--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ড্ৰাগছ কাণ্ডৰে সাঙুৰ খাই কাৰাগাৰত দিন কটাইছে বলীউড বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে। বাৰে বাৰে জামিনৰ আবেদন নাকচ হৈছে আৰিয়ানৰ। আৰিয়ানৰ চিন্তাত বিমৰ্ষ হৈ পৰিছে খান পৰিয়াল। কেতিয়া পুত্ৰ ওলাই আহিব মুকলি আকাশৰ তললৈ, সেই চিন্তাত চকুৰ টোপনি হৰিছে শ্বাহৰুখ-গৌৰীৰ। দুদিন পূৰ্বে শ্বাহৰুখ খানক পুত্ৰক লগ কৰিবলৈ অনুমতি দিয়া হৈছিল কিন্তু তাকো কেৱল ১৫ মিনিটৰ বাবে। দুয়ো পিতা পুত্ৰৰ মাজত আছিল এখন গ্লাছ। তেনেদৰেই পুত্ৰক মুম্বাই আৰ্থাৰ ৰোড জেইলত লগ কৰি আহে বলীউডৰ বাদশ্বাহে।

আৰু পঢ়কঃ সঁচা প্ৰেমক কোনে পাৰে বাধা দি ৰাখিব! আৰক্ষীয়ে থানাতে বিয়া পাতি দিলে প্ৰেমিক-প্ৰেমিকাৰ

কিং খানে আৰিয়ানক লগ কৰি অহাৰ পিছতেই এনচিবিৰ দলে শ্বাহৰুখ খানৰ বাসগৃহ 'মন্নত'তো অভিযান চলায়। বহুতে মন্তব্য কৰিছে যে এনচিবিয়ে জোখতকৈ অলপ বেছি কৰি আছে আৰু একাংশই কৈছে যে এনচিবিয়ে খুব সুন্দৰকৈ নিজৰ কাম কৰি গৈছে। এইখিনিতে এনচিবিৰ বিৰুদ্ধে সৰব হৈছে মহাৰাষ্ট্ৰৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ছগন ভূজবল। শ্বাহৰুখ খানক এনে পৰিস্থিতিৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ এক পৰামৰ্শ আগবঢ়াইছে মন্ত্ৰী ভূজবলে।

মন্ত্ৰী ছগন ভূজবল

মন্ত্ৰী ছগন ভূজবলে এনচিবিক কটূক্তি কৰি শ্বাহৰুখ খানক কয় যে, ''আপুনি বিজেপিত যোগদান কৰি দিয়ক তেতিয়া ড্ৰাগছ চেনি হৈ পৰিব। সকলোৰে পৰা ৰেহাই পাব আপুনি বিজেপিত যোগদান কৰিলে।'' মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ''গুজৰাটতো এক বৃহৎ পৰিমাণৰ ড্ৰাগছৰ ঘাটি উৎখাত কৰিছে আৰক্ষীয়ে। কিন্তু তাক লৈ এনচিবি নীৰৱ হৈ আছে। সেই সন্দৰ্ভত তদন্ত কৰাৰ সলনি বিজেপি চৰকাৰৰ অধীন এনচিবিয়ে যৎসামান্য ড্ৰাগছৰ বাবে শ্বাহৰুখৰ পুত্ৰৰ পিছত পৰি ব্যস্ত হৈ আছে, এয়া অতি দুৰ্ভাগ্যজনক।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু