--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৱা হয় যে ছ'চিয়েল মিডিয়াৰ যুগত এখন ফটোৱে আপোনাৰ জীৱনৰ ৰং সলনি কৰিব পাৰে। এখন মেলাত বেলুন বিক্ৰী কৰা এজনী ছোৱালীৰ ফটোৱে ছ'চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে। সাধাৰণ ছোৱালীজনীৰ মেকঅ'ভাৰ ফটোবোৰ এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। কেৰালাৰ পায়ান্নুৰৰ ফটোগ্ৰাফাৰ অৰ্জুন কৃষ্ণনে কান্নুৰ আন্দাললুৰ্কাভু উৎসৱত এই বেলুন বিক্ৰেতা ছোৱালীজনীক দেখিছিল। যুৱতীগৰাকীৰ নাম কিশ্ববো মোল। বাল্যকালতে পিতৃক হেৰুৱাই নিথৰুৱা হৈ পৰিছিল কিশ্ববো। তাৰ পাছৰে পৰা পেটৰ ভোক মাৰিবৰ বাবে ৰাস্তাত বেলুন বিক্ৰী কৰিবলৈ ধৰে কিশ্ববোৱে। BFC_ কিশ্ববোৰ মাজত এগৰাকী মডেলৰ সৌন্দৰ্য দেখা পাইছিল ফটোগ্ৰাফাৰ অৰ্জুন কৃষ্ণনে। বেলুন বিক্ৰী কৰি থকা সময়ত সাধাৰণ কাপোৰতো এক বিশেষ ধৰণৰ আকৰ্ষণ আছিল কিশ্ববোৰ। অৰ্জুন কৃষ্ণনে কিশ্ববোৰ কেইবাখনো ফটো তুলে আৰু ছ'চিয়েল মিডিয়াত প'ষ্ট কৰে। এই ফটোবোৰে নেটিজেনৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰে। ইয়াৰ ঠিক পাছতে অৰ্জুনে কিশ্ববোক মেকঅ'ভাৰ ফটো চেছন কৰিবলৈ মাতি আনে। ষ্টাইলিষ্ট ৰেমিয়াৰ সহায়ত অৰ্জুনে কিশ্ববোৰ কিছুমান মৰমলগা ফটো শ্বুট কৰিছিল। ৰেমিয়াই কিশ্ববোক কেৰালা ছেট মুণ্ডু আৰু পৰম্পৰাগত গহনাৰ সৈতে এক আকৰ্ষণীয় মালায়ালী মেকঅ'ভাৰ দিছিল। কিশ্ববোৰ মেকঅ'ভাৰ ফটো ছ'চিয়েল মিডিয়াত উচ্চ প্ৰশংসিত হয়। বৰ্তমান যুৱতীগৰাকীয়ে মডেলিঙৰ বহুতো প্ৰস্তাৱ পাইছে। অৰ্জুন এজন ফ্ৰিলান্স বিবাহৰ ফটোগ্ৰাফাৰ। ১৫ বছৰ ধৰি তেওঁ এই কাম কৰি আছে।   এই ফটোশ্বুটৰ পাছত অৰ্জুন কৃষ্ণনো যথেষ্ট প্ৰশংসিত হয়। অৰ্জুন এটা কথাত আনন্দিত যে তেওঁৰ ফটোগ্ৰাফীৰ দ্বাৰা কাৰোবাৰ জীৱনত অলপ হ'লেও পৰিৱৰ্তন আনিব পাৰিছে। উল্লেখ্য যে কিছুদিন পূৰ্বে এগৰাকী সাধাৰণ শ্ৰমিকক মেকঅ'ভাৰ কৰি সুন্দৰ সাজপাৰ পৰিধান,সুন্দৰ কেশ সজ্জা তথা দাড়িৰ ষ্টাইল কৰায় উঠোৱা ফটো ধুমুহা গতিত ভাইৰেল হৈ পৰিছিল ছ'চিয়েল মিডিয়াত। আৰু পঢ়কঃ প্ৰেমিকৰ সৈতে বান্ধৱীক চিনাকি কৰাই দিছিল প্ৰেমিকাই! বান্ধৱীক লৈ পলাল প্ৰেমিক

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন