--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৱল দক্ষিণৰেই নহয় বলীউডৰ এগৰাকী বিখ্যাত অভিনেত্ৰী শ্ৰুতি হাছান। অসমৰ শান্তনু হাজৰিকাৰ সৈতে বিগত ৩ বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছে শ্ৰুতি৷ শান্তনুৰ সৈতে প্ৰায়ে ছ'চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰে শ্ৰুতি হাছানে৷ কিছুদিনৰ পৰা সংবাদ মাধ্যমৰ বাতৰিত শান্তনুৰ সৈতে শ্ৰুতি হাছানৰ বিবাহ সন্দৰ্ভত চৰ্চা চলি আছে। এই খবৰ সম্পূৰ্ণ মিছা আখ্যা দি ৩৭ বছৰীয়া শ্ৰুতিয়ে স্পষ্ট কৰি দিয়ে যে প্ৰেমৰ সম্পৰ্কত আছে যদিও তেওঁ বিয়া শব্দটোক বহুত ভয় কৰে, সেয়েহে তেওঁৰ বিয়া হোৱাৰ কোনো উদ্দেশ্য নাই। 

২০২০ চনৰ পৰা শান্তনু হাজৰিকাৰ লগত শ্ৰুতিয়ে ডেটিং কৰি আছে যদিও বিয়াৰ কথা কেতিয়াও ভবা নাই। শেহতীয়া এক সাক্ষাৎকাৰত শ্ৰুতিয়ে কয় যে "মই আৰু শান্তনুৱে ইজনে সিজনক সকলো দিশতো সমৰ্থন কৰো কিন্তু মোৰ বিয়াৰ কথা ভাবিবলৈও মন নাযায়। আমি যে ইজনে সিজনক সমৰ্থন কৰি আছো সেয়া বিবাহতকৈ ভাল নহয়নে?" 

শ্ৰুতিয়ে লগতে কয় যে "বিবাহৰ কথাই মোক ভয় খুৱায়। মোৰ ভাবিবলৈও মন নাযায়। মোৰ প্ৰেমিকৰ লগত মই বৰ সুখী। মই তেওঁৰ সহযোগত ভাল কাম কৰি আছোঁ। আমি দুয়ো সদায় ইজনে সিজনৰ লগত থাকোঁ আৰু বেয়া সময়ত ইজনে সিজনক সহায় কৰো। আপোনাৰ সংগ্ৰামৰ সময়ত যেতিয়া কোনোবা আপোনাৰ লগত থাকে তেতিয়া বৰ ভাল লাগে, অকলশৰীয়াকৈ যুদ্ধ কৰি থকাতকৈ কোনো এজন লগত থকাটো ভাল। আমি একলগে যিবোৰ শ্বেয়াৰ কৰি আছো তাতকৈ কিবা ভাল আছে বুলি মই নাভাবো।"

প্ৰেমিকৰ কথা কওঁতে শ্ৰুতিয়ে আৰু কয়, "কৰ্মক্ষেত্ৰত আমি দুয়োজনেই অতি অনুশাসিত। কিন্তু আমাৰ ব্যক্তিত্ব দুয়োজনৰে সম্পূৰ্ণ বেলেগ। মই সদায় চিন্তিত হৈ থাকো আৰু কামটো সম্পূৰ্ণ হোৱাটো বিচাৰো কিন্তু তেওঁ অতি শান্ত আৰু শিথিল। মই সদায় নাৰ্ভাছ হওঁ আৰু তেওঁ মোক সদায় শান্ত কৰে। গতিকে আমি ইজনে সিজনৰ ভাৰসাম্য ৰক্ষা কৰি থাকোঁ।"

উল্লেখ্য যে বিখ্যাত অভিনেতা কমল হাছান আৰু ছাৰিকাৰ কন্যা শ্ৰুতি হাছান। কমল হাছানৰ সৈতে বিয়াত বহাৰ পূৰ্বেই ছাৰিকা গৰ্ভৱতী হোৱাত শ্ৰুতিৰ জন্ম হয়। তাৰপাছত কমল হাছানে প্ৰথম পত্নীক বিবাহ বিচ্ছেদ কৰি ছাৰিকাক বিয়া কৰায়। বিয়াৰ পিছত ছাৰিকাই দ্বিতীয় কন্যাও জন্ম দিয়ে। কিন্তু কেইবছৰমানৰ পাছত কমল আৰু ছাৰিকাৰ সম্পৰ্ক বিচ্ছিন্ন হ’বলৈ ধৰিলে। ১৯৮৮ চনত দুয়োৰে বিবাহ হয় আৰু কেইবছৰমানৰ পাছত ছাৰিকাৰ বেষ্ট ফ্ৰেণ্ডৰ লগত কমল হাছানৰ সম্পৰ্ক গঢ় লৈ উঠে। এই কথা ছাৰিকাই গম পাই সহ্য কৰিব নোৱাৰি ঘৰৰ বেলকনিৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা চলাইছিল। তিনিমাহ ধৰি চিকিৎসালয়ত ভৰ্তি হৈ থাকিল ছাৰিকা। সুস্থ হৈ উভতি অহাৰ পাছত ২০০৪ চনত কমল-ছাৰিকাৰ বিবাহ বিচ্ছেদ হৈছিল।

ঘৰুৱা এই বিবাদৰ বাবেই শ্ৰুতি হাছানে বিয়াক লৈ ভয় কৰে বুলি ক'ব খুজে তেওঁৰ অনুৰাগীসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement