--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে দিল্লীৰ নতুন সংসদ বহনত বহাৰ পূৰ্বে নৰেন্দ্ৰ মোদীয়ে কয় যে, ‘‘নে নিজে খাম নে আনক খাবলৈ দিম।’’ কোৱাৰ প্ৰয়োজন নাই যে, তেওঁ ইয়াত কোনো সাধাৰণ খাদ্য খোৱাৰ কথা পতা নাই। তেওঁ পোন-পোনে দুৰ্নীতি- উৎকোচৰ বিষয়ে কৈছিল। দুৰ্নীতি ভাৰতীয় প্ৰশাসনিক ব্যৱস্থাৰ অন্যতম সমস্যা। প্ৰায়সংখ্যক মানুহেই অভিযোগ কৰে যে যেতিয়া তেওঁলোকে যিকোনো চৰকাৰী কাম কৰিবলৈ যায় তেতিয়াই তেওঁলোকে প্ৰশাসনিক বিষয়াসকলক উৎকোচ দিব লগা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ক্ষমতালৈ অহাৰ সময়তে দুৰ্নীতি সংস্কৃতি নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতি দিছিল। আজি মন কি বাতত মোদীয়ে পুনৰ সেই প্ৰসংগই উত্থাপন কৰে, তেওঁ আকৌ এবাৰ দুৰ্নীতিৰ বিষয়টো উত্থাপন কৰে। তেওঁ দেশৰ জনসাধাৰণক কয়, "দুৰ্নীতি এক উঁইৰ দৰে। ইয়াক একেবাৰে বাহিৰলৈ উলিয়াই পেলাই দিয়ক। বছৰটোৰ প্ৰথম 'মন কি বাত'ত মোদীয়ে ৰেডিঅ'ৰ য়োগেদি দেশবাসীলৈ বিভিন্ন বাৰ্তা প্ৰেৰণ কৰে। এইটো অনুষ্ঠানটো আজি ৮৫ তম খণ্ড আছিল। মন কি বাতত, মোডীয়ে প্ৰতিবাৰৰ দৰে এইবাৰো বিভিন্ন বিষয় উত্থাপন কৰে। আজিৰ দিনটোও ইয়াৰ ব্যতিক্ৰম নাছিল। স্বচ্ছ ভাৰত অভিযানৰ পৰা আৰম্ভ কৰি দুৰ্নীতি, ৰাষ্ট্ৰীয় যুদ্ধ সংগ্ৰহালয়লৈকে প্ৰধানমন্ত্ৰীয়ে সকলো বিষয়তে বক্তব্য ৰাখে। অৱশ্যে, দুৰ্নীতিৰ বিষয়টো, এতিয়াও শেষ হোৱা নাই, আনকি দ্বিতীয়বাৰৰ বাবে দেশৰ প্ৰশাসনিক মুৰব্বী নৰেন্দ্ৰ মোদী শাসনলৈ অহাৰ পাছত দেশৰ পৰা দুৰ্নীতি নিৰ্মূল কৰিবলৈ তেওঁ বদ্ধপৰিকৰ, আৰু সেইকাৰণে আজিও মন কি বাতত দুৰ্নীতি প্ৰসংগই স্থান পালে, ইয়াৰ বিপৰীতে এতিয়া ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে যে মোদীয়ে কেৱল মন কি বাত সম্বোধন কৰি দুৰ্নীতি নিৰ্মূলৰ বাবে কৰা আহ্বান কিমানদূৰলৈ কাৰ্যক্ষম হ’ব৷ মোডীয়ে আজি মন কি বাতত পদ্ম বঁটা লাভ কৰা শিশুসকলৰ বাবে 'প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় শিশু বঁটা'ৰ কথাও উল্লেখ কৰে। এই বঁটা তেওঁলোকক প্ৰদান কৰা হ'ব যিসকলে কম বয়সতে অসাধাৰণ কামৰ মাজেৰে দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ শেহতীয়াকৈ অমৰ জোৱান জ্যোতিক লৈ সমগ্ৰ দেশতে যি বিতৰ্কৰ সূত্ৰপাত হৈছিল, সেই বিৰ্তকও তেওঁ এই অনুষ্ঠানত নাকচ কৰিবলৈ চেষ্টা কৰে৷ আৱেগিক কণ্ঠত তেওঁ দেশবাসীক ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকলৈ যাবলৈ আহ্বান জনায়। মোডীয়ে কয় যে বহুতো প্ৰাক্তন সৈনিকে চৰকাৰক অমৰ জোৱান জ্যোতিৰ বিষয়ে লিখিছে। তেওঁলোকে বিশ্বাস কৰে যে এই শিখা শ্বহীদৰ অমৰত্বৰ প্ৰতীক। সেয়েহে, প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সময় পালেই যুদ্ধ স্মাৰকলৈ যাবলৈ আহ্বান জনাইছে৷ উল্লেখ্য যে দিল্লীৰ ইণ্ডিয়া গেটৰ পৰা অমৰ জোৱান জ্যেতি স্থানান্তৰ কৰাক লৈ যি বিৰ্তকৰ সূত্ৰপাত হৈছিল সেই বিতৰ্কৰ নুই পেলাবলৈ চৰকাৰে বসুৰ হ’ল’গ্ৰাম প্ৰতিমূৰ্তি উদ্বোধন কৰিলে বুলি দেশৰ জনগণে কটাক্ষ কৰে। বিগত ২৩ জানুৱাৰীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ৰাজপথত বসুৰ হ’ল’গ্ৰাম প্ৰতিমূৰ্তি উদ্বোধন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ঘোষণা কৰে যে প্ৰকৃত মূৰ্তিটো স্থাপন সম্পূৰ্ণ নোহোৱালৈকে, প্ৰতিমূৰ্তিটোৰ স্থানত বসুৰ এটা হলোগ্ৰাম নিৰ্মাণ কৰা হ’ব। সূত্ৰ অনুসৰি, অহা আগষ্ট মাহত ইণ্ডিয়া গেটৰ ছাউনিত সম্পূৰ্ণ গ্ৰেনাইটেৰে নিৰ্মিত হব সুভাষ চন্দ্ৰৰ সম্পূৰ্ণ প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব৷ ইপিনে বসুৰ মূৰ্তি স্থাপনক লৈ এতিয়া দেশত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ প্ৰধানমন্ত্ৰীলৈ এই প্ৰতিমূৰ্তিটোৰ নিৰ্মাণৰ ওপৰত আপত্তি জনাই এখন লিখিত পত্ৰ প্ৰেৰণ কৰিছে বসু পৰিয়ালৰ এজন সদস্যই। বসু পৰিয়ালৰ মতে, নেতাজীৰ প্ৰণামৰ প্ৰতিমূৰ্তি ইণ্ডিয়া গেটত স্থাপন কৰাটো উপযুক্ত নহব, কাৰণ দিল্লীত মাত্ৰ এদিনৰ বাবেহে পেৰেড অনুষ্ঠিত হয়। বাকী সময়ত নেতাজীৰ মূৰ্তিৰ সন্মুখ ভাগ একেবাৰে খালী হৈ থাকিব। তাৰোপৰি গোটেই বছৰ তেখেতৰ দৰে ব্যক্তিত্বৰ এজন লোকৰ মূৰ্তি এটা প্ৰণামৰ ভঙ্গীত ৰখাটো উচিত নহয়। পৰিয়ালৰ লোকে প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰ সন্দৰ্ভত প্ৰকাশ পাই যে “মই পৰিয়ালৰ আন সদস্যসকলৰ সৈতে কথা পাতিছো। পৰিয়ালৰ সকলো লোকৰে পৰা মই মতামত লোৱাৰ পাছত প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ লিখিছিলো। যিহেতু মূৰ্তিটো নিৰ্মাণ আৰু স্থাপন কৰিবলৈ এতিয়াও যথেষ্ট সময় বাকী আছে, সেয়েহে আমি আমাৰ নিজৰ ধৰণে প্ৰস্তাৱ দিছো। তেওঁ লগতে এইটোও দাবী কৰিছে যে নেতাজীৰ জীয়ৰী অনিতা বসু পাফেও এই মূৰ্তিটোৰ স্থাপনক লৈ আপত্তি দৰ্শাইছে। নেতাজীৰ প্ৰতিমূৰ্তিটো উৰিষ্যাৰ অদ্বৈত গদানায়কে ইণ্ডিয়া গেটত নিৰ্মাণ কৰিব। তেওঁ হৈছে নেচনেল গেলেৰী অৱ মডাৰ্ণ আৰ্টৰ সঞ্চালক প্ৰধান। তেওঁ বৰ্তমান দিল্লীত আছে। অদ্বৈতে বসুৰ পৰিয়ালৰ সৈতে ফোনত কথা পাতিছে আৰু এই সন্দৰ্ভত বসু পৰিয়ালে তেওঁলোকৰ মত ব্যক্ত কৰিছে। গীতিকাৰ জাভেদ আখটাৰেও নেতাজীৰ প্ৰতিমূৰ্তি স্থাপনৰ সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কয় যে, প্ৰকল্পটোৰ ধাৰণা ঠিকেই আছে কিন্তু স্থাপনৰ স্থান সঠিক হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি