--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নিজৰ কৰ্ম আৰু ব্যক্তিত্বৰ বাবে জনপ্ৰিয় হোৱা মানুহৰ অনুৰাগীৰ সীমাসংখ্যা নাই। হিয়াউজাৰি ভালপোৱা প্ৰিয় মানুহজনৰ বাবে যিকোনো পৰ্যায়লৈ যাব পাৰে অনুৰাগী। হিয়া উজাৰি দেখুৱাব বিচাৰে তেঁওৰ প্ৰতি থকা ভালপোৱা।

বিজয়, বিজয় দীননাথ চৌহান পুৰা নাম… এয়া যেন এক ডাইলগেই নহয়, প্ৰতিজন অনুৰাগীৰ হৃদয়ত স্থান লোৱা এক উক্তি। প্ৰায় পাঁচটা দশক ধৰি নিজৰ অভিনয়েৰে অন্তৰ জিনি আহিছে অমিতাভ বচ্চনে। টুইটাৰত বিগ বিৰ অনুৰাগীৰ সংখ্যা ৪৬ মিলিয়নৰো অধিক। লাখ লাখ অনুৰাগীৰ মাজৰে এগৰাকী লোকে আপ্লুত কৰিছে অভিনেতাজনক। সেহতীয়াকৈ ৭৯ বছৰীয়া অভিনেতাজনে সাক্ষাৎ কৰে তেঁওৰ এজন অনুৰাগীক যিয়ে নিজৰ নতুন মহিন্দ্ৰা থৰ গাড়ীখনত অমিতাভৰ চিনেমাৰ ডাইলগবোৰ লিখাই লৈছে। অনুৰাগীজনৰ সৈতে উঠা কিছু ফটোও ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰে অভিনেতাগৰাকীয়ে। তাত দিয়া কেপশ্যনত তেঁও লিখে, 'তেঁও গোটেই গাড়ীখনত মোৰ চিনেমাৰ ডাইলগবোৰ আঁকি লৈছে… আৰু তেঁওৰ চোলাটোত মোৰ গোটেই চিনেমাৰ নাম লিখা আছে… আপুনি যেতিয়া গাড়ীখনৰ দৰ্জা খুলিব তাৰ ছাউণ্ড ছিষ্টেমটোৱে মোৰ ডাইলগবোৰ বজাবলৈ আৰম্ভ কৰে'। বচ্চনে লগতে জনায় যে তেঁও ডেশ্ববোৰ্ডত অটোগ্ৰাফ নিদিয়ালৈকে অনুৰাগীগৰাকীয়ে তেঁওৰ থৰ গাড়ীখন চলোৱাই নাছিল।

অমিতাভৰ প্ৰতি অপৰিসীম ভালপোৱা থকা অনুৰাগীজন হৈছে কলকাতাৰ অনুৰাগ চিৰিমাৰ। অনুৰাগৰ কৰ্মই আনকি মহিন্দ্ৰা গ্ৰুপৰ চেয়াৰমেন আনন্দ মহিন্দ্ৰাৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। উদ্যোগপতিগৰাকীয়ে টুইটযোগে অনুৰাগৰ কামৰ শলাগ লয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ