--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : 'চৰকাৰে সংখ্যাগৰিষ্ঠৰ পৰম্পৰা আৰু সংস্কৃতি আনৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰি আছে। এয়া অসাংবিধানিক৷' অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বোৰ্ডে বিদ্যালয়সমূহত শিক্ষাৰ্থীসকলে সূৰ্য নমস্কাৰ অনুশীলন কৰাৰ চৰকাৰৰ নিৰ্দেশনাৰ বিৰোধিতা কৰে। তেওঁলোকৰ মতে, মুছলমান শিক্ষাৰ্থীসকলে এনে কাৰ্যসূচীত অংশগ্ৰহণ কৰা উচিত নহয়৷

শেহতীয়াকৈ বিশ্ববিদ্যালয় অনুদান আয়োগে ২৯ ডিচেম্বৰত এক বিজ্ঞপ্তি জাৰি কৰিছিল৷ য'ত ভাৰতৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষ উপলক্ষে অমৃত মহোৎসৱ উদযাপনৰ অধীনত ত্ৰিৰংগাৰ সন্মুখত সূৰ্য নমস্কাৰ কৰিবলৈ সমগ্ৰ দেশৰ ৩০,০০০ প্ৰতিষ্ঠানৰ তিনি লাখ শিক্ষাৰ্থীক কোৱা হৈছিল। ইউজিচিৰ সচিব ৰজনীশ জৈনে স্বাক্ষৰ কৰা বিজ্ঞপ্তিখনত কোৱা হৈছে, 'স্বাধীনতা দিৱসৰ ৭৫ তম বাৰ্ষিকীত অমৃত মহোৎসৱ উদযাপনৰ স্মৃতিত ফেডাৰেশ্যনে ৩০ খন ৰাজ্যত ৭৫০ নিযুত সূৰ্য নমস্কাৰৰ প্ৰকল্প চলাবলৈ সিদ্ধান্ত লৈছে, য'ত ১ জানুৱাৰীৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ ৩০,০০০ প্ৰতিষ্ঠান আৰু ৩ লাখ শিক্ষাৰ্থী অন্তৰ্ভুক্ত থাকিব।

এই সিদ্ধান্ত তীব্ৰ ভাষাৰে গৰিহণা দিয়ে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বোৰ্ড নামৰ সংগঠনটোৱে৷ 'চৰকাৰে সংখ্যাগৰিষ্ঠৰ পৰম্পৰা আৰু সংস্কৃতি আনৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰি আছে। এয়া অসাংবিধানিক,' সংগঠনটোৰ সাধাৰণ সম্পাদক মৌলানা খালেদ ৰহমানীয়ে এইবুলিও মন্তব্য আগবঢ়ায়।

তেওঁ কয়, 'চৰকাৰে তৎক্ষণাৎ এই আদেশ প্ৰত্যাহাৰ কৰিব লাগিব আৰু দেশত ধৰ্মনিৰপেক্ষ মূল্যবোধৰ প্ৰচাৰ কৰিব লাগিব।' এনে নিৰ্দেশনা জাৰি কৰাৰ পৰিৱৰ্তে চৰকাৰে মুদ্ৰাস্ফীতি নিবনুৱা আদিৰ দৰে প্ৰকৃত বিষয়ত গুৰুত্ব দিব লাগিব বুলি তেওঁ উল্লেখ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম