--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ বৰ্দ্ধিত জনসংখ্যা নিয়ন্ত্ৰণত ৰাখিবলৈ ৰাজ্যসভাত এখন বিধেয়ক উত্থাপন কৰা হৈছে। বিধেয়কখন শুক্ৰবাৰে সংসদৰ উচ্চ সদনত সাংসদ ৰাকেশ সিনহাই উত্থাপন কৰিছিল। তেওঁৰ মতে, দেশৰ উন্নয়নৰ স্বাৰ্থত জনসংখ্যা নিয়ন্ত্ৰণ কৰাটো খুবেই প্ৰয়োজন। নিৰন্তৰভাৱে জনসংখ্যা বিস্ফোৰণে সামাজিক, অৰ্থনৈতিক আৰু আন বহুতো ৰাষ্ট্ৰীয় সমস্যাৰ সৃষ্টি কৰিছে। সেয়েহে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ, এই সন্দৰ্ভত তৎক্ষণাৎ এখন আইন গৃহীত কৰিব লাগে। অৱশ্যে, ৰাজ্যসভাত বিধেয়কখন উত্থাপন হোৱাৰ লগে লগে ৰাকেশে বিৰোধিতাৰ সন্মুখীন হ'ব লগা হৈছিল। কংগ্ৰেছৰ সাংসদ আমি য়াজনীকে প্ৰথমতে বিধেয়কখনৰ বিৰুদ্ধে সৰৱ হৈছিল। তেওঁ কৈছিল যে বিধেয়কখন দেশৰ কেৱল এটা সম্প্ৰদায়ৰ লক্ষ্য কৰি অনা হৈছে। কংগ্ৰেছৰ লগতে, ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগেও বিধেয়কখনৰ বিৰোধিতা কৰিছে, লগতে বিৰোধীয়ে বিলখন ভোট বেংকৰ ৰাজনীতিৰ বাবে অনা হৈছে বুলি অভিযোগ উত্থাপন হৈছে। ৰাকেশ সিনহাই বিধেয়কখনক লৈ কংগ্ৰেছক কঠোৰ ভাষাত সমালোচনা কৰিছিল। "দৰাচলতে, কংগ্ৰেছ দলে কেৱল এটা সম্প্ৰদায়ক লৈ ভোট বেংকৰ বাবে জীয়াই আছে। কথাৰ প্ৰসংগত ৰাকেশে ভাৰতত মুছলমান সম্প্ৰদায়ৰ জনসংখ্যা বৃদ্ধিৰ কথাও উল্লেখ কৰে। "বিভাজনৰ পিছৰ পৰা, ভাৰতত মুছলমান জনসংখ্যা হিন্দুসকলৰ তুলনাত দ্ৰুত হাৰত বৃদ্ধি পাইছে। এইটো সঁচা যে ১৯৫১ চনত, ভাৰতৰ মুছলমান জনসংখ্যা আছিল মাত্ৰ ৯ শতাংশ। আজি তাৰিখত ই ১৪ শতাংশলৈ বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে, ১৯৫১ চনত দেশৰ হিন্দু জনসংখ্যা আছিল ৮৪ শতাংশ। এতিয়া এই সংখ্যা ৭৯ শতাংশলৈ হ্ৰাস পাইছে। আমি হিন্দু সম্প্ৰদায়ক উৎসাহিতে কৰিব লাগে যে, তেওঁলোকৰ হ্ৰাস হোৱা জনসংখ্যা যাতে বৃদ্ধি হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক