--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত যুৱ চামৰ মাজত নিশা পলমকৈ শুৱাৰ এটা প্ৰৱণতা গঢ় লৈ উঠিছে। কিছুমানে এনেকুৱা কৰাটো নিউ ট্ৰেণ্ড বুলি ভাবিবলৈ লৈছে। টিভি চাই বা ইণ্টাৰনেটত বিচৰণ কৰি নিশা পলমকৈ বিচনাত পৰে আজিৰ যুৱ চাম। কিছুমানৰ বাবে নিশা ১-২ বজা বা পুৱতি নিশা ৩.৩০ মানলৈকে সাৰে থকাটো অভ্যাসত পৰিণত হৈছে। কিন্তু আপুনি জানেনে যে এনেকুৱা কৰি আপুনি নিজৰ জীৱনৰ ভীষণ ক্ষতি কৰি আছে। এক গৱেষণাত প্ৰকাশ পাইছে যে নিশা ১১ বজাৰ পাছত শুলে দেহ ভিন্ন সমস্যাৰ সন্মুখীন হ'ব পাৰে।

যদি আপোনাৰ নিশা ১১ বজাৰ পিছত বিচনালৈ যোৱাৰ অভ্যাস আছে তেন্তে জানি থওক যে হৃদৰোগ, ডায়েবেটিচৰ দৰে মাৰাত্মক ৰোগৰ সৃষ্টি হ'ব পাৰে। দৰাচলতে যেতিয়া আমি পলমকৈ শুবলৈ যাওঁ, আমাৰ শৰীৰৰ ভিতৰত বিশেষ পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰে লগতে আমাৰ হজম প্ৰক্ৰিয়াতো বিৰূপ প্ৰভাৱ পৰে। ফলস্বৰূপে হৃদযন্ত্ৰ ক্ষতিগ্ৰস্ত হ'বলৈ বেছি সময় নালাগে। কেৱল সেয়াই নহয়,পলমকৈ শুবলৈ যোৱা আৰু ৰাতিপুৱা ৭-৮ বজাৰ ভিতৰত উঠাটোৱে টোপনি পূৰ নকৰে। টোপনি পূৰ নহ'লে শৰীৰত বিভিন্ন সমস্যাই দেখা দিব পাৰে। ই ৰক্ত শৰ্কৰাৰ স্তৰ বঢ়াই তোলাৰ আশংকাও বৃদ্ধি কৰে।

শেহতীয়া এক অধ্যয়নত দেখুওৱা হৈছে যে নিশা ১১ বজাৰ পাছত শুৱাৰ ফলত হৃদৰোগ আৰু টাইপ-২ ডায়েবেটিচৰ আশংকা দুগুণ হাৰত বৃদ্ধি পায়। লগতে আন কিছুমান ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। ব্যস্ততাৰ বাবে বহুতে পলমকৈ শুব লগা হয়। কিন্তু অফিচ বা অন্য কাম থকাৰ বাবে সোনকালে সাৰ পোৱাটো প্ৰয়োজন হৈ পৰে। ফলস্বৰূপে সঠিক টোপনিৰ অভাৱৰ বাবে শৰীৰৰ ভিতৰত হৰমন নিঃসৰণ ফুলি উঠে আৰু ইয়াৰ বাবে মন হতাশাত ভোগাৰ ভয় থাকে। টোপনি পূৰ নহলে চকুতো চাপ পৰে। মগজুতো বেয়াকৈ প্ৰভাৱ পৰে। ইয়াৰ ফলস্বৰূপে আমি অজ্ঞাতভাবে মৃত্যুৰ দুৱাৰমুখত থিয় হওঁহি।

আৰু পঢ়কঃ অসমীয়াৰ স্বাভিমানত আঘাত! বিলাতী সুৰা কোম্পানীৰ বিজ্ঞাপনত ব্যৱহাৰ ঢোল–পেঁপা!

কেইবাটাও অধ্যয়নে দেখুৱাইছে যে যদি আপুনি কমেও ৬ ঘণ্টা নুশুৱে তেন্তে ওজন ক্ৰমান্বয়ে বৃদ্ধি পায়। নিশা পলমকৈ শুলে মূৰৰ বিষ, ষ্ট্ৰোক, উচ্চ ৰক্তচাপ হোৱাৰ প্ৰৱল সম্ভাৱনা। গতিকে যদি আপোনাৰ এই বদ অভ্যাস আছে তেন্তে সোনকালে তাক পৰিত্যাগ কৰি সুস্থ জীৱনশৈলী গঢ়াৰ অভ্যাস গঢ়ি তোলক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকিস্তানৰ ৪খন অশান্ত প্ৰদেশক খণ্ড খণ্ড কৰাৰ পৰিকল্পনা আছিম মুনিৰৰ
গুৱাহাটী আৰু শিলচৰৰ পাছত এইবাৰ গোৱালপাৰাত গ্ৰেপ্তাৰ ১২ বাংলাদেশী নাগৰিক
মন্দিয়াত ই-ৰিক্সা হঠাৎ বাগৰি পৰি থিতাতে নিহত কণমানি ছাত্ৰী; কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত
২ লাখ ভাৰতীয়ই আমেৰিকাত হেৰুৱাব ভোটাধিকাৰ!
অসমৰ ভ্ৰাম্যমাণ নাট্যজগতলৈ দুঃখবৰ! কহিনুৰ থিয়েটাৰ বন্ধ কৰাৰ ইংগিত প্ৰযোজক তপন লহকৰৰ
আজি মহালয়া; শাৰদীয় দুৰ্গোৎসৱৰ আগমনিৰ বতৰা
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
জিলিকি থকা ছাল পাবলৈ কি কৰিব লাগে?
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি