--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : 'চৰকাৰে সংখ্যাগৰিষ্ঠৰ পৰম্পৰা আৰু সংস্কৃতি আনৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰি আছে। এয়া অসাংবিধানিক৷' অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বোৰ্ডে বিদ্যালয়সমূহত শিক্ষাৰ্থীসকলে সূৰ্য নমস্কাৰ অনুশীলন কৰাৰ চৰকাৰৰ নিৰ্দেশনাৰ বিৰোধিতা কৰে। তেওঁলোকৰ মতে, মুছলমান শিক্ষাৰ্থীসকলে এনে কাৰ্যসূচীত অংশগ্ৰহণ কৰা উচিত নহয়৷

শেহতীয়াকৈ বিশ্ববিদ্যালয় অনুদান আয়োগে ২৯ ডিচেম্বৰত এক বিজ্ঞপ্তি জাৰি কৰিছিল৷ য'ত ভাৰতৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষ উপলক্ষে অমৃত মহোৎসৱ উদযাপনৰ অধীনত ত্ৰিৰংগাৰ সন্মুখত সূৰ্য নমস্কাৰ কৰিবলৈ সমগ্ৰ দেশৰ ৩০,০০০ প্ৰতিষ্ঠানৰ তিনি লাখ শিক্ষাৰ্থীক কোৱা হৈছিল। ইউজিচিৰ সচিব ৰজনীশ জৈনে স্বাক্ষৰ কৰা বিজ্ঞপ্তিখনত কোৱা হৈছে, 'স্বাধীনতা দিৱসৰ ৭৫ তম বাৰ্ষিকীত অমৃত মহোৎসৱ উদযাপনৰ স্মৃতিত ফেডাৰেশ্যনে ৩০ খন ৰাজ্যত ৭৫০ নিযুত সূৰ্য নমস্কাৰৰ প্ৰকল্প চলাবলৈ সিদ্ধান্ত লৈছে, য'ত ১ জানুৱাৰীৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ ৩০,০০০ প্ৰতিষ্ঠান আৰু ৩ লাখ শিক্ষাৰ্থী অন্তৰ্ভুক্ত থাকিব।

এই সিদ্ধান্ত তীব্ৰ ভাষাৰে গৰিহণা দিয়ে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বোৰ্ড নামৰ সংগঠনটোৱে৷ 'চৰকাৰে সংখ্যাগৰিষ্ঠৰ পৰম্পৰা আৰু সংস্কৃতি আনৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰি আছে। এয়া অসাংবিধানিক,' সংগঠনটোৰ সাধাৰণ সম্পাদক মৌলানা খালেদ ৰহমানীয়ে এইবুলিও মন্তব্য আগবঢ়ায়।

তেওঁ কয়, 'চৰকাৰে তৎক্ষণাৎ এই আদেশ প্ৰত্যাহাৰ কৰিব লাগিব আৰু দেশত ধৰ্মনিৰপেক্ষ মূল্যবোধৰ প্ৰচাৰ কৰিব লাগিব।' এনে নিৰ্দেশনা জাৰি কৰাৰ পৰিৱৰ্তে চৰকাৰে মুদ্ৰাস্ফীতি নিবনুৱা আদিৰ দৰে প্ৰকৃত বিষয়ত গুৰুত্ব দিব লাগিব বুলি তেওঁ উল্লেখ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি