--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এগৰাকী ষ্টেজ থ্ৰী স্তন কেন্সাৰ ৰোগী নিজ গৱেষণাৰে প্ৰস্তুত কৰা ভেকচিনেৰে কেন্সাৰ মুক্ত হোৱাৰ খবৰে সৰ্বত্ৰ চৰ্চা লাভ কৰিছে৷ বিটা হালাছী নামৰ এই মহিলাগৰাকীৰ গৱেষণা তথা গৱেষণাৰ সফলতাৰ কাহিনী সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগতে তেওঁৰ সফলতাৰ কাহিনীয়ে বহুজনক অনুপ্ৰাণিত কৰিছে৷

প্ৰাপ্ত তথ্য অনুসৰি বিটা হালাছীয়ে মেষ্টেক্টমী কৰাৰ পিছতো ষ্টেজ থ্ৰী স্তন কেন্সাৰ ৰোগত আক্ৰান্ত হৈছিল। তেওঁ দ্বিতীয় ৰাউণ্ডৰ কেমোথেৰাপি ল’ব নোৱাৰাৰ অৱস্থাহোৱা বাবে সংক্ৰামক ৰোগ গৱেষণাৰ বিশেষজ্ঞ হিচাপে বিটা হালাছীয়ে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। 

তেওঁ নিজৰ গৱেষণাৰ সহায়ত পোনে পোনে তেওঁৰ টিউমাৰত ভেকচিন লৈছিল। ভেকচিন লোৱাৰ  হালাছিৰ ব্যৱহাৰ সফল হৈছিল। ইয়াৰ পাছত এতিয়া চাৰি বছৰ ধৰি কেন্সাৰমুক্ত হৈ আছে বিটা হালাছী।

উল্লেখযোগ্য যে ২০১৬ চনত প্ৰথমবাৰ বিটা হালাছীৰ শৰীৰত কৰ্কট ৰোগ ধৰা পৰিছিল, কিন্তু ২০২০ চনত টিউমাৰে তৃতীয় পৰ্যায়ত উপনীত হোৱাৰ পাছত নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। আৰু এগৰাকী বিশেষজ্ঞ হিচাপে তেওঁ বছৰ বছৰ ধৰি এই ভাইৰাছৰ ওপৰত গভীৰ অধ্যয়ন কৰি আছিল। তেওঁ অংক’লাইটিক ভাইৰ’থেৰাপি(OVT)ৰ বিষয়ে বহু তথ্য সংগ্ৰহ কৰিব বিচাৰিছিল। যি জিনীয়ভাৱে পৰিৱৰ্তিত ভাইৰাছ ব্যৱহাৰ কৰি কেন্সাৰ কোষক লক্ষ্য কৰি ধ্বংস কৰে, একে সময়তে সুস্থ কোষক ক্ষতি নকৰিবলৈ যত্ন লয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ