--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত যুৱ চামৰ মাজত নিশা পলমকৈ শুৱাৰ এটা প্ৰৱণতা গঢ় লৈ উঠিছে। কিছুমানে এনেকুৱা কৰাটো নিউ ট্ৰেণ্ড বুলি ভাবিবলৈ লৈছে। টিভি চাই বা ইণ্টাৰনেটত বিচৰণ কৰি নিশা পলমকৈ বিচনাত পৰে আজিৰ যুৱ চাম। কিছুমানৰ বাবে নিশা ১-২ বজা বা পুৱতি নিশা ৩.৩০ মানলৈকে সাৰে থকাটো অভ্যাসত পৰিণত হৈছে। কিন্তু আপুনি জানেনে যে এনেকুৱা কৰি আপুনি নিজৰ জীৱনৰ ভীষণ ক্ষতি কৰি আছে। এক গৱেষণাত প্ৰকাশ পাইছে যে নিশা ১১ বজাৰ পাছত শুলে দেহ ভিন্ন সমস্যাৰ সন্মুখীন হ'ব পাৰে।

যদি আপোনাৰ নিশা ১১ বজাৰ পিছত বিচনালৈ যোৱাৰ অভ্যাস আছে তেন্তে জানি থওক যে হৃদৰোগ, ডায়েবেটিচৰ দৰে মাৰাত্মক ৰোগৰ সৃষ্টি হ'ব পাৰে। দৰাচলতে যেতিয়া আমি পলমকৈ শুবলৈ যাওঁ, আমাৰ শৰীৰৰ ভিতৰত বিশেষ পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰে লগতে আমাৰ হজম প্ৰক্ৰিয়াতো বিৰূপ প্ৰভাৱ পৰে। ফলস্বৰূপে হৃদযন্ত্ৰ ক্ষতিগ্ৰস্ত হ'বলৈ বেছি সময় নালাগে। কেৱল সেয়াই নহয়,পলমকৈ শুবলৈ যোৱা আৰু ৰাতিপুৱা ৭-৮ বজাৰ ভিতৰত উঠাটোৱে টোপনি পূৰ নকৰে। টোপনি পূৰ নহ'লে শৰীৰত বিভিন্ন সমস্যাই দেখা দিব পাৰে। ই ৰক্ত শৰ্কৰাৰ স্তৰ বঢ়াই তোলাৰ আশংকাও বৃদ্ধি কৰে।

শেহতীয়া এক অধ্যয়নত দেখুওৱা হৈছে যে নিশা ১১ বজাৰ পাছত শুৱাৰ ফলত হৃদৰোগ আৰু টাইপ-২ ডায়েবেটিচৰ আশংকা দুগুণ হাৰত বৃদ্ধি পায়। লগতে আন কিছুমান ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। ব্যস্ততাৰ বাবে বহুতে পলমকৈ শুব লগা হয়। কিন্তু অফিচ বা অন্য কাম থকাৰ বাবে সোনকালে সাৰ পোৱাটো প্ৰয়োজন হৈ পৰে। ফলস্বৰূপে সঠিক টোপনিৰ অভাৱৰ বাবে শৰীৰৰ ভিতৰত হৰমন নিঃসৰণ ফুলি উঠে আৰু ইয়াৰ বাবে মন হতাশাত ভোগাৰ ভয় থাকে। টোপনি পূৰ নহলে চকুতো চাপ পৰে। মগজুতো বেয়াকৈ প্ৰভাৱ পৰে। ইয়াৰ ফলস্বৰূপে আমি অজ্ঞাতভাবে মৃত্যুৰ দুৱাৰমুখত থিয় হওঁহি।

আৰু পঢ়কঃ অসমীয়াৰ স্বাভিমানত আঘাত! বিলাতী সুৰা কোম্পানীৰ বিজ্ঞাপনত ব্যৱহাৰ ঢোল–পেঁপা!

কেইবাটাও অধ্যয়নে দেখুৱাইছে যে যদি আপুনি কমেও ৬ ঘণ্টা নুশুৱে তেন্তে ওজন ক্ৰমান্বয়ে বৃদ্ধি পায়। নিশা পলমকৈ শুলে মূৰৰ বিষ, ষ্ট্ৰোক, উচ্চ ৰক্তচাপ হোৱাৰ প্ৰৱল সম্ভাৱনা। গতিকে যদি আপোনাৰ এই বদ অভ্যাস আছে তেন্তে সোনকালে তাক পৰিত্যাগ কৰি সুস্থ জীৱনশৈলী গঢ়াৰ অভ্যাস গঢ়ি তোলক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ