--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ক্ৰীড়া জগতৰ সৈতে জড়িত বিশেষজ্ঞসকলে ইয়াৰ ফলাফলক লৈ সন্দেহ প্ৰকাশ কৰিছে

ডিজিটেল ডেস্ক :‘অনলাইন গেমিঙৰ প্ৰচাৰ আৰু নিয়ন্ত্ৰণ বিল’ লোকসভাত গৃহীত হৈছে। ইয়াৰ ফলত ভাৰতীয় ক্ৰিকেটত অতি জনপ্ৰিয় অনলাইন গেমিং প্লেটফৰ্মৰ অন্ত পৰিব ।


ইয়াৰ লক্ষ্য হৈছে ৰিয়েল মানি গেম আৰু বেটিং এপ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা। যদিও ই-স্প’ৰ্টছ আৰু ছ’চিয়েল গেমৰ অনুমতি দিয়া হৈছে, তথাপিও বাজিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।


অনলাইন গেমিং বিলৰ লক্ষ্য হৈছে ডিজিটেল গেমিং খণ্ডৰ বাবে আইনী কাঠামো গঢ়ি তোলা আৰু খেলুৱৈসকলক সম্ভাৱ্য ভাবুকিৰ পৰা ৰক্ষা কৰা। ক্ৰীড়া জগতৰ সৈতে জড়িত বিশেষজ্ঞসকলে ইয়াৰ ফলাফলক লৈ সন্দেহ প্ৰকাশ কৰিছে।ভাৰতত ক্ৰিকেট অতি বিখ্যাত, ভাৰতীয় ক্ৰিকেট আৰু ইয়াৰ প্ৰতিষ্ঠানসমূহৰ বাবে পৃষ্ঠপোষকৰ অভাৱ নহ’ব। এই অনলাইন গেমিং বিলৰ কাৰণ হৈছে ব্যক্তিগত ফেণ্টাচি গেমিং প্লেটফৰ্মৰ পৃষ্ঠপোষকতা কৰাৰ অনুমতিৰ অভাৱ।


অনলাইন গেমিং বিলৰ প্ৰভাৱ পৰিব নেকি আই পি এলতো?


ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অফিচিয়েল ফেণ্টাচি স্প’ৰ্টছ পাৰ্টনাৰ হৈছে ‘ড্ৰিম১১’, ই অনলাইন গেমিং প্লেটফৰ্ম ‘মাই ১১ চাৰ্কল’ৰ সৈতে নতুন চুক্তিত স্বাক্ষৰ কৰিছে। প্ৰায় ৪৪ মিলিয়ন ডলাৰ (প্ৰায় ৩৫৮ কোটি টকা)ত ভাৰতীয় ক্ৰিকেট দলৰ খিতাপৰ পৃষ্ঠপোষকতা লৈছে Dream11-এ। একে সময়তে ‘মাই ১১ চাৰ্কলে’ ৫ বছৰৰ বাবে ৬২৮ কোটি টকাত (বছৰ প্ৰায় ১২৫ কোটি টকা) আই পি এলৰ ফেণ্টাচি গেমিং ৰাইট ক্ৰয় কৰিছে। ইয়াৰ উপৰিও ভাৰতৰ শীৰ্ষ ক্ৰিকেটা সকলেও গেমিং প্লেটফৰ্মৰ সৈতে ব্যক্তিগত চুক্তি স্বাক্ষৰ কৰিছে।


৩ বছৰৰ কাৰাদণ্ড হ'ব পাৰে


অনলাইন মানি গেমিংৰ প্ৰস্তাৱ বা সুবিধা প্ৰদান কৰিলে ৩ বছৰৰ কাৰাদণ্ড বা ১ কোটি টকাৰ জৰিমনা বিহা হব পাৰে। ইয়াত ই-স্প’ৰ্টছ আৰু ছ’চিয়েল গেমৰ ওপৰত কোনো নিষেধাজ্ঞা নাই। মুঠতেইয়াত কোনো ধৰণৰ ধনৰ লেনদেন হ’ব নালাগে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু