--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰাটো যেন অভ্যাসত পৰিণত হৈছে বলীউড অভিনেত্ৰী কংগনা ৰাণাৱটৰ। দেশৰ স্বাধীনতাক লৈ এবাৰ তীৰ্যক মন্তব্য কৰাৰ পাছত জাতিৰ পিতা মহাত্মা গান্ধীকো আক্ৰমণৰ লক্ষ্য কৰি লৈছিল কংগনাই। দেশজুৰি ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। মহাত্মা গান্ধীৰ অহিংস নীতিক চৰম তাচ্চিল্য কৰি পুনৰ বিতৰ্কত সোমাই পৰিল কংগনা

মহাত্মা গান্ধীৰ এটি জনপ্ৰিয় নীতি হ’ল-''তোমাক যদি এখন গালত কোনোবাই চৰ মাৰে তেন্তে আনখন গালো পাতি দিবা।'' এই নীতিৰে বাপুজীয়ে মানুহক অহিংসাৰ শিক্ষা দিছিল। মঙলবাৰে ‘অহিংসা পৰম ধৰ্ম’ক তাচ্চিল্য কৰি কংগনাই কয় যে, ''আনখন গাল পাতি দিলে ভিক্ষাহে পাই স্বাধীনতা নাপায়৷ ১৯৪৭ চনত দেশে লাভ কৰা স্বাধীনতা ব্ৰিটিছে দিয়া ভিক্ষা আছিল৷ মহাত্মা গান্ধীয়ে আমাক শিকাইছিল যে, কোনোবাই এখন গালত চৰ মাৰিলে আনখন গাল পাতি দিব লাগে৷ এইদৰেই স্বাধীনতা পোৱাতো অসম্ভৱ৷ এনেকৈ কোনেও স্বাধীনতা পাব নোৱাৰে, ভিক্ষাহে পাব৷''

এনে বিতৰ্কিত মন্তব্যৰে শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ প্ৰিয়ভাজন হ’বলৈ চেষ্টা কৰি থকা কংগনা ৰাণাৱটৰ পৰা সন্মানীয় পদ্মশ্ৰী সন্মান ঘূৰাই ল’বলৈও দাবী জনায় বহুলোকে। বিতৰ্কিত মন্তব্যৰে বাপুজীক অপমান কৰি সম্প্ৰতি চৰ্চাৰ শীৰ্ষত থকা কংগনা ৰাণাৱটক উচিত প্ৰত্যুত্তৰ দিছে মহাত্মা গান্ধীৰ নাতি তুষাৰ গান্ধীয়ে।

আৰু পঢ়কঃ ১৪৪০ চনৰ পাছত আজি হ’ব বিৰল চন্দ্ৰগ্ৰহণ; কেতিয়া, ক’ত দেখা যাব?

তুষাৰ গান্ধীয়ে কয় যে “আন এখন গাল আগবঢ়াই দিবলৈ ভয়াতুৰৰ সাহস নাই, ইয়াৰ বাবে অনেক সাহসৰ প্ৰয়োজন হয়। গান্ধীজীয়ে আন এখন গাল আগবঢ়াই দিবলৈ কোৱা কথাৰ আঁৰত যি বীৰত্ব লুকাই আছে, সেই বীৰত্ব অনুভৱ কৰাৰ ক্ষমতা নাই একাংশ লোকৰ। তেওঁলোকে কেতিয়াও এই বীৰত্ব বুজি নাপাব। কিন্তু সেই সময়ৰ ভাৰতীয়সকলৰ এই বীৰত্ব বুজি পোৱাৰ প্ৰতিভা আছিল। আচলতে তেওঁলোক সকলো একোজন নায়ক আছিল।ইংলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে বাপুজীক অৰ্ধনগ্ন ভিক্ষাৰী বুলি ইতিকিং কৰিছিল। অৱশেষত কিন্তু ভাৰতৰ ব্ৰিটিছ ৰাজে সেই ফকীৰৰ ওচৰতে আত্মসমৰ্পণ কৰে।”তুষাৰ গান্ধীৰ এই মন্তব্য এতিয়া চৰ্চিত হৈ পৰিছে। কংগনাই ইয়াৰ উত্তৰ কেনেকৈ দিয়ে সেয়াহে হ'ব লক্ষ্যণীয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?