--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতীয় লোকৰ বাবে মছলাৰ ৰজা হালধি আয়ুৰ্বেদিক গুণেৰে ভৰপূৰ আৰু যিকোনো পাচলি হালধি অবিহনে অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। ই শাক-পাচলিত উৎকৃষ্ট সোৱাদ আৰু ৰঙৰ পয়োভৰ কৰে আৰু ঔষধতো ব্যৱহাৰ কৰা হয়। কাৰণ হালধিত কাৰকুমিন নামৰ এক শক্তিশালী এন্টিঅক্সিডেন্ট পোৱা যায়, যিয়ে শৰীৰৰ অক্সিডেটিভ চাপ আৰু প্ৰদাহ কমোৱাত সহায় কৰে।

কিন্তু শেহতীয়াকৈ হালধিৰ ওপৰত কৰা এক গৱেষণাত চাঞ্চল্যকৰ কথা পোহৰলৈ আহিছে। দৰাচলতে 'ছায়েন্স অৱ দ্য টোটেল এনভাইৰনমেণ্ট' আলোচনীত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ভাৰতীয় হালধিত বিপজ্জনক সীহ অধিক মাত্ৰাত পোৱা গৈছে, যিটো স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক বুলি জানিব পৰা গৈছে। ই মানৱ সম্পদৰ স্বাস্থ্যত কেনেদৰে নেতিবাচক প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে জানো আহক।
শেহতীয়াকৈ হালধি সম্পৰ্কে Science of the Total Environment আলোচনীত প্ৰকাশিত এক তথ্য অনুসৰি ভাৰতৰ পাটনা, পাকিস্তানৰ কৰাচী আৰু পেছাৱৰৰ পৰা উৎপাদিত হালধিৰ নমুনাত বিপজ্জনকভাৱে সীহ অধিক মাত্ৰাত পোৱা গৈছে। FSSAIৰ মান অনুসৰি হালধিত ১০ মাইক্ৰ’গ্ৰাম/গ্ৰামতকৈ ২০০ গুণ বেছি সীহ পোৱা গৈছে। প্ৰতিবেদনটোত লগতে কোৱা হৈছে যে হালধিত সীহৰ উৎসত সীহ ক্ৰ’মেট, যিটো ৰং, প্লাষ্টিক, ৰবৰ আৰু চিৰামিক ব্যৱহাৰ কৰা হয়।

উল্লেখ্য যে বিশেষজ্ঞসকলৰ মতে সীহ হৈছে এনে এক ধাতু যিয়ে শৰীৰত কেলচিয়ামৰ দৰে কাম কৰে আৰু হাড়ত জমা হয়। অত্যধিক পৰিমাণৰ সীহ সেৱন কৰিলে বৃক্ক, হৃদযন্ত্ৰ আৰু মগজুত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে। কেৱল এয়াই নহয়, হাৰ্টএটেক, কিডনী ফেইলাৰ আৰু ষ্ট্ৰোকৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে। সীহযুক্ত হালধি অধিক পৰিমাণে ব্যৱহাৰ কৰিলে শিশুৰ মগজুৰ বিকাশত বাধাৰ সৃষ্টি হোৱাৰ লগতে প্ৰাপ্তবয়স্ক লোকসকলৰ ভাগৰুৱা, উচ্চ ৰক্তচাপ আৰু পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। বিশেষজ্ঞসকলৰ মতে সীহযুক্ত হালধিৰ পৰা নিজকে ৰক্ষা কৰিব বিচাৰে তেন্তে জৈৱিক হালধি ব্যৱহাৰ কৰা উচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ