--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পেগাছাছ বিতৰ্কই দেশজুৰি পুনৰ তোলপাৰ লগাইছে দেশত। মোদী চৰকাৰে দেশৰ প্ৰায় ৩০০লোকৰ ওপৰত অবৈধ নজৰদাৰি কৰাৰ বাবে এই ইজৰাইলী ছফটৱেৰ ব্যৱহাৰ কৰাৰ কথা প্ৰমাণ হোৱাৰ পাছত বিৰোধী শিবিৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে। ২০১৭ চনতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ সৈতে কৰা ২ বিলিয়ন ডলাৰৰ প্ৰতিৰক্ষা চুক্তিৰ সৈতে এই পেগাছাছৰ চুক্তিও সন্নিৱিষ্ট হৈ আছিল বুলি নিউয়ৰ্ক টাইমছত প্ৰকাশিত হোৱাৰ পাছতে এই বিতৰ্কই অধিক তীব্ৰতা লাভ কৰিছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমে কেন্দ্ৰীয় চৰকাৰক কটাক্ষ কৰিছে। কেন্দ্ৰক কটাক্ষ কৰি পি চিদাম্বৰমে কয় যে, ২০২৪চনৰ নিৰ্বাচনৰ পূ্ৰ্বে কেন্দ্ৰীয় চৰকাৰে দুগুণ দামেৰে আন এটা নতুন চোৰাংচোৱা ছফটৱেৰ কিনিব পাৰে। ইফালে, কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিঙে পেগাছাছ সম্পৰ্কীয় বাতৰি প্ৰকাশ কৰা ‘নিউয়ৰ্ক টাইমছ’ক ‘ছুপাৰী মিডিয়া’ বুলি আখ্যা দিয়া কাৰ্যক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰে চিদাম্বৰমে। তেওঁ কয়, ‘মোৰ সন্দেহ তেওঁ তেওঁ জানে নে নাজানে যে, দুখন সংবাদ পত্ৰই ৱাটাৰগেট কেলেংকাৰী আৰু পেণ্টাগম পেৰাৰ্ছৰ ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰিছিল। তেওঁ যদিহে বুৰঞ্জী পঢ়িব নিবিচাৰেও তথাপি তেওঁ অন্ততঃ চিনেমা চাব পাৰে।’ উল্লখ্য যে, নিউয়ৰ্ক টাইমছে ‘দ্য বেটেল অব ৱৰ্ল্ডছ মোষ্ট পাৱাৰফুল চাইবাৰৱেপন’ শীৰ্ষক এখন প্ৰতিবেদনত ২০১৭ চনত প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে ইজৰাইল ভ্ৰমণ কৰিছিল। এই ভ্ৰমণৰ সময়তে মোদীয়ে ইজৰাইলৰ সৈতে কৰিছিল ২ বিলিয়ন ডলাৰৰ এটা প্ৰতিৰক্ষা চুক্তি। এই চুক্তিৰ অন্তৰ্গত আছিল চোৰাংচোৱা ছফটৱেৰ পেগাছাছো। ভাৰতীয় বিশিষ্ট নাগৰিকৰ ব্যক্তিগত গোপনীয়তাৰ অধিকাৰ হৰণ কৰা এই ছফটৱেৰৰ তথ্য সদৰি হৈ পৰাৰ পাছত এতিয়া চৰকাৰে নতুন ছফটৱেৰ ক্ৰয় কৰিব পাৰে বুলি চিদাম্বৰমে কৰা কটাক্ষ বিশেষভাৱে তাৎপৰ্যপূৰ্ণ। চৰকাৰে দেশৰ নাগৰিকৰ ওচৰতে নিৰাপত্তাহীনতাত ভুগিবলগীয়া হোৱা, বিৰোধী দলৰ নেতাৰ লগতে নিজৰ দলৰ নেতাৰ ওপৰতো চোৰাংচোৱাগিৰি কৰাৰ এই পৰম্পৰা নিশ্চয় গণতান্ত্ৰিক দেশ এখনৰ বাবে শুভ লক্ষণ নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি