--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নহৰুৰ চাটনি হওক বা নহৰুৰ আচাৰ হওক, যিকোনো দালিত যদি তেল মাৰিব বিচাৰে তেন্তে কেৱল নহৰুহে মনলৈ আহে। আমি বছৰ বছৰ ধৰি আমাৰ ঘৰুৱা পাকঘৰত নহৰু ব্যৱহাৰ কৰি আহিছো, যিটো ভাৰত, পাকিস্তান আৰু চীনকে ধৰি এছিয়ান আৰু ইউৰোপীয় খাদ্যত বহুলভাৱে ব্যৱহাৰ কৰা হয়। 

কিন্তু আপুনি কেতিয়াবা ভাবিছেনে নহৰু পাচলি নে মছলা? নহৰুক লৈ শাক-পাচলি আৰু মছলাৰ এই যুদ্ধ কেৱল আপোনাৰ আৰু আমাৰ মাজত নহয়। দৰাচলতে যোৱা ৯ বছৰে এই প্রশ্ন সন্দর্ভত বহু লোক আদালতৰ দুৱাৰমুখতো উপস্থিত হৈছিল৷ ইয়াৰ পৰিণাম কি হৈছিল জানো আহক -

এই গোটেই বিষয়টো ২০১৫ চনৰ পৰাই আৰম্ভ হৈছিল। কৃষকসকলে চৰকাৰৰ ওচৰত দাবী জনাইছিল যে নহৰুক শাক-পাচলি বুলি গণ্য কৰা উচিত, যাতে ইয়াক শাক-পাচলিৰ বজাৰত বিক্ৰী কৰিব পৰা যায়। মধ্য প্ৰদেশ মাৰ্কেট ব’ৰ্ডেও তেওঁৰ বক্তব্য গ্ৰহণ কৰে। কিন্তু কৃষি বিভাগে এই ‘নহৰু’ক লৈ কৰা অভোযোগ ভাল নাপালে আৰু এই সংকল্প বাতিল কৰি নহৰুক মছলাৰ শিতানত পঞ্জীয়ন কৰিলে। এই বিষয়টো আদালতত উপনীত হ’ল। এতিয়া ন্যায়াধীশ এছ এ ধৰ্মাধিকাৰী আৰু ডি ভেংকটাৰমণক লৈ গঠিত মধ্যপ্ৰদেশ আদালতে পুনৰ নহৰুক পাচলিৰ শ্ৰেণীত স্থান দিলে। ২০১৭ চনৰ আদেশ অনুসৰি নহৰু নষ্ট হ’ব পৰা, সেয়েহে ইয়াক পাচলি বুলি গণ্য কৰা উচিত। আদালতে এই সিদ্ধান্তত উল্লেখ কৰে যে শাক-পাচলি আৰু মছলা উভয় বজাৰতে নহৰু বিক্ৰী কৰিব পৰা যাব। অৰ্থাৎ এতিয়া আদালতৰ মতে নহৰু এবিধ পাচলি।

* পুৰুষৰ বাবে নহৰু কিয় উপকাৰী ?

এতিয়া নহৰু পাচলি নে মছলা সেই সন্দৰ্ভত আদালতৰ সিদ্ধান্ত যিয়েই নহওক কিয়, আমাৰ বাবে নহৰুৰ উপকাৰিতা বহুল ৷নহৰুত প্ৰচুৰ পৰিমাণে এণ্টি-বেক্টেৰিয়েল, এণ্টিঅক্সিডেণ্ট আৰু এণ্টি-ফাংগেল গুণ থাকে। ইয়াত আইৰণ, ফাইবাৰ, জিংক, কপাৰ, কাৰ্বহাইড্ৰেট আৰু কেলচিয়াম আদি বহুতো পুষ্টিকৰ উপাদান পোৱা যায়। কেঁচা নহৰু সকলোৰে বাবে উপকাৰী। কিন্তু পুৰুষৰ শক্তিৰ বাবে ই অতি ফলপ্ৰসূ। পুৰুষৰ ইৰেক্টিল ডিছফংচনৰ সমস্যা দূৰ কৰাত ই ফলপ্ৰসূ বুলি প্ৰমাণিত হয়। কাৰণ নহৰুত এলিচিন নামৰ যৌগ থাকে, যিয়ে ৰক্তকণিকা প্ৰসাৰিত কৰি তেজৰ সোঁত বৃদ্ধি কৰে। নিয়মিতভাৱে নহৰু সেৱন কৰিলে পুৰুষৰ শাৰীৰিক বল বৃদ্ধি পায়।

* পাচনতন্ত্ৰৰ সমস্যা দূৰ কৰে -

মৌ ৰসৰ লগত কেঁচা নহৰু খোৱাটো অতি উপকাৰী বুলি গণ্য কৰা হয়। একে সময়তে হজম শক্তিৰ অভাৱত ভুগি থকাসকলৰ বাবেও নহৰু সেৱন উপকাৰী হ’ব পাৰে। ৰাতিপুৱা খালী পেটত নহৰু সেৱন কৰিলেও পেটৰ বিষ আৰু বদহজমৰ পৰা উপশম পোৱা যায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
মুজফ্ফৰনগৰত শোকাৱহ ঘটনা! ভয়ংকৰ পথ দুৰ্ঘটনাত জীৱন্তে অগ্নিদগ্ধ হৈ দুই সহোদৰসহ ছয় যুৱকৰ কৰুণ মৃত্যু
কি কথাত শাহু ইন্দিৰা গান্ধীৰ ওপৰত অসন্তুষ্ট হৈছিল ছোনীয়া গান্ধী? কিয় ক্ষমা খুজিছিল ইন্দিৰা গান্ধীয়ে?
নিজ দেশলৈ ঘূৰি যোৱাৰ মন; বাংলাদেশৰ পৰা নতুন পাছপ’র্ট বিচাৰিলে প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাই
বগীনদীত চলিব উচ্ছেদ অভিযান; ১৩২টা পৰিয়াললৈ জাননী
পৰিভ্ৰমী চৰাইৰ সুৰক্ষাৰ বাবে তামিলনাডুৰ ১২খন গাঁৱে পালন কৰে ফটকাবিহীন দীপাৱলী
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট; ভাৰতীয় দলত অসম কন্যা জিণ্টিমণি কলিতা
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
হজম শক্তি বৃদ্ধিৰ পৰা শৰীৰ শীতল ৰখালৈ-জলজীৰাৰ স্বাস্থ্যসন্মত লাভালাভ
তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা হঠাৎ নিখোঁজ হৈছে একাংশ যুৱক; উদ্বিগ্ন পৰিয়াল
দিল্লীত হঠাতে খহি পৰিল নিৰ্মীয়মাণ তিনি মহলীয়া অট্টালিকা; দুজনৰ মৃত্যু, এজন আহত
ধনতেৰছত সোণ-ৰূপৰ বাহিৰেও কি কি ক্ৰয় কৰাটো শুভ; জানো আহক
ধনতেৰছত কিয় ধনীয়া বীজ ক্ৰয় কৰিব লাগে? জানো আহক ইয়াৰ আধ্যাত্মিক আৰু ব্যৱহাৰিক গুৰুত্ব
টেঙাখাতৰ অইল ইণ্ডিয়াৰ ITFত ভয়ংকৰ অগ্নিকাণ্ড; এজনৰ মৃত্যু, কেইবাজনো গুৰুতৰভাৱে আহত, এজন সন্ধানহীন
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; ৯ নৱেম্বৰত পুনৰ ১০০০ কোটিৰ ঋণ ল’ব ৰাজ্য চৰকাৰে