--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ ন্যায়িক ব্যৱস্থাত ব্ৰিটিছ যুগৰ কেইবাখনো আইনৰ অৱসান ঘটাই আজি কাৰ্যকৰী কৰা হ’ল তিনি খনকৈ ফৌজদাৰী আইন। এই আইনত মহিলা আৰু শিশুৰ বিৰুদ্ধে বৰ্ধিত অপৰাধ হ্ৰাস কৰাৰ বাবে কঠোৰ শাস্তিৰ বিধান ৰখা হৈছে। ভাৰতীয় ন্যায় সংহিতাত মুঠ ৩৬টা ধাৰাত মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধৰ শাস্তিৰ  ব্যৱস্থা কৰা হৈছে। ৬৩ নং ধাৰাত ৰুজু হ’ব ধৰ্ষণৰ গোচৰ। ৬৪ ধাৰাত অপৰাধীৰ সৰ্বোচ্চ যাৱজ্জীৱন কাৰাদণ্ড আৰু নূন্যতম ১০ বছৰৰ কাৰাদণ্ডৰ ব্যৱস্থা ৰখা হৈছে।

৬৫ নং ধাৰাত ১৬ বছৰৰ তলৰ ভুক্তভোগীক ধৰ্ষণ কৰিলে ২০ বছৰৰ কঠোৰ কাৰাদণ্ড, যাৱজ্জীৱন কাৰাদণ্ড আৰু জৰিমনা বিহাৰ ব্যৱস্থা আছে। দলবদ্ধ ধৰ্ষণত যদি ভুক্তভোগীজন প্ৰাপ্তবয়স্ক হয় তেন্তে অপৰাধীৰ বাবে যাৱজ্জীৱন কাৰাদণ্ডৰ ব্যৱস্থা আছে।

১২ বছৰৰ তলৰ ভুক্তভোগীক ধৰ্ষণ কৰিলে দোষীক নূন্যতম ২০ বছৰৰ শাস্তি, যাৱজ্জীৱন কাৰাদণ্ড বা মৃত্যুদণ্ডৰ ব্যৱস্থা ৰখা হৈছে। বিবাহৰ প্ৰলোভন দেখুৱাই  যৌন সম্পৰ্ক স্থাপন কৰা অপৰাধক ধৰ্ষণৰ পৰা পৃথক অপৰাধ বুলি গণ্য কৰা হ’ব। অৰ্থাৎ ধৰ্ষণৰ সংজ্ঞাত ইয়াক অন্তৰ্ভুক্ত কৰা হোৱা নাই।  ভুক্তভোগীক তেওঁৰ গোচৰৰ সৈতে জড়িত প্ৰতিটো আপডেটৰ বিষয়ে প্ৰতিটো স্তৰতে তেওঁৰ মোবাইল নম্বৰত এছএমএছৰ জৰিয়তে অৱগত কৰা হ’ব। আপডেট দিয়াৰ সময়সীমা ৯০ দিন নিৰ্ধাৰণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু