--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ক্ৰীড়া জগতৰ সৈতে জড়িত বিশেষজ্ঞসকলে ইয়াৰ ফলাফলক লৈ সন্দেহ প্ৰকাশ কৰিছে

ডিজিটেল ডেস্ক :‘অনলাইন গেমিঙৰ প্ৰচাৰ আৰু নিয়ন্ত্ৰণ বিল’ লোকসভাত গৃহীত হৈছে। ইয়াৰ ফলত ভাৰতীয় ক্ৰিকেটত অতি জনপ্ৰিয় অনলাইন গেমিং প্লেটফৰ্মৰ অন্ত পৰিব ।


ইয়াৰ লক্ষ্য হৈছে ৰিয়েল মানি গেম আৰু বেটিং এপ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা। যদিও ই-স্প’ৰ্টছ আৰু ছ’চিয়েল গেমৰ অনুমতি দিয়া হৈছে, তথাপিও বাজিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।


অনলাইন গেমিং বিলৰ লক্ষ্য হৈছে ডিজিটেল গেমিং খণ্ডৰ বাবে আইনী কাঠামো গঢ়ি তোলা আৰু খেলুৱৈসকলক সম্ভাৱ্য ভাবুকিৰ পৰা ৰক্ষা কৰা। ক্ৰীড়া জগতৰ সৈতে জড়িত বিশেষজ্ঞসকলে ইয়াৰ ফলাফলক লৈ সন্দেহ প্ৰকাশ কৰিছে।ভাৰতত ক্ৰিকেট অতি বিখ্যাত, ভাৰতীয় ক্ৰিকেট আৰু ইয়াৰ প্ৰতিষ্ঠানসমূহৰ বাবে পৃষ্ঠপোষকৰ অভাৱ নহ’ব। এই অনলাইন গেমিং বিলৰ কাৰণ হৈছে ব্যক্তিগত ফেণ্টাচি গেমিং প্লেটফৰ্মৰ পৃষ্ঠপোষকতা কৰাৰ অনুমতিৰ অভাৱ।


অনলাইন গেমিং বিলৰ প্ৰভাৱ পৰিব নেকি আই পি এলতো?


ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অফিচিয়েল ফেণ্টাচি স্প’ৰ্টছ পাৰ্টনাৰ হৈছে ‘ড্ৰিম১১’, ই অনলাইন গেমিং প্লেটফৰ্ম ‘মাই ১১ চাৰ্কল’ৰ সৈতে নতুন চুক্তিত স্বাক্ষৰ কৰিছে। প্ৰায় ৪৪ মিলিয়ন ডলাৰ (প্ৰায় ৩৫৮ কোটি টকা)ত ভাৰতীয় ক্ৰিকেট দলৰ খিতাপৰ পৃষ্ঠপোষকতা লৈছে Dream11-এ। একে সময়তে ‘মাই ১১ চাৰ্কলে’ ৫ বছৰৰ বাবে ৬২৮ কোটি টকাত (বছৰ প্ৰায় ১২৫ কোটি টকা) আই পি এলৰ ফেণ্টাচি গেমিং ৰাইট ক্ৰয় কৰিছে। ইয়াৰ উপৰিও ভাৰতৰ শীৰ্ষ ক্ৰিকেটা সকলেও গেমিং প্লেটফৰ্মৰ সৈতে ব্যক্তিগত চুক্তি স্বাক্ষৰ কৰিছে।


৩ বছৰৰ কাৰাদণ্ড হ'ব পাৰে


অনলাইন মানি গেমিংৰ প্ৰস্তাৱ বা সুবিধা প্ৰদান কৰিলে ৩ বছৰৰ কাৰাদণ্ড বা ১ কোটি টকাৰ জৰিমনা বিহা হব পাৰে। ইয়াত ই-স্প’ৰ্টছ আৰু ছ’চিয়েল গেমৰ ওপৰত কোনো নিষেধাজ্ঞা নাই। মুঠতেইয়াত কোনো ধৰণৰ ধনৰ লেনদেন হ’ব নালাগে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ