--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পেগাছাছ বিতৰ্কই দেশজুৰি পুনৰ তোলপাৰ লগাইছে দেশত। মোদী চৰকাৰে দেশৰ প্ৰায় ৩০০লোকৰ ওপৰত অবৈধ নজৰদাৰি কৰাৰ বাবে এই ইজৰাইলী ছফটৱেৰ ব্যৱহাৰ কৰাৰ কথা প্ৰমাণ হোৱাৰ পাছত বিৰোধী শিবিৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে। ২০১৭ চনতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ সৈতে কৰা ২ বিলিয়ন ডলাৰৰ প্ৰতিৰক্ষা চুক্তিৰ সৈতে এই পেগাছাছৰ চুক্তিও সন্নিৱিষ্ট হৈ আছিল বুলি নিউয়ৰ্ক টাইমছত প্ৰকাশিত হোৱাৰ পাছতে এই বিতৰ্কই অধিক তীব্ৰতা লাভ কৰিছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমে কেন্দ্ৰীয় চৰকাৰক কটাক্ষ কৰিছে। কেন্দ্ৰক কটাক্ষ কৰি পি চিদাম্বৰমে কয় যে, ২০২৪চনৰ নিৰ্বাচনৰ পূ্ৰ্বে কেন্দ্ৰীয় চৰকাৰে দুগুণ দামেৰে আন এটা নতুন চোৰাংচোৱা ছফটৱেৰ কিনিব পাৰে। ইফালে, কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিঙে পেগাছাছ সম্পৰ্কীয় বাতৰি প্ৰকাশ কৰা ‘নিউয়ৰ্ক টাইমছ’ক ‘ছুপাৰী মিডিয়া’ বুলি আখ্যা দিয়া কাৰ্যক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰে চিদাম্বৰমে। তেওঁ কয়, ‘মোৰ সন্দেহ তেওঁ তেওঁ জানে নে নাজানে যে, দুখন সংবাদ পত্ৰই ৱাটাৰগেট কেলেংকাৰী আৰু পেণ্টাগম পেৰাৰ্ছৰ ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰিছিল। তেওঁ যদিহে বুৰঞ্জী পঢ়িব নিবিচাৰেও তথাপি তেওঁ অন্ততঃ চিনেমা চাব পাৰে।’ উল্লখ্য যে, নিউয়ৰ্ক টাইমছে ‘দ্য বেটেল অব ৱৰ্ল্ডছ মোষ্ট পাৱাৰফুল চাইবাৰৱেপন’ শীৰ্ষক এখন প্ৰতিবেদনত ২০১৭ চনত প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে ইজৰাইল ভ্ৰমণ কৰিছিল। এই ভ্ৰমণৰ সময়তে মোদীয়ে ইজৰাইলৰ সৈতে কৰিছিল ২ বিলিয়ন ডলাৰৰ এটা প্ৰতিৰক্ষা চুক্তি। এই চুক্তিৰ অন্তৰ্গত আছিল চোৰাংচোৱা ছফটৱেৰ পেগাছাছো। ভাৰতীয় বিশিষ্ট নাগৰিকৰ ব্যক্তিগত গোপনীয়তাৰ অধিকাৰ হৰণ কৰা এই ছফটৱেৰৰ তথ্য সদৰি হৈ পৰাৰ পাছত এতিয়া চৰকাৰে নতুন ছফটৱেৰ ক্ৰয় কৰিব পাৰে বুলি চিদাম্বৰমে কৰা কটাক্ষ বিশেষভাৱে তাৎপৰ্যপূৰ্ণ। চৰকাৰে দেশৰ নাগৰিকৰ ওচৰতে নিৰাপত্তাহীনতাত ভুগিবলগীয়া হোৱা, বিৰোধী দলৰ নেতাৰ লগতে নিজৰ দলৰ নেতাৰ ওপৰতো চোৰাংচোৱাগিৰি কৰাৰ এই পৰম্পৰা নিশ্চয় গণতান্ত্ৰিক দেশ এখনৰ বাবে শুভ লক্ষণ নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক