--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশত অব্যাহত আছে দলিতৰ ওপৰত অত্যাচাৰ। দেশৰ গণতান্ত্ৰিক প্ৰমূল্য আৰু সাংবিধানিক নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি বাৰম্বাৰ দেশৰে এচাম জনতাক দ্বিতীয়-তৃতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰাৰ প্ৰৱণতা একাংশ লোকৰ মাজত অব্যাহত আছে। এচাম তথাকথিত উচ্চ বৰ্ণৰ লোকৰ অহংকাৰ আৰু উচ্চাত্মিকাৰ বলি হৈছে দেশৰ এইসকল নিসহায়, অৱলম্বনহীন নাগৰিক। দেশৰ উত্তৰ প্ৰান্তত দলিত লোকসকল প্ৰায়েই নিৰ্যাতন, নিৰ্মমতাৰ বলি হৈ অহাৰ ঘটনা সংঘটিত হোৱাৰ খবৰে সংবাদ শিৰোনাম দখল কৰি আহিছে। এইবাৰ পুনৰ দলিত লোকৰ নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে দেশত। এগৰাকী ২৫বছৰীয়া দলিত যুৱকক অপহৰণ কৰাৰ পাছত নানা নিৰ্যাতন চলোৱাৰ লগতে বলপূৰ্বকভাৱে মূত্ৰপান কৰোঁৱাৰ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ চুৰু জিলাত। আঠজন লোকে এই নাৰকীয় কাণ্ড সংঘটিত কৰা বুলি অভিযোগ উঠিছে। দেওবাৰে আৰক্ষীয়ে এই বিষয়ে প্ৰকাশ কৰে আৰু কয় যে ইতিমধ্যে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ৰুখাচৰ গাঁৱৰ বাসিন্দা ৰাকেশ মেঘৱাল নামৰ যুৱকজনে আৰক্ষীক দাখিল কৰা অভিযোগ অনুসৰি ২৭ জানুৱাৰীত অভিযুক্ত লোককেইজনে তেওঁক ঘৰৰ পৰাই অপহৰণ কৰি নিয়ে।নিশা প্ৰায় ১১বজাত এখন এছইউভি গাড়ীত অভিযুক্ত লোককেইজনে যুৱকজনক অপহৰণ কৰি নিয়া বুলি অভিযোগ কৰিছে যুৱকজনে। অভিযুক্ত লোককেইজনে যুৱকজনক বটলত প্ৰস্ৰাৱ কৰি পান কৰিবলৈ দিয়াৰ লগতে নানা অপমানসূচক গালি গালাজ কৰিছিল। ‘দলিতসকলক শিক্ষা দিব লাগে’ বুলিও হুংকাৰ দিছিল যুৱককেইজনে। তদুপৰি তথাকথিত প্ৰতিপত্তিশালী জাতৰ লোকসকলে তেওঁক মাৰধৰো কৰিছিল। আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া চলাই আছে। গ্ৰেপ্তাৰ কৰা লোক দুজন উমেশ আৰু বিৰবল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। তদুপৰি আনকেইজন অভিযুক্ত অক্ষয়, ৰাজেশ, ৰাকেশ, তাৰাচান্দ, বিদাদিচান্দ আৰু দিনেশৰ সন্ধান চলাই আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক