিছত স্থান লাভ কৰিছে। এমে এক কঠিন সময়ত সোণালী দিনৰ স্মৃতিত যেন ডুব গৈছে বিগ-বি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ