--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশত অব্যাহত আছে দলিতৰ ওপৰত অত্যাচাৰ। দেশৰ গণতান্ত্ৰিক প্ৰমূল্য আৰু সাংবিধানিক নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি বাৰম্বাৰ দেশৰে এচাম জনতাক দ্বিতীয়-তৃতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰাৰ প্ৰৱণতা একাংশ লোকৰ মাজত অব্যাহত আছে। এচাম তথাকথিত উচ্চ বৰ্ণৰ লোকৰ অহংকাৰ আৰু উচ্চাত্মিকাৰ বলি হৈছে দেশৰ এইসকল নিসহায়, অৱলম্বনহীন নাগৰিক। দেশৰ উত্তৰ প্ৰান্তত দলিত লোকসকল প্ৰায়েই নিৰ্যাতন, নিৰ্মমতাৰ বলি হৈ অহাৰ ঘটনা সংঘটিত হোৱাৰ খবৰে সংবাদ শিৰোনাম দখল কৰি আহিছে। এইবাৰ পুনৰ দলিত লোকৰ নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে দেশত। এগৰাকী ২৫বছৰীয়া দলিত যুৱকক অপহৰণ কৰাৰ পাছত নানা নিৰ্যাতন চলোৱাৰ লগতে বলপূৰ্বকভাৱে মূত্ৰপান কৰোঁৱাৰ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ চুৰু জিলাত। আঠজন লোকে এই নাৰকীয় কাণ্ড সংঘটিত কৰা বুলি অভিযোগ উঠিছে। দেওবাৰে আৰক্ষীয়ে এই বিষয়ে প্ৰকাশ কৰে আৰু কয় যে ইতিমধ্যে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ৰুখাচৰ গাঁৱৰ বাসিন্দা ৰাকেশ মেঘৱাল নামৰ যুৱকজনে আৰক্ষীক দাখিল কৰা অভিযোগ অনুসৰি ২৭ জানুৱাৰীত অভিযুক্ত লোককেইজনে তেওঁক ঘৰৰ পৰাই অপহৰণ কৰি নিয়ে।নিশা প্ৰায় ১১বজাত এখন এছইউভি গাড়ীত অভিযুক্ত লোককেইজনে যুৱকজনক অপহৰণ কৰি নিয়া বুলি অভিযোগ কৰিছে যুৱকজনে। অভিযুক্ত লোককেইজনে যুৱকজনক বটলত প্ৰস্ৰাৱ কৰি পান কৰিবলৈ দিয়াৰ লগতে নানা অপমানসূচক গালি গালাজ কৰিছিল। ‘দলিতসকলক শিক্ষা দিব লাগে’ বুলিও হুংকাৰ দিছিল যুৱককেইজনে। তদুপৰি তথাকথিত প্ৰতিপত্তিশালী জাতৰ লোকসকলে তেওঁক মাৰধৰো কৰিছিল। আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া চলাই আছে। গ্ৰেপ্তাৰ কৰা লোক দুজন উমেশ আৰু বিৰবল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। তদুপৰি আনকেইজন অভিযুক্ত অক্ষয়, ৰাজেশ, ৰাকেশ, তাৰাচান্দ, বিদাদিচান্দ আৰু দিনেশৰ সন্ধান চলাই আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি