--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতীয় লোকৰ বাবে মছলাৰ ৰজা হালধি আয়ুৰ্বেদিক গুণেৰে ভৰপূৰ আৰু যিকোনো পাচলি হালধি অবিহনে অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। ই শাক-পাচলিত উৎকৃষ্ট সোৱাদ আৰু ৰঙৰ পয়োভৰ কৰে আৰু ঔষধতো ব্যৱহাৰ কৰা হয়। কাৰণ হালধিত কাৰকুমিন নামৰ এক শক্তিশালী এন্টিঅক্সিডেন্ট পোৱা যায়, যিয়ে শৰীৰৰ অক্সিডেটিভ চাপ আৰু প্ৰদাহ কমোৱাত সহায় কৰে।

কিন্তু শেহতীয়াকৈ হালধিৰ ওপৰত কৰা এক গৱেষণাত চাঞ্চল্যকৰ কথা পোহৰলৈ আহিছে। দৰাচলতে 'ছায়েন্স অৱ দ্য টোটেল এনভাইৰনমেণ্ট' আলোচনীত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ভাৰতীয় হালধিত বিপজ্জনক সীহ অধিক মাত্ৰাত পোৱা গৈছে, যিটো স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক বুলি জানিব পৰা গৈছে। ই মানৱ সম্পদৰ স্বাস্থ্যত কেনেদৰে নেতিবাচক প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে জানো আহক।
শেহতীয়াকৈ হালধি সম্পৰ্কে Science of the Total Environment আলোচনীত প্ৰকাশিত এক তথ্য অনুসৰি ভাৰতৰ পাটনা, পাকিস্তানৰ কৰাচী আৰু পেছাৱৰৰ পৰা উৎপাদিত হালধিৰ নমুনাত বিপজ্জনকভাৱে সীহ অধিক মাত্ৰাত পোৱা গৈছে। FSSAIৰ মান অনুসৰি হালধিত ১০ মাইক্ৰ’গ্ৰাম/গ্ৰামতকৈ ২০০ গুণ বেছি সীহ পোৱা গৈছে। প্ৰতিবেদনটোত লগতে কোৱা হৈছে যে হালধিত সীহৰ উৎসত সীহ ক্ৰ’মেট, যিটো ৰং, প্লাষ্টিক, ৰবৰ আৰু চিৰামিক ব্যৱহাৰ কৰা হয়।

উল্লেখ্য যে বিশেষজ্ঞসকলৰ মতে সীহ হৈছে এনে এক ধাতু যিয়ে শৰীৰত কেলচিয়ামৰ দৰে কাম কৰে আৰু হাড়ত জমা হয়। অত্যধিক পৰিমাণৰ সীহ সেৱন কৰিলে বৃক্ক, হৃদযন্ত্ৰ আৰু মগজুত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে। কেৱল এয়াই নহয়, হাৰ্টএটেক, কিডনী ফেইলাৰ আৰু ষ্ট্ৰোকৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে। সীহযুক্ত হালধি অধিক পৰিমাণে ব্যৱহাৰ কৰিলে শিশুৰ মগজুৰ বিকাশত বাধাৰ সৃষ্টি হোৱাৰ লগতে প্ৰাপ্তবয়স্ক লোকসকলৰ ভাগৰুৱা, উচ্চ ৰক্তচাপ আৰু পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। বিশেষজ্ঞসকলৰ মতে সীহযুক্ত হালধিৰ পৰা নিজকে ৰক্ষা কৰিব বিচাৰে তেন্তে জৈৱিক হালধি ব্যৱহাৰ কৰা উচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক