--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ 'নিয়া'ৰ শাখাৰ সংখ্যা বৃদ্ধি৷ সোমবাৰে গৃহমন্ত্ৰালয়ে দিয়া এক প্ৰস্তাৱত সমৰ্থন জনাই কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে ছটাকৈ নতুন শাখাৰ প্ৰস্তাৱ দিছিল৷ বেংগালুৰু, আহমেদাবাদ, পাটনা, জয়পুৰ, ভূপাল আৰু ভূবনেশ্বৰত হ'ব 'নিয়া'ৰ নতুন শাখা৷

বিত্ত মন্ত্ৰালয়ে এক প্ৰস্তাৱত কয় যে, "আহমেদাবাদ, বেংগালুৰু, পাটনা, জয়পুৰ, ভূপাল ভূৱনেশ্বৰত কাৰ্যালয় সৃষ্টি আৰু ৪৩৫ টা পদ সৃষ্টি সন্দৰ্ভত গৃহমন্ত্ৰালৰ পৰা প্ৰস্তাৱটো পৰীক্ষা কৰা হৈছে আৰু ৩০০ টা পদ সৃষ্টিৰ ক্ষেত্ৰত সন্মত হৈছে।" সূত্ৰ অনুসৰি, গৃহমন্ত্ৰালয়ে বিত্ত মন্ত্ৰালয়লৈ লিখা পত্ৰত প্ৰতিটো কাৰ্যালয়ৰ বাবে গড়ে ৭২জন কৰ্মচাৰী আৰু বিষয়া বিচাৰিছিল যদিও মাত্ৰ ৫০জন সদস্যৰ বাবেহে অনুমোদন লাভ কৰিছে।

বেংগালুৰু, পাটনা আৰু ভূপাল শাখাৰ নেতৃত্ব দিব উপ-মহাপৰিদৰ্শক (ডিআইজি), আনহাতে বাকী তিনিটা শাখাৰ নেতৃত্ব দিব এজন আৰক্ষী অধীক্ষক (এছপি) পৰ্যায়ৰ বিষয়াই। সকলো স্থানতে ফৰেনচিক বিশেষজ্ঞৰ সৈতে গোচৰৰ অনুসন্ধানৰ বাবে পাঁচজন পৰিদৰ্শক থাকিব।

নিয়াৰ ডিজি কুলদিপ সিঙে যোৱা বছৰ প্ৰতিনিধিত্বৰ ভিত্তিত পদ পূৰণৰ বাবে সকলো ৰাজ্যলৈ প্ৰেৰণ কৰা এখন পত্ৰত কৈছিল যে, "বৰ্তমান নতুন দিল্লীৰ মুখ্য কাৰ্যালয়ৰ উপৰিও সমগ্ৰ ভাৰতত আমাৰ ১২ টা শাখা আছে। আদেশৰ সম্প্ৰসাৰণ আৰু নিয়াৰ ভৌগোলিক প্ৰসাৰৰ সৈতে, বিশেষ দক্ষতা আৰু প্ৰশিক্ষিত জনশক্তিৰ প্ৰয়োজনীয়তাও বহুগুণে বৃদ্ধি পাইছে৷"

উল্লেখ্য যে কেন্দ্ৰীয় সংস্থাটোৱে সমগ্ৰ ভাৰততে ইয়াৰ শক্তি বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ যোৱা মাহত, নিয়া ডেপুটেচন ভিত্তিত ২৮ টা কনিষ্টবল পদৰ বাবে এটা বিজ্ঞাপন প্ৰকাশ কৰিছিল। ইয়াত নিৰ্বাচিত হোৱা কনিষ্টবলসকলে নতুন দিল্লী, গুৱাহাটী, হায়দৰাবাদ, মুম্বাই, লক্ষ্ণৌ, জম্মু, কোচি, কলকাতা, ৰায়পুৰ, জম্মু, চণ্ডিগড়, ইম্ফল, চেন্নাই আৰু ৰাঁচীৰ কাৰ্যালয়ত যোগদান কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা