--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘নীট’ বিধেয়কক লৈ উত্তাল হৈ পৰিছে তামিলনাডু৷ বিপৰীত মেৰুত অৱস্থান ৰাজ্যপাল আৰু ৰাজ্য চৰকাৰৰ৷ তামিলনাডুৰ ৰাজ্যপাল আৰ.এন. ৰবিয়ে বিধানসভাৰ অধ্যক্ষৰ ওচৰলৈ স্নাতক চিকিৎসা ডিগ্ৰী পাঠ্যক্ৰমৰ বাবে এনইইটি-আধাৰিত নামভৰ্তি সম্পৰ্কীয় এখন বিধেয়ক ঘূৰাই দিছে৷ ৰাজ্যখনৰ ৰাজভৱনে এই তথ্য সদৰি কৰিছে৷ যোৱা বছৰৰ ছেপ্টেম্বৰত বিধানসভাৰ দ্বাৰা গৃহীত নীটৰ বিধেয়কখনে শিক্ষাৰ্থীসকলক +২ নম্বৰৰ আধাৰত স্নাতক চিকিৎসা ডিগ্ৰীৰ বাবে নামভৰ্তিৰ সুযোগ প্ৰদান কৰিছিল। এনইইটিৰ পৰা ৰাজ্যৰ বাবে ৰেহাই বিচৰা বিধেয়কখনৰ এক বিতং অধ্যয়ন আৰু এই সন্দৰ্ভত ৰাজ্য চৰকাৰে গঠন কৰা উচ্চ-পৰ্যায়ৰ সমিতিৰ প্ৰতিবেদনৰ পিছত ৰাজ্যপালগৰাকীয়ে এই মত পোষণ কৰিছিল যে বিধেয়কখন ৰাজ্যখনৰ গ্ৰাম্য আৰু অৰ্থনৈতিকভাৱে দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ শিক্ষাৰ্থীসকলৰ স্বাৰ্থৰ বিৰোধী৷ সেয়েহে, ৰাজ্যপালে বিধেয়কখন বিগত ১ ফেব্ৰুৱাৰীত তামিলনাডু বিধানসভাৰ অধ্যক্ষক ঘূৰাই পঠিয়াইছে৷ উচ্চতম ন্যায়ালয়েও বিষয়টো বিশেষভাৱে সামাজিক ন্যায়ৰ দৃষ্টিকোণৰ পৰা পৰীক্ষা কৰিছে৷ ইপিনে, ৰাজভৱনৰ বিজ্ঞপ্তি প্ৰকাশৰ কেইঘণ্টামানৰ ভিতৰতে তামিলনাডু চৰকাৰে কয় যে তেওঁলোকে পুনৰ বিধানসভাত একেখন বিধেয়ক গৃহীত কৰাৰ বাবে পদক্ষেপ ল’ব। এই সন্দৰ্ভত গ্ৰহণ কৰিবলগা পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰিবলৈ চৰকাৰে সচিবালয়ত এখন সৰ্বদলীয় বৈঠকো আহ্বান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক