--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ বৰ্দ্ধিত জনসংখ্যা নিয়ন্ত্ৰণত ৰাখিবলৈ ৰাজ্যসভাত এখন বিধেয়ক উত্থাপন কৰা হৈছে। বিধেয়কখন শুক্ৰবাৰে সংসদৰ উচ্চ সদনত সাংসদ ৰাকেশ সিনহাই উত্থাপন কৰিছিল। তেওঁৰ মতে, দেশৰ উন্নয়নৰ স্বাৰ্থত জনসংখ্যা নিয়ন্ত্ৰণ কৰাটো খুবেই প্ৰয়োজন। নিৰন্তৰভাৱে জনসংখ্যা বিস্ফোৰণে সামাজিক, অৰ্থনৈতিক আৰু আন বহুতো ৰাষ্ট্ৰীয় সমস্যাৰ সৃষ্টি কৰিছে। সেয়েহে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ, এই সন্দৰ্ভত তৎক্ষণাৎ এখন আইন গৃহীত কৰিব লাগে। অৱশ্যে, ৰাজ্যসভাত বিধেয়কখন উত্থাপন হোৱাৰ লগে লগে ৰাকেশে বিৰোধিতাৰ সন্মুখীন হ'ব লগা হৈছিল। কংগ্ৰেছৰ সাংসদ আমি য়াজনীকে প্ৰথমতে বিধেয়কখনৰ বিৰুদ্ধে সৰৱ হৈছিল। তেওঁ কৈছিল যে বিধেয়কখন দেশৰ কেৱল এটা সম্প্ৰদায়ৰ লক্ষ্য কৰি অনা হৈছে। কংগ্ৰেছৰ লগতে, ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগেও বিধেয়কখনৰ বিৰোধিতা কৰিছে, লগতে বিৰোধীয়ে বিলখন ভোট বেংকৰ ৰাজনীতিৰ বাবে অনা হৈছে বুলি অভিযোগ উত্থাপন হৈছে। ৰাকেশ সিনহাই বিধেয়কখনক লৈ কংগ্ৰেছক কঠোৰ ভাষাত সমালোচনা কৰিছিল। "দৰাচলতে, কংগ্ৰেছ দলে কেৱল এটা সম্প্ৰদায়ক লৈ ভোট বেংকৰ বাবে জীয়াই আছে। কথাৰ প্ৰসংগত ৰাকেশে ভাৰতত মুছলমান সম্প্ৰদায়ৰ জনসংখ্যা বৃদ্ধিৰ কথাও উল্লেখ কৰে। "বিভাজনৰ পিছৰ পৰা, ভাৰতত মুছলমান জনসংখ্যা হিন্দুসকলৰ তুলনাত দ্ৰুত হাৰত বৃদ্ধি পাইছে। এইটো সঁচা যে ১৯৫১ চনত, ভাৰতৰ মুছলমান জনসংখ্যা আছিল মাত্ৰ ৯ শতাংশ। আজি তাৰিখত ই ১৪ শতাংশলৈ বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে, ১৯৫১ চনত দেশৰ হিন্দু জনসংখ্যা আছিল ৮৪ শতাংশ। এতিয়া এই সংখ্যা ৭৯ শতাংশলৈ হ্ৰাস পাইছে। আমি হিন্দু সম্প্ৰদায়ক উৎসাহিতে কৰিব লাগে যে, তেওঁলোকৰ হ্ৰাস হোৱা জনসংখ্যা যাতে বৃদ্ধি হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র