--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ ন্যায়িক ব্যৱস্থাত ব্ৰিটিছ যুগৰ কেইবাখনো আইনৰ অৱসান ঘটাই আজি কাৰ্যকৰী কৰা হ’ল তিনি খনকৈ ফৌজদাৰী আইন। এই আইনত মহিলা আৰু শিশুৰ বিৰুদ্ধে বৰ্ধিত অপৰাধ হ্ৰাস কৰাৰ বাবে কঠোৰ শাস্তিৰ বিধান ৰখা হৈছে। ভাৰতীয় ন্যায় সংহিতাত মুঠ ৩৬টা ধাৰাত মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধৰ শাস্তিৰ  ব্যৱস্থা কৰা হৈছে। ৬৩ নং ধাৰাত ৰুজু হ’ব ধৰ্ষণৰ গোচৰ। ৬৪ ধাৰাত অপৰাধীৰ সৰ্বোচ্চ যাৱজ্জীৱন কাৰাদণ্ড আৰু নূন্যতম ১০ বছৰৰ কাৰাদণ্ডৰ ব্যৱস্থা ৰখা হৈছে।

৬৫ নং ধাৰাত ১৬ বছৰৰ তলৰ ভুক্তভোগীক ধৰ্ষণ কৰিলে ২০ বছৰৰ কঠোৰ কাৰাদণ্ড, যাৱজ্জীৱন কাৰাদণ্ড আৰু জৰিমনা বিহাৰ ব্যৱস্থা আছে। দলবদ্ধ ধৰ্ষণত যদি ভুক্তভোগীজন প্ৰাপ্তবয়স্ক হয় তেন্তে অপৰাধীৰ বাবে যাৱজ্জীৱন কাৰাদণ্ডৰ ব্যৱস্থা আছে।

১২ বছৰৰ তলৰ ভুক্তভোগীক ধৰ্ষণ কৰিলে দোষীক নূন্যতম ২০ বছৰৰ শাস্তি, যাৱজ্জীৱন কাৰাদণ্ড বা মৃত্যুদণ্ডৰ ব্যৱস্থা ৰখা হৈছে। বিবাহৰ প্ৰলোভন দেখুৱাই  যৌন সম্পৰ্ক স্থাপন কৰা অপৰাধক ধৰ্ষণৰ পৰা পৃথক অপৰাধ বুলি গণ্য কৰা হ’ব। অৰ্থাৎ ধৰ্ষণৰ সংজ্ঞাত ইয়াক অন্তৰ্ভুক্ত কৰা হোৱা নাই।  ভুক্তভোগীক তেওঁৰ গোচৰৰ সৈতে জড়িত প্ৰতিটো আপডেটৰ বিষয়ে প্ৰতিটো স্তৰতে তেওঁৰ মোবাইল নম্বৰত এছএমএছৰ জৰিয়তে অৱগত কৰা হ’ব। আপডেট দিয়াৰ সময়সীমা ৯০ দিন নিৰ্ধাৰণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ