--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : সপোনৰ পাছত দৌৰা এজন যুৱক৷ বলীউডত প্ৰতিষ্ঠা লাভৰ সপোন দেখা এদিন তেওঁক প্রত্যাখ্যান কৰা হৈছিল। আঁতৰাই পঠিওৱা হৈছিল তেওঁক মায়ানগৰীৰ পৰা। সেই প্ৰতিভাক বলীউডৰ জগতত খোপনি পোতাৰ সুবিধাই নিদিলে একাংশই৷ কিন্তু সেইজন যুৱকেই আজি নিজ চেষ্টা আৰু প্ৰতিভাৰ বলত এক সুকীয়া পৰিচয়েৰে উজলি উঠিছে৷ তেওঁ ভূৱন বাম। এতিয়া ছ'চিয়েল মিডিয়াৰ এক শিহৰণস্বৰূপ তেওঁ। তেওঁৰ প্ৰতিটো ভিডিঅ’ উপভোগ কৰে লক্ষ লক্ষ লোকে৷ বলীউডৰ পৰা বিফল মনোৰথেৰে উভতি অহা ভূৱন বামে ইউটিউবত ২০ নিযুত ছাবস্ক্ৰাইবাৰেৰে এতিয়া অৰ্জন কৰিছে অনন্য খ্যাতি৷ ভূৱন বাম ২০ মিলিয়ন ছাবস্ক্ৰাইবাৰ লাভ কৰা ভাৰতৰ প্ৰথমজন ইউটিউবাৰ হিচাপে পৰিগণিত হৈছে৷ তেওঁ ভাৰতৰ তৃতীয় সৰ্বাধিক উপাৰ্জনকাৰী ইউটিউবাৰ হিচাপেও পৰিগণিত হৈছে। যাৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৩ নিযুত মাৰ্কিন ডলাৰ।


তদুপৰি ইনষ্টাগ্ৰাম একাউন্টতো ১২মিলিয়ন ফল'ৱাৰ্ছ আছে ভূৱনৰ৷ যুৱ প্ৰজন্মৰ বহু লোকৰ বাবে এতিয়া অনুপ্ৰেৰণাৰ এক উৎস হৈ পৰা ভূৱনে এই সফল যাত্ৰাৰ সন্দৰ্ভত কয়, ‘সদায় নিজৰ অন্তৰৰ কথা শুনিবা৷ মই এতিয়াও এজন ভাল মানুহৰ পৰা শিকিবলৈ চেষ্টা কৰোঁ৷ এটা ডিগ্ৰী লোৱা আৰু জীৱনৰ লক্ষ্যৰ পাছত দৌৰা৷’ সম্প্ৰতি ভূৱন বামৰ এটা ছিৰিজে ব্যাপক সমাদৰ লাভ কৰাৰ লগে লগে তেওঁ পুনৰ চৰ্চালৈ আহিছে। ইউটিউবত ভূৱনৰ 'ধিন্দোৰা' ৱেব ছিৰিজে বিশেষভাৱে সফলতাৰ মুখ দেখিছে৷ ছিৰিজটো মুকলিৰ ২৪ ঘন্টাৰ ভিতৰতে ১ কোটি মানুহে উপভোগ কৰিছে৷ 'ধিন্দোৰা'ৰ দুয়োটা খণ্ডই ইতিমধ্যে প্ৰায় ৪ কোটি দৰ্শকে উপভোগ কৰিছে৷


১৯৯৪চনৰ গুজৰাটত জন্ম লাভ কৰা ইউটিউবাৰ ভূৱন এজনক সু-গায়ক হোৱাৰ উপৰি কমেডিয়ান আৰু লেখকো৷ ২০১৫ চনত ভূৱনে কাশ্মীৰৰ বানৰ সময়ত কৰা এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছৰে পৰা ইউটিউবৰ যাত্ৰা আৰম্ভ কৰিছিল৷ এই সফলতাৰ যাত্ৰাত ভূবনে এই বৰ্ষত মুখামুখি হ’বলগীয়া হ’ল এক কৰুণ প্ৰত্যাহ্বানৰ৷ ভূৱনৰ পিতৃ-মাতৃয়ে এই বছৰ একেলগে প্ৰাণ হেৰুৱায় ক'ভিড ১৯ত আক্ৰান্ত হৈ৷ তথাপি থমকি ৰোৱা নাই ভূৱন। প্ৰতিদিনে সফলতাৰ নিত্য-নতুন ইতিহাস ৰচনা কৰি আগবাঢ়ি গৈছে এদিন বলীউডে প্ৰত্যাখ্যান কৰা ভূৱন বাম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ