--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ 'নিয়া'ৰ শাখাৰ সংখ্যা বৃদ্ধি৷ সোমবাৰে গৃহমন্ত্ৰালয়ে দিয়া এক প্ৰস্তাৱত সমৰ্থন জনাই কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে ছটাকৈ নতুন শাখাৰ প্ৰস্তাৱ দিছিল৷ বেংগালুৰু, আহমেদাবাদ, পাটনা, জয়পুৰ, ভূপাল আৰু ভূবনেশ্বৰত হ'ব 'নিয়া'ৰ নতুন শাখা৷

বিত্ত মন্ত্ৰালয়ে এক প্ৰস্তাৱত কয় যে, "আহমেদাবাদ, বেংগালুৰু, পাটনা, জয়পুৰ, ভূপাল ভূৱনেশ্বৰত কাৰ্যালয় সৃষ্টি আৰু ৪৩৫ টা পদ সৃষ্টি সন্দৰ্ভত গৃহমন্ত্ৰালৰ পৰা প্ৰস্তাৱটো পৰীক্ষা কৰা হৈছে আৰু ৩০০ টা পদ সৃষ্টিৰ ক্ষেত্ৰত সন্মত হৈছে।" সূত্ৰ অনুসৰি, গৃহমন্ত্ৰালয়ে বিত্ত মন্ত্ৰালয়লৈ লিখা পত্ৰত প্ৰতিটো কাৰ্যালয়ৰ বাবে গড়ে ৭২জন কৰ্মচাৰী আৰু বিষয়া বিচাৰিছিল যদিও মাত্ৰ ৫০জন সদস্যৰ বাবেহে অনুমোদন লাভ কৰিছে।

বেংগালুৰু, পাটনা আৰু ভূপাল শাখাৰ নেতৃত্ব দিব উপ-মহাপৰিদৰ্শক (ডিআইজি), আনহাতে বাকী তিনিটা শাখাৰ নেতৃত্ব দিব এজন আৰক্ষী অধীক্ষক (এছপি) পৰ্যায়ৰ বিষয়াই। সকলো স্থানতে ফৰেনচিক বিশেষজ্ঞৰ সৈতে গোচৰৰ অনুসন্ধানৰ বাবে পাঁচজন পৰিদৰ্শক থাকিব।

নিয়াৰ ডিজি কুলদিপ সিঙে যোৱা বছৰ প্ৰতিনিধিত্বৰ ভিত্তিত পদ পূৰণৰ বাবে সকলো ৰাজ্যলৈ প্ৰেৰণ কৰা এখন পত্ৰত কৈছিল যে, "বৰ্তমান নতুন দিল্লীৰ মুখ্য কাৰ্যালয়ৰ উপৰিও সমগ্ৰ ভাৰতত আমাৰ ১২ টা শাখা আছে। আদেশৰ সম্প্ৰসাৰণ আৰু নিয়াৰ ভৌগোলিক প্ৰসাৰৰ সৈতে, বিশেষ দক্ষতা আৰু প্ৰশিক্ষিত জনশক্তিৰ প্ৰয়োজনীয়তাও বহুগুণে বৃদ্ধি পাইছে৷"

উল্লেখ্য যে কেন্দ্ৰীয় সংস্থাটোৱে সমগ্ৰ ভাৰততে ইয়াৰ শক্তি বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ যোৱা মাহত, নিয়া ডেপুটেচন ভিত্তিত ২৮ টা কনিষ্টবল পদৰ বাবে এটা বিজ্ঞাপন প্ৰকাশ কৰিছিল। ইয়াত নিৰ্বাচিত হোৱা কনিষ্টবলসকলে নতুন দিল্লী, গুৱাহাটী, হায়দৰাবাদ, মুম্বাই, লক্ষ্ণৌ, জম্মু, কোচি, কলকাতা, ৰায়পুৰ, জম্মু, চণ্ডিগড়, ইম্ফল, চেন্নাই আৰু ৰাঁচীৰ কাৰ্যালয়ত যোগদান কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম