--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অসমৰ সমস্যাৰ প্ৰতি সততে পিঠি দি অহা কেন্দ্ৰীয় চৰকাৰে অসমৰ সম্পদৰ ওপৰত কিন্তু ঠিকেই দৃষ্টি ৰাখিছে। অবাধ গতিৰে অসমৰ সম্পদ আহৰণেৰে কেন্দ্ৰই বাৰম্বাৰ নিজৰ স্বৰূপ উদঙাই দি আহিছে। অসমক প্ৰাপ্যৰ পৰা বঞ্চিত কৰি নিজৰ স্বাৰ্থ পূৰণ কৰা চৰকাৰৰ আন এক পদক্ষেপ শেহতীয়াকৈ পোহৰলৈ আহিছে।অসমৰ সম্পদেৰে বাংলাদেশেৰে বিশেষ সহযোগিতা চুক্তি ৰূপায়ন কৰিব কেন্দ্ৰীয় চৰকাৰে! অসমৰ তেলেৰে বাংলাদেশৰ শক্তিৰ চাহিদা পূৰণ কৰাৰ দিশে অগ্ৰসৰ হৈছে ভাৰত চৰকাৰ। দেশৰ বিদেশ মন্ত্ৰণালয়ে এই তথ্য সদৰি কৰিছে। দেশৰ বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰীংলাই সদৰি কৰে যে, ভাৰত-বাংলাদেশ ‘ফ্ৰেইণ্ডশ্বিপ পাইপলাইন প্ৰকল্প’ৰ অহা বছৰ মুকলি কৰা হ’ব আৰু শক্তি খণ্ডৰ চাহিদা পূৰণৰ দিশত দুয়ো দেশক এই প্ৰকল্পই সহায় কৰিব। উল্লেখ্য যে, ২০১৮ চনতে এই ৩৪৬কোটিটকীয়া ‘ভাৰত-বাংলাদেশ ফ্ৰেইণ্ডশ্বিপ পাইপলাইন প্ৰকল্প’ (আইবিএফপিপি)ৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল আৰু ই এতিয়া প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। এই প্ৰকল্পৰ জৰিয়তে ভাৰতৰ শিলিগুৰিৰ সৈতে সংযোজিত কৰা হ’ব বাংলাদেশৰ দিনজানপুৰৰ পাৰ্বতীপুৰক। ১৩০ কিলোমিটাৰ জোৰা এই তেল পাইপলাইনৰ জৰিয়তে বছৰি এক নিযুত মেট্ৰিকটন তেলৰ সৰবৰাহ কৰা হ’ব।


উল্লেখ্য যে, বাংলাদেশৰ বিজয় দিৱসৰ কাৰ্যসূচীত ‘গেষ্ট অব অনাৰ’ হিচাপে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শেহতীয়াকৈ অংশগ্ৰহণ কৰিছিল আৰু সেই সময়ত তেওঁ বাংলাদেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি তথা বাংলাদেশৰ শীৰ্ষ নেতাসকলৰ সৈতে সাক্ষাৎ কৰে। এই সাক্ষাতৰ পাছতে ভাৰতৰ বৈদেশিক সচিবে কৰা এই ঘোষণা তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। চুবুৰীয়া দুয়ো দেশৰ মাজৰ এই প্ৰকল্পক ‘বিশেষ’ আখ্যা দি শ্ৰীংলাই অহা বছৰ এই প্ৰকল্প কাৰ্যকৰী কৰা সম্পৰ্কীয় আনুষ্ঠানিক ঘোষণা কৰে।ৰাষ্ট্ৰপতি কোবিন্দে দুয়ো দেশৰ মাজৰ অৰ্থনৈতিক সহযোগিতাৰ বিষয়টো উন্নীত কৰাৰ কথা তেওঁৰ ভ্ৰমণকালত প্ৰকাশ কৰিছিল আৰু তাৰ পাছতে ভাৰকে এই দিশত তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে।


এতিয়া মন কৰিবলগীয়া কথাটো হৈছে এই প্ৰকল্পৰ জৰিয়তে বাংলাদেশলৈ সৰবৰাহ কৰিবলগীয়া তেল ক’ৰ পৰা নিয়া হ’ব? এই তেল যাব অসমৰ নুমলীগড় শোধনাগাৰৰ পৰা। শিলিগুৰি মাৰ্কেটিং টাৰ্মিনেলৰ জৰিয়তে বাংলাদেশলৈ তেল প্ৰেৰণ কৰা হ’ব। দুয়ো দেশৰ মাজৰ অৰ্থনৈতিক সহযোগিতাৰ বিষয়টোত এই পদক্ষেপে নিশ্চয় সহায় কৰিব। এই ক্ষেত্ৰত সন্দেহৰ অৱকাশ নাই। কিন্তু এই প্ৰকল্পৰ জৰিয়তে অসমে কি লাভ কৰিব? কেন্দ্ৰই কেৱল অসমৰ সম্পদৰ ওপৰতহে চকু দি অহাৰ যি অভিযোগ তাক এই প্ৰকল্পই পুনৰ প্ৰমাণ কৰি তুলিলে নেকি? অসমৰ সমস্যা আৰু ৰাজ্যখনৰ অতি স্পৰ্শকাতৰ বিষয়বোৰ সন্দৰ্ভত কেন্দ্ৰৰ নিষ্ক্ৰিয়তাৰ বিপৰীতে অসমৰ সম্পদেৰে অন্য ৰাষ্ট্ৰৰ সৈতে মিতিৰালি বঢ়োৱাৰ এই পদক্ষেপ বিশেষভাৱে চৰ্চাৰ বিষয় হৈ পৰিছে। অসমৰ সম্পদৰ ওপৰত অসমৰ মানুহৰ অধিকাৰৰ দৰে দাবীৰ প্ৰাসংগিকতাক পুনৰ চৰ্চালৈ আনিছে কেন্দ্ৰৰ এই ভূমিকাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমলৈ আহিব মোহন ভাগৱত
অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ নতুন নিৰ্দেশনা
বহি:ৰাজ্যত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?
প্রধানমন্ত্রীক সাক্ষাতৰ সময়ত বাধ্যতামূলক আৰ টি-পি চি আৰ টেষ্ট