--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৱা হয় যে ছ'চিয়েল মিডিয়াৰ যুগত এখন ফটোৱে আপোনাৰ জীৱনৰ ৰং সলনি কৰিব পাৰে। এখন মেলাত বেলুন বিক্ৰী কৰা এজনী ছোৱালীৰ ফটোৱে ছ'চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে। সাধাৰণ ছোৱালীজনীৰ মেকঅ'ভাৰ ফটোবোৰ এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। কেৰালাৰ পায়ান্নুৰৰ ফটোগ্ৰাফাৰ অৰ্জুন কৃষ্ণনে কান্নুৰ আন্দাললুৰ্কাভু উৎসৱত এই বেলুন বিক্ৰেতা ছোৱালীজনীক দেখিছিল। যুৱতীগৰাকীৰ নাম কিশ্ববো মোল। বাল্যকালতে পিতৃক হেৰুৱাই নিথৰুৱা হৈ পৰিছিল কিশ্ববো। তাৰ পাছৰে পৰা পেটৰ ভোক মাৰিবৰ বাবে ৰাস্তাত বেলুন বিক্ৰী কৰিবলৈ ধৰে কিশ্ববোৱে। BFC_ কিশ্ববোৰ মাজত এগৰাকী মডেলৰ সৌন্দৰ্য দেখা পাইছিল ফটোগ্ৰাফাৰ অৰ্জুন কৃষ্ণনে। বেলুন বিক্ৰী কৰি থকা সময়ত সাধাৰণ কাপোৰতো এক বিশেষ ধৰণৰ আকৰ্ষণ আছিল কিশ্ববোৰ। অৰ্জুন কৃষ্ণনে কিশ্ববোৰ কেইবাখনো ফটো তুলে আৰু ছ'চিয়েল মিডিয়াত প'ষ্ট কৰে। এই ফটোবোৰে নেটিজেনৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰে। ইয়াৰ ঠিক পাছতে অৰ্জুনে কিশ্ববোক মেকঅ'ভাৰ ফটো চেছন কৰিবলৈ মাতি আনে। ষ্টাইলিষ্ট ৰেমিয়াৰ সহায়ত অৰ্জুনে কিশ্ববোৰ কিছুমান মৰমলগা ফটো শ্বুট কৰিছিল। ৰেমিয়াই কিশ্ববোক কেৰালা ছেট মুণ্ডু আৰু পৰম্পৰাগত গহনাৰ সৈতে এক আকৰ্ষণীয় মালায়ালী মেকঅ'ভাৰ দিছিল। কিশ্ববোৰ মেকঅ'ভাৰ ফটো ছ'চিয়েল মিডিয়াত উচ্চ প্ৰশংসিত হয়। বৰ্তমান যুৱতীগৰাকীয়ে মডেলিঙৰ বহুতো প্ৰস্তাৱ পাইছে। অৰ্জুন এজন ফ্ৰিলান্স বিবাহৰ ফটোগ্ৰাফাৰ। ১৫ বছৰ ধৰি তেওঁ এই কাম কৰি আছে।   এই ফটোশ্বুটৰ পাছত অৰ্জুন কৃষ্ণনো যথেষ্ট প্ৰশংসিত হয়। অৰ্জুন এটা কথাত আনন্দিত যে তেওঁৰ ফটোগ্ৰাফীৰ দ্বাৰা কাৰোবাৰ জীৱনত অলপ হ'লেও পৰিৱৰ্তন আনিব পাৰিছে। উল্লেখ্য যে কিছুদিন পূৰ্বে এগৰাকী সাধাৰণ শ্ৰমিকক মেকঅ'ভাৰ কৰি সুন্দৰ সাজপাৰ পৰিধান,সুন্দৰ কেশ সজ্জা তথা দাড়িৰ ষ্টাইল কৰায় উঠোৱা ফটো ধুমুহা গতিত ভাইৰেল হৈ পৰিছিল ছ'চিয়েল মিডিয়াত। আৰু পঢ়কঃ প্ৰেমিকৰ সৈতে বান্ধৱীক চিনাকি কৰাই দিছিল প্ৰেমিকাই! বান্ধৱীক লৈ পলাল প্ৰেমিক

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত