--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নতুনকৈ লিখা হ’ব দেশৰ ইতিহাস! এই ঘোষণা কৰিছে স্বয়ং দেশৰ গৃহমন্ত্ৰীয়ে। ইতিহাস ৰচকসকলে মোগলক অধিক গুৰু্ত্ব প্ৰদান কৰাৰ ফলত দেশৰ বহু গৰিমাময় সাম্ৰাজ্য যেন পাণ্ড্যা, চোলা, মৌৰ্য, গুপ্ত আৰু আহোমসকলৰ গৰ্ব আৰু গৰিমা ঢাক খাই পৰিছে। কিন্তু এতিয়া ইতিহাস পুনৰ্লেখনৰ পৰা আমাক কোনেও বাৰণ কৰিব নোৱাৰে। শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰা এই মন্তব্যক লৈ ব্যাপক চৰ্চা চলা দেখিবলৈ পোৱা গৈছে। 

দেশত ইতিহাস নতুনকৈ লিখাৰ অঘোষিত প্ৰক্ৰিয়া এটা চলি থকাক লৈ ব্যাপক বিতৰ্কৰ সূত্ৰপাত ঘটাৰ সময়তে গৃহমন্ত্ৰীৰ এই মন্তব্য তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, মন্দিৰ-মছজিদ, কুটুব মিনাৰ-তাজমহলৰ বিতৰ্কই দেশত তোলপাৰ লগাই থকাৰ সময়তে হজৰত মহম্মদ বিতৰ্কক লৈও দেশত তোলপাৰ লাগিছে। বিজেপিৰ এগৰাকী নিলম্বিত মুখপাত্ৰ নূপুৰ শৰ্মাই হজৰত মহম্মদ সম্পৰ্কত কৰা বিতৰ্কিত মন্তব্যৰ প্ৰসংগত ভাৰত আন্তঃৰাষ্ট্ৰীয় মঞ্চতো জবাবদিহি হ’বলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। তাৰ মাজতে গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য অতি সাহসিক আৰু সংবেদনশীল বুলি বিবেচিত হৈছে।

‘মহাৰাণা : সহস্ৰ বৰ্ষ কা ধৰ্ম যুদ্ধ’ শীৰ্ষক এখন গ্ৰন্থ উন্মোচনৰ সময়ত অমিত শ্বাহে মন্তব্য কৰে যে, ‘যিসকলে আমাৰ ইতিহাস ধ্বংস কৰিছে তেওঁলোকে যি কৰিবলগীয়া আছিল কৰিলে। কিন্তু আমাক কোনে বাধা দিব পাৰে? বুৰঞ্জী চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি ৰচনা কৰা নহয়, সত্যৰ ওপৰত আধাৰ কৰিহে ৰচনা কৰা হয়। কোনো বুৰঞ্জী গ্ৰন্থৰ পৃষ্ঠাই বুৰঞ্জীক সীমাবদ্ধ কৰিব নোৱাৰে। ই নিজৰ জ্যোতিৰে বিস্তাৰিত হয়।’

তেওঁ লগতে কয় যে, বহু দশকৰ পাছত এতিয়া বিশ্বৰ সন্মুখত গৰ্বেৰে থিয় দিয়াৰ সময় আহিছে। আমাৰ সংস্কৃতিয়ে এতিয়া বিশ্বজনীন প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ লগতে কয় যে, ইতিহাসবিদসকলে কেৱল মোগল শাসনৰ কথা আলোচনা কৰিছিল। অথচ, পাণ্ড্যা ৰাজবংশই ৮০০ বছৰ শাসন কৰিছিল। আহোমসকলে অসমত ৬৫০ বছৰ শাসন কৰিছিল। আহোমসকলে বখতিয়াৰ খিলজী, ঔৰংজেৱক যুদ্ধত পৰাজিত কৰি অসমৰ সাৰ্বভৌমত্ব অক্ষুণ্ণ ৰাখিছিল। পল্লৱ সাম্ৰাজ্যৰো সময়সীমা আছিল ৬০০ বছৰ। চোলাসকলে ৬০০ বছৰ ৰাজত্ব কৰিছিল। মৌৰ্যসকলে আফগানিস্তানৰ পৰা লংকালৈকে সমগ্ৰ দেশ ৫৫০ বছৰ শাসন কৰিছিল। সাতবাহন বংশই ৫০০ বছৰ ৰাজত্ব কৰিছিল। গুপ্তসকলে ৪০০ বছৰ শাসন কৰিছিল আৰু সমুদ্ৰগুপ্তই প্ৰথমবাৰৰ বাবে একত্ৰিত ভাৰতৰ ৰূপৰেখা প্ৰস্তু কৰিছিল। কিন্তু এইবোৰ সম্পৰ্কত কোনো তথ্য পাবলৈ ইতিহাস গ্ৰন্থত পাবলৈ নাই।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দেশৰ গৌৰৱময় ইতিহাসক সন্মুখলৈ তুলি আনিবলৈ আবেদন জনায় যাতে আমি আজি ভুল বুলি ভবা কথাবোৰ এদিন লয় হৈ পৰে আৰু সত্য প্ৰকাশিত তেওঁ হালদিঘাটীৰ যুদ্ধৰ কথা উল্লেখ কৰি কয় যে, বহু লোকে হালদিঘাটীৰ যুদ্ধৰ কথা শুনিছে কিন্তু দিৱেৰৰ মহাযুদ্ধৰ কথা বেছি মানুহে নাজানে।

শ্বাহে বুৰঞ্জীৰ প্ৰসংগ অনুসংগবোৰ উল্লেখ কৰি ইতিহাস পুনৰ্লিখনৰ কথা কৈছে যদিও ই ভাৰতৰ দৰে হাজাৰ বছৰীয়া ইতিহাস সামৰা বিশাল দেশ এখনৰ বাবে কিমান সহজসাধ্য হ’ব সেয়া সময়েহে ক’ব।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement