--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘নীট’ বিধেয়কক লৈ উত্তাল হৈ পৰিছে তামিলনাডু৷ বিপৰীত মেৰুত অৱস্থান ৰাজ্যপাল আৰু ৰাজ্য চৰকাৰৰ৷ তামিলনাডুৰ ৰাজ্যপাল আৰ.এন. ৰবিয়ে বিধানসভাৰ অধ্যক্ষৰ ওচৰলৈ স্নাতক চিকিৎসা ডিগ্ৰী পাঠ্যক্ৰমৰ বাবে এনইইটি-আধাৰিত নামভৰ্তি সম্পৰ্কীয় এখন বিধেয়ক ঘূৰাই দিছে৷ ৰাজ্যখনৰ ৰাজভৱনে এই তথ্য সদৰি কৰিছে৷ যোৱা বছৰৰ ছেপ্টেম্বৰত বিধানসভাৰ দ্বাৰা গৃহীত নীটৰ বিধেয়কখনে শিক্ষাৰ্থীসকলক +২ নম্বৰৰ আধাৰত স্নাতক চিকিৎসা ডিগ্ৰীৰ বাবে নামভৰ্তিৰ সুযোগ প্ৰদান কৰিছিল। এনইইটিৰ পৰা ৰাজ্যৰ বাবে ৰেহাই বিচৰা বিধেয়কখনৰ এক বিতং অধ্যয়ন আৰু এই সন্দৰ্ভত ৰাজ্য চৰকাৰে গঠন কৰা উচ্চ-পৰ্যায়ৰ সমিতিৰ প্ৰতিবেদনৰ পিছত ৰাজ্যপালগৰাকীয়ে এই মত পোষণ কৰিছিল যে বিধেয়কখন ৰাজ্যখনৰ গ্ৰাম্য আৰু অৰ্থনৈতিকভাৱে দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ শিক্ষাৰ্থীসকলৰ স্বাৰ্থৰ বিৰোধী৷ সেয়েহে, ৰাজ্যপালে বিধেয়কখন বিগত ১ ফেব্ৰুৱাৰীত তামিলনাডু বিধানসভাৰ অধ্যক্ষক ঘূৰাই পঠিয়াইছে৷ উচ্চতম ন্যায়ালয়েও বিষয়টো বিশেষভাৱে সামাজিক ন্যায়ৰ দৃষ্টিকোণৰ পৰা পৰীক্ষা কৰিছে৷ ইপিনে, ৰাজভৱনৰ বিজ্ঞপ্তি প্ৰকাশৰ কেইঘণ্টামানৰ ভিতৰতে তামিলনাডু চৰকাৰে কয় যে তেওঁলোকে পুনৰ বিধানসভাত একেখন বিধেয়ক গৃহীত কৰাৰ বাবে পদক্ষেপ ল’ব। এই সন্দৰ্ভত গ্ৰহণ কৰিবলগা পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰিবলৈ চৰকাৰে সচিবালয়ত এখন সৰ্বদলীয় বৈঠকো আহ্বান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম