--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মগজু আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ। ইয়াৰ সহায়ত ই আমাৰ সমগ্ৰ শৰীৰটোক নিয়ন্ত্ৰণ কৰাত আৰু আমাৰ আৱেগ প্ৰকাশ কৰাত সহায় কৰে। সেয়ে সুস্থ জীৱনৰ বাবে এটা সুস্থ মগজু থকাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাবে ভাল খাদ্যৰ লগতে খাদ্যত কিছু ৰসৰো অন্তৰ্ভুক্ত কৰিব পাৰে। 

খাদ্যৰ লগতে ৰস সেৱন কৰিলেও মগজু শক্তিশালী হ’ব পাৰে। কিন্তু ডায়েবেটিছ ৰোগী বা বিশেষ ঔষধ গ্ৰহন কৰা লোকে ৰস খোৱাৰ আগতে চিকিৎসকৰ লৈ ল’ব লাগে। একে সময়তে আন মানুহৰ বাবে সাধাৰণতে কিছু ৰস খোৱাটো তেওঁলোকৰ মগজুৰ বাবে অতি উপকাৰী বুলি বিবেচিত হয়। এনে ৫ টা ৰসৰ বিষয়ে আমি আপোনালোকক জনাম যিবোৰ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে আপোনাৰ মনোযোগ বৃদ্ধি পাব আৰু লগতে আপোনাৰ মগজুক সুস্থ কৰি তুলিব —

* ব্লুবেৰীৰ ৰস : ব্লুবেৰীৰ নীলা ৰঙৰ বাবে পলিফিনল সমৃদ্ধ ব্লুবেৰীত এন্থ’চাইনিন পোৱা যায়। ই এক উৎকৃষ্ট এন্টি অক্সিডেন্ট আৰু মগজুক পুষ্টি প্ৰদান কৰে আৰু স্মৃতিশক্তি উন্নত কৰাত সহায় কৰে। আপেল, ব্লুবেৰী আৰু নেমুৰ ৰস একেলগে মিহলাই পুষ্টিকৰ ব্লুবেৰীৰ ৰস উপভোগ কৰক।

* সেউজীয়া ৰস : সেউজীয়া পাতৰ শাক, তিয়হঁ,সেউজীয়া আপেল আৰু কিছু নেমু লগত মিহলাই সতেজ সেউজীয়া ৰস সাজু হয়। ভিটামিন চি, আইৰণ আৰু এন্টিঅক্সিডেন্ট সমৃদ্ধ এই সেউজীয়া ৰস মগজুৰ বাবে অতি উপকাৰী।

* ডালিমৰ ৰস : ডালিমতো পলিফিনল পোৱা যায়, যিয়ে মগজুৰ বিকাশত সহায় কৰে আৰু লগতে মনত ৰখাৰ ক্ষমতাও বৃদ্ধি কৰে।

* বীটৰ ৰস : নিউট্ৰিয়েণ্টছ জাৰ্নেলত প্ৰকাশিত এটা প্ৰবন্ধ অনুসৰি বীটত নাইট্ৰেট পোৱা যায়, যিয়ে মগজুৰ কাৰ্য্যত সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে। এইবোৰে মগজুলৈ তেজৰ সোঁত বৃদ্ধি কৰাত সহায় কৰে, যাৰ ফলত মগজুৰ কাম-কাজ উন্নত হয়।

* গাজৰৰ ৰস : লুটিওলিন নামৰ যৌগ এটা গাজৰত পোৱা যায়, যিয়ে জ্ঞানমূলক স্বাস্থ্য উন্নত কৰি মগজুক সুৰক্ষা দিয়াৰ কাম কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চন্দ্ৰযানে ধৰা পেলালে চন্দ্ৰপৃষ্ঠত সূৰ্যৰ প্ৰভাৱ, ইছ'ৰৰ সফলতা অর্জন
'মোৰ ঈশ্বৰ পুৰুষ, তুমি মোক সদায়ে আৱৰি থাকিবা মই জানো' - গৰিমা শইকীয়া গাৰ্গ
কাৰ বেংক একাউণ্টত সোমাই জুবিনৰ কামৰ টকা? CID কাৰ্যালয়ৰ পৰা ওলাই গ'ল NK প্ৰডাকচনৰ স্বত্বাধিকাৰী দেৱ বৰকটকী
সুৰৰ ভগৱানক সংগীতেৰে পূজা, সোণাপুৰৰ সমাধিস্থলীত নাম-প্ৰসংগ, বাঁহীৰ সুৰ, মায়াবিনীৰ মূর্ছনা
শিৱসাগৰত কালীপূজাৰ থলীত জুবিনদাৰ ছবি সম্বলিত স্কুল বেগ বিতৰণ চাফাই কৰ্মীৰ
সুদক্ষ অভিনেতা গনেশ হাজৰিকা আৰু নাই; শ্বিলঙত এটি পথ দুৰ্ঘটনাত মৃত্যু
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ