--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ গণতন্ত্ৰ আৰু সাংবিধানিক চৰিত্ৰ অক্ষুণ্ণ ৰখাৰ বাবে শাসকপক্ষৰ জনবিৰোধী তথা গণতন্ত্ৰবিৰোধী নীতিৰ মুকলি সমালোচনা বিৰোধ অত্যন্ত প্ৰয়োজন। কিন্তু শাসকপক্ষৰ ৰোষত পৰাৰ ভয়ত বৰ্তমান সময়ত বহু লোকেই চৰকাৰৰ বিৰোধ কৰিবলৈ ইতস্তত: কৰে। কিন্তু তাৰ পিছতো এনে কিছু লোক আছে, যি নিৰ্ভীক কণ্ঠৰে সংবিধানৰ পক্ষত শক্তিশালীভাৱে মাত মাতি আহিছে। স্বাভাৱিকতেই ইয়াৰ ফলো ভোগ কৰিবলগীয়া হৈছে এইসকল প্ৰতিবাদী কণ্ঠই। এই কণ্ঠসমূহ ৰুদ্ধ কৰাৰ প্ৰক্ৰিয়াস্বৰূপে এনে কণ্ঠসমূহক বিভিন্ন গোচৰত সাঙুৰি নিক্ষেপ কৰা হৈছে, নাইবা বহু সময়ত এনে কাৰণতে হত্যাৰো বলি হৈছে। গৌৰী লংকেশৰ দৰে এগৰাকী শক্তিশালী আৰু নিৰ্ভীক কণ্ঠৰ মুক্ত হত্যাৰ কথা কোনে পাহৰিব পাৰে! 

অৱশ্যে এনেদৰে চৰকাৰী ক্ষড়যন্ত্ৰৰ সন্মুখীন হোৱাৰ পিছতো নিজৰ প্ৰতিবাদী কণ্ঠ অক্ষুণ্ণ ৰাখে এনে কিছু লোকে। শেহতীয়াকৈ শাসকপক্ষৰ এনে ষড়যন্ত্ৰৰে বলি হৈছিল তথ্য পৰীক্ষক তথা সাংবাদিক মহম্মদ জুবেইৰ। শাসকীয় পক্ষৰ অগণন ভুৱা প্ৰচাৰ আৰু গণতন্ত্ৰ তথা সংবিধান বিৰোধী চক্ৰান্তক প্ৰত্যাহ্বান জনাই তথ্য পৰীক্ষণৰ জৰিয়তে জনসাধাৰণৰ সন্মুখত সত্য-সত্যতা উপস্থাপন কৰি অহা মহম্মদ জুবেইৰক যোৱা ২৭ মে’ত গ্ৰেপ্তাৰ কৰা হৈছিল। ইটোৰ পিছত সিটো ন-পুৰণি গোচৰ আৰোপ কৰি কাৰাগাৰত বন্দী কৰি ৰখা জুবেইৰক বুধবাৰে উচ্চতম ন্যায়ালয়ে কাৰামুক্ত কৰে। 

উচ্চতম ন্যায়ালয়ে জুবেইৰৰ বিৰুদ্ধে আৰোপিত সকলো গোচৰতে বুধবাৰে জামিন প্ৰদান কৰাৰ পিছত নিশালৈ কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহে জুবেইৰ। শাসকীয় পক্ষৰ এনে ষড়যন্ত্ৰৰ পিছতো সাহস হেৰুওৱা নাই জুবেইৰে। এতিয়াও গণতন্ত্ৰ তথা সংবিধানৰ পক্ষত যুঁজিবলৈ সাজু আছে জুবেইৰ। মুক্তিৰ পিছতে জুবেইৰৰ সতীৰ্থ তথা অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপক প্ৰতীক সিনহাই মহম্মদ জুবেইৰলৈ সমৰ্থন আগবঢ়োৱা সকলো লোককে কৃতজ্ঞতা জনোৱাৰ লগতে সোনকালেই জুবেইৰ নিজৰ প্ৰফেচনেল জগতখনলৈ ঘূৰি আহিব বুলি প্ৰতিশ্ৰুতি দিয়ে।

মহম্মদ জুবেইৰৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি প্ৰতীক সিনহাই এক টুইটযোগে কয় যে যোৱা কেইসপ্তাহমানত জুবেইৰ তথা অল্ট নিউজৰ কাষত থিয় হৈ সমৰ্থন আগবঢ়োৱা সকলোকে জুবেইৰে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰে। তেওঁ সোনকালেই নিজৰ প্ৰফেচনেল জগতখনলৈ ঘূৰি অহাৰ প্ৰতিশ্ৰুতি দিছে বুলি সিনহাই জানিবলৈ দিয়ে।  যোৱা নিশা ৯ বজাত দিল্লীৰ তিহাৰ কাৰাগাৰ পৰা বাহিৰ ওলায়ে কাৰাগাৰৰ বাহিৰত তেওঁৰ বাবে ৰৈ থকা গাড়ীত উঠাৰ সময়ত জুবেইৰে সাংবাদিকক উদ্দেশ্যি দেখুৱাইছিল বিজয় চিহ্ন।  ইয়াৰ দ্বাৰাই জুবেইৰে প্ৰকৃততে দেখুওৱাই দিছিল ভৱিষ্যত যুঁজৰ ইঙ্গিত।

উল্লেখ্য যে মহম্মদ জুবেইৰক প্ৰথমে ২৭ জুনত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতে উত্তৰ প্ৰদেশত তেওঁৰ বিৰুদ্ধে আন সাতখন এজাহাৰ দাখিল কৰা হৈছিল। জুবেইৰক জামিন প্ৰদান কৰাৰ সময়ত উচ্চতম ন্যায়ালয়ে জুবেইৰক এইদৰে নিৰন্তৰ বন্দী কৰি ৰখাৰ কোনো কাৰণ বা যুক্তিযুক্ততা নাই বুলি মন্তব্য কৰিছিল। লগতে উত্তৰ প্ৰদেশ চৰকাৰে জুবেইৰক টুইট কৰাত বাধা আৰোপ কৰিবলৈ জনোৱা অনুৰোধকো নাকচ কৰিছিল বিচাৰপীঠে। চৰকাৰৰ এই আৰ্জিক অস্বীকাৰ কৰি উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে এগৰাকী সাংবাদিকক কোনো কাৰণতে লিখাৰ পৰা বাৰণ কৰিব নোৱাৰে বুলি আদেশত উল্লেখ কৰিছিল। 

উল্লেখ্য যে তথ্য পৰীক্ষণৰ জৰিয়তে শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বহু ভুৱা প্ৰচাৰৰ মুখা খুলি দিয়া অল্টনিউজৰ অন্যতম প্ৰতিষ্ঠাপক সাংবাদিক গৰাকীক চাৰি বছৰ পূৰ্বৰ এটা টুইটৰ বাবে প্ৰথমে গ্ৰেপ্তাৰ কৰা হৈছিল। এই টুইটটোৰ জৰিয়তে জুবেইৰে ধৰ্মীয় অনুভূতিত আঘাত সনা বুলি গোচৰ তৰা হৈছিল। ২০১৮ চনৰ যিটো টুইটৰ বাবে জুবেইৰক গ্ৰেপ্তাৰ কৰা হৈছে, সেই টুইটটোত জুবেইৰে ১৯৮৩ চনত প্ৰকাশ পোৱা বলীউডৰ হাস্যমধুৰ চিনেমা 'কিছি ছে না কেহনা'ৰ এটা দৃশ্যৰ এখন বিশেষ ফটো ব্যৱহাৰ কৰিছিল।

জুবেইৰক প্ৰথমবাৰ গ্ৰেপ্তাৰ কৰাৰ পিছতে অল্টনিউজৰ সহ-প্ৰতিষ্ঠাপক প্ৰতীক সিনহাই অভিযোগ কৰিছিল যে জুবেইৰক এটা বেলেগ গোচৰত সোধা-পোছাৰ বাবে দিল্লীলৈ মাতি অনা হৈছিল। কিন্তু শেষত তেওঁক অন্য এটা গোচৰতহে গ্ৰেপ্তাৰ কৰা হয়। তদুপৰি জুবেইৰক প্ৰেপ্তাৰৰ পূৰ্বে কোনো গ্ৰেপ্তাৰৰ জাননী দিয়া হোৱা নাছিল বুলিও সিনহাই অভিযোগ কৰিছিল।

এই গোচৰটোৰ পিছতে জুবেইৰৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ সীতাপুৰতো আন এক গোচৰ পঞ্জীয়ন কৰা হৈছিল। সীতাপুৰ জিলাৰ তিনিগৰাকী হিন্দুত্ববাদী নেতাৰ বক্তব্যক তথ্য পৰীক্ষণৰ জৰিয়তে ভুল প্ৰমাণিত কৰি এক টুইটযোগে এই নেতাকেইজনক ঘৃণা সৃষ্টিকাৰী বুলি অভিহিত কৰিছিল জুবেইৰে। যোৱা ৭ জুলাইত এই গোচৰটোত উচ্চতম ন্যায়ালয়ে জুবেইৰক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। কিন্তু জামিনৰ পিছতে পুনৰ উত্তৰ প্ৰদেশৰ লখিমপুৰ জিলাত এবছৰ পূৰ্বেই পঞ্জীয়ন হোৱা আন এটা গোচৰত জুবেইৰক গ্ৰেপ্তাৰ কৰা হৈছিল। 

‌এনেদৰে ইটোৰ পিছত সিটোকৈ ন-পুৰণি গোচৰৰ জৰিয়তে জুবেইৰক কাৰাবন্দী কৰি ৰখাৰ পিছত সাংবাদিক গৰাকী শাসকীয় দলৰ ষড়যন্ত্ৰৰ বলি হোৱা বুলি স্পষ্ট অভিযোগ উঠিছিল। জুবেইৰে ‘অল্ট নিউজ’ নামৰ ফেক্ট চেক্‌ প’ৰ্টেলটো আৰম্ভ কৰাৰ পাছৰে পৰা বিজেপিৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত ভুৱা খবৰৰ প্ৰচাৰত চেঁচাপানী ঢালি আহিছিল৷ ইয়াৰ বাবে মহম্মদ জুবেইৰ হৈ পৰিছিল বিজেপিৰ লগতে হিন্দুত্ববাদী মহলৰ প্ৰধান শত্ৰু৷

যিসময়ত দেশৰ মূলসুঁতিৰ সংবাদ মাধ্যমসমূহে শাসক পক্ষৰ প্ৰপাগাণ্ডা প্ৰচাৰত নামি পৰিছিল, সেই সময়তে এনে সংবাদ মাধ্যমৰ বিকল্প হৈ পৰিছিল অল্ট নিউজ৷ তথ্যক সত্য ৰূপত দাঙি ধৰাৰ বাবে সামাজিক মাধ্যমতো জুবেইৰৰ প্ৰভাৱ যথেষ্ট বৃদ্ধি পাইছিল। এনে অৱস্থাত জুবেইৰ শাসক পক্ষৰ বাবে অতি বিপজ্জনক হৈ উঠিছিল৷ গতিকে জুবেইৰক শাসকীয় পক্ষই লক্ষ্য কৰি লোৱাত কোনো অস্বাভাৱিকতা নাছিল। এতিয়া চৰকাৰী ষড়যন্ত্ৰক উফৰাই কাৰাগাৰৰ পৰা বাহিৰ ওলাই অহা জুবেইৰে অনাগত সময়ত কেনে ভূমিকা পালন কৰে, সি লক্ষ্যণীয় হ’ব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এটা সময় আহিব ভাৰতীয়ই ইংৰাজী ক'বলৈ লাজ পাব : অমিত শ্বাহ
আজিৰে পৰা আৰম্ভ অম্বুবাচী মেলা
অম্বুবাচী মহাযোগক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা
পেৰিছ ডায়মণ্ড লীগৰ শীৰ্ষ স্থানত নীৰজ চোপ্ৰা
আটছা'ৰ অনুষ্ঠানত শিক্ষা বিভাগক তুলা-ধুনা সাংসদ কামাখ্যা তাছাৰ
টী বেগ ব্যৱহাৰে আপোনাৰ জীৱনলৈ আনিব পাৰে ভয়ংকৰ বিপদ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত