--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰাটো যেন অভ্যাসত পৰিণত হৈছে বলীউড অভিনেত্ৰী কংগনা ৰাণাৱটৰ। দেশৰ স্বাধীনতাক লৈ এবাৰ তীৰ্যক মন্তব্য কৰাৰ পাছত জাতিৰ পিতা মহাত্মা গান্ধীকো আক্ৰমণৰ লক্ষ্য কৰি লৈছিল কংগনাই। দেশজুৰি ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। মহাত্মা গান্ধীৰ অহিংস নীতিক চৰম তাচ্চিল্য কৰি পুনৰ বিতৰ্কত সোমাই পৰিল কংগনা

মহাত্মা গান্ধীৰ এটি জনপ্ৰিয় নীতি হ’ল-''তোমাক যদি এখন গালত কোনোবাই চৰ মাৰে তেন্তে আনখন গালো পাতি দিবা।'' এই নীতিৰে বাপুজীয়ে মানুহক অহিংসাৰ শিক্ষা দিছিল। মঙলবাৰে ‘অহিংসা পৰম ধৰ্ম’ক তাচ্চিল্য কৰি কংগনাই কয় যে, ''আনখন গাল পাতি দিলে ভিক্ষাহে পাই স্বাধীনতা নাপায়৷ ১৯৪৭ চনত দেশে লাভ কৰা স্বাধীনতা ব্ৰিটিছে দিয়া ভিক্ষা আছিল৷ মহাত্মা গান্ধীয়ে আমাক শিকাইছিল যে, কোনোবাই এখন গালত চৰ মাৰিলে আনখন গাল পাতি দিব লাগে৷ এইদৰেই স্বাধীনতা পোৱাতো অসম্ভৱ৷ এনেকৈ কোনেও স্বাধীনতা পাব নোৱাৰে, ভিক্ষাহে পাব৷''

এনে বিতৰ্কিত মন্তব্যৰে শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ প্ৰিয়ভাজন হ’বলৈ চেষ্টা কৰি থকা কংগনা ৰাণাৱটৰ পৰা সন্মানীয় পদ্মশ্ৰী সন্মান ঘূৰাই ল’বলৈও দাবী জনায় বহুলোকে। বিতৰ্কিত মন্তব্যৰে বাপুজীক অপমান কৰি সম্প্ৰতি চৰ্চাৰ শীৰ্ষত থকা কংগনা ৰাণাৱটক উচিত প্ৰত্যুত্তৰ দিছে মহাত্মা গান্ধীৰ নাতি তুষাৰ গান্ধীয়ে।

আৰু পঢ়কঃ ১৪৪০ চনৰ পাছত আজি হ’ব বিৰল চন্দ্ৰগ্ৰহণ; কেতিয়া, ক’ত দেখা যাব?

তুষাৰ গান্ধীয়ে কয় যে “আন এখন গাল আগবঢ়াই দিবলৈ ভয়াতুৰৰ সাহস নাই, ইয়াৰ বাবে অনেক সাহসৰ প্ৰয়োজন হয়। গান্ধীজীয়ে আন এখন গাল আগবঢ়াই দিবলৈ কোৱা কথাৰ আঁৰত যি বীৰত্ব লুকাই আছে, সেই বীৰত্ব অনুভৱ কৰাৰ ক্ষমতা নাই একাংশ লোকৰ। তেওঁলোকে কেতিয়াও এই বীৰত্ব বুজি নাপাব। কিন্তু সেই সময়ৰ ভাৰতীয়সকলৰ এই বীৰত্ব বুজি পোৱাৰ প্ৰতিভা আছিল। আচলতে তেওঁলোক সকলো একোজন নায়ক আছিল।ইংলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে বাপুজীক অৰ্ধনগ্ন ভিক্ষাৰী বুলি ইতিকিং কৰিছিল। অৱশেষত কিন্তু ভাৰতৰ ব্ৰিটিছ ৰাজে সেই ফকীৰৰ ওচৰতে আত্মসমৰ্পণ কৰে।”তুষাৰ গান্ধীৰ এই মন্তব্য এতিয়া চৰ্চিত হৈ পৰিছে। কংগনাই ইয়াৰ উত্তৰ কেনেকৈ দিয়ে সেয়াহে হ'ব লক্ষ্যণীয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন