--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ড্ৰাগছ কাণ্ডৰে সাঙুৰ খাই কাৰাগাৰত দিন কটাইছে বলীউড বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে। বাৰে বাৰে জামিনৰ আবেদন নাকচ হৈছে আৰিয়ানৰ। আৰিয়ানৰ চিন্তাত বিমৰ্ষ হৈ পৰিছে খান পৰিয়াল। কেতিয়া পুত্ৰ ওলাই আহিব মুকলি আকাশৰ তললৈ, সেই চিন্তাত চকুৰ টোপনি হৰিছে শ্বাহৰুখ-গৌৰীৰ। দুদিন পূৰ্বে শ্বাহৰুখ খানক পুত্ৰক লগ কৰিবলৈ অনুমতি দিয়া হৈছিল কিন্তু তাকো কেৱল ১৫ মিনিটৰ বাবে। দুয়ো পিতা পুত্ৰৰ মাজত আছিল এখন গ্লাছ। তেনেদৰেই পুত্ৰক মুম্বাই আৰ্থাৰ ৰোড জেইলত লগ কৰি আহে বলীউডৰ বাদশ্বাহে।

আৰু পঢ়কঃ সঁচা প্ৰেমক কোনে পাৰে বাধা দি ৰাখিব! আৰক্ষীয়ে থানাতে বিয়া পাতি দিলে প্ৰেমিক-প্ৰেমিকাৰ

কিং খানে আৰিয়ানক লগ কৰি অহাৰ পিছতেই এনচিবিৰ দলে শ্বাহৰুখ খানৰ বাসগৃহ 'মন্নত'তো অভিযান চলায়। বহুতে মন্তব্য কৰিছে যে এনচিবিয়ে জোখতকৈ অলপ বেছি কৰি আছে আৰু একাংশই কৈছে যে এনচিবিয়ে খুব সুন্দৰকৈ নিজৰ কাম কৰি গৈছে। এইখিনিতে এনচিবিৰ বিৰুদ্ধে সৰব হৈছে মহাৰাষ্ট্ৰৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ছগন ভূজবল। শ্বাহৰুখ খানক এনে পৰিস্থিতিৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ এক পৰামৰ্শ আগবঢ়াইছে মন্ত্ৰী ভূজবলে।

মন্ত্ৰী ছগন ভূজবল

মন্ত্ৰী ছগন ভূজবলে এনচিবিক কটূক্তি কৰি শ্বাহৰুখ খানক কয় যে, ''আপুনি বিজেপিত যোগদান কৰি দিয়ক তেতিয়া ড্ৰাগছ চেনি হৈ পৰিব। সকলোৰে পৰা ৰেহাই পাব আপুনি বিজেপিত যোগদান কৰিলে।'' মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ''গুজৰাটতো এক বৃহৎ পৰিমাণৰ ড্ৰাগছৰ ঘাটি উৎখাত কৰিছে আৰক্ষীয়ে। কিন্তু তাক লৈ এনচিবি নীৰৱ হৈ আছে। সেই সন্দৰ্ভত তদন্ত কৰাৰ সলনি বিজেপি চৰকাৰৰ অধীন এনচিবিয়ে যৎসামান্য ড্ৰাগছৰ বাবে শ্বাহৰুখৰ পুত্ৰৰ পিছত পৰি ব্যস্ত হৈ আছে, এয়া অতি দুৰ্ভাগ্যজনক।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ