--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুদিন অকলে আছিল। এইবাৰ প্ৰেমিক নহ'লে নোহোৱা হৈছে তেওঁৰ। গতিকে কিম কাৰ্দাছিয়ানে পুনৰ ‘ডেটিং’ কৰিবলৈ সাজু হৈছে।

যোৱা বছৰৰ আগষ্ট মাহত প্ৰাক্তন প্ৰেমিক তথা কমেডিয়ান পিট ডেভিডছনৰ সৈতে ব্ৰেকআপ কৰিছিল। ৯ মাহ ধৰি পিটৰ সৈতে সম্পৰ্কত আছিল অভিনেত্ৰীগৰাকী। চাৰিটা সন্তানৰ মাতৃও হৈছে কিম।

এইবাৰ নতুন প্ৰেমিকৰ সন্ধানত আছে কিম। কিন্তু সাৱধানতাৰে এই সন্ধান আৰম্ভ কৰিছে তেওঁ। কেনেকুৱা পুৰুষক তেওঁ ভাল পায়? কিমে উদ্যোগটোত নথকা কোনোবা এজনৰ লগত ডেটিং কৰাৰ সিদ্ধান্ত লৈছে।

ইয়াৰ পূৰ্বে কিমে তিনিবাৰকৈ বিবাহপাশত আবদ্ধ হৈছিল। ৰেপাৰ কেনি ৱেষ্টৰ সৈতে তেওঁৰ বিবাহ হৈছিল। চাৰিটা সন্তানৰ মাতৃ হৈছিল।

শেহতীয়াকৈ তেওঁ কয় যে তেওঁ পুনৰ বিয়া হ’ব বিচাৰে। সন্তান জন্ম দিয়াৰো ইচ্ছা তেওঁৰ। কিমে লগতে কয়, ''চতুৰ্থখন বিবাহ মোৰ বাবে ভাল হ’ব। কিন্তু তৃতীয় বিয়াখনেই আছিল মোৰ প্ৰথম প্ৰকৃত বিবাহ। তাৰ আগৰ দুখন বিয়া কেনেকৈ হৈছিল মই বুজিব পৰা নাছিলো।"

২০০২ চনত সংগীত প্ৰযোজক ডেমন থমাছৰ সৈতে তেওঁৰ বিবাহ হয়। ২০০৪ চনলৈকে তেওঁ সেই সম্পৰ্কত আছিল। পিছৰ বিয়াখন মাত্ৰ কেইদিনমানহে চলিল। কিমে সোনকালে পুনৰ বিয়া হ’ব বিচাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ