--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নতুনকৈ লিখা হ’ব দেশৰ ইতিহাস! এই ঘোষণা কৰিছে স্বয়ং দেশৰ গৃহমন্ত্ৰীয়ে। ইতিহাস ৰচকসকলে মোগলক অধিক গুৰু্ত্ব প্ৰদান কৰাৰ ফলত দেশৰ বহু গৰিমাময় সাম্ৰাজ্য যেন পাণ্ড্যা, চোলা, মৌৰ্য, গুপ্ত আৰু আহোমসকলৰ গৰ্ব আৰু গৰিমা ঢাক খাই পৰিছে। কিন্তু এতিয়া ইতিহাস পুনৰ্লেখনৰ পৰা আমাক কোনেও বাৰণ কৰিব নোৱাৰে। শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰা এই মন্তব্যক লৈ ব্যাপক চৰ্চা চলা দেখিবলৈ পোৱা গৈছে। 

দেশত ইতিহাস নতুনকৈ লিখাৰ অঘোষিত প্ৰক্ৰিয়া এটা চলি থকাক লৈ ব্যাপক বিতৰ্কৰ সূত্ৰপাত ঘটাৰ সময়তে গৃহমন্ত্ৰীৰ এই মন্তব্য তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, মন্দিৰ-মছজিদ, কুটুব মিনাৰ-তাজমহলৰ বিতৰ্কই দেশত তোলপাৰ লগাই থকাৰ সময়তে হজৰত মহম্মদ বিতৰ্কক লৈও দেশত তোলপাৰ লাগিছে। বিজেপিৰ এগৰাকী নিলম্বিত মুখপাত্ৰ নূপুৰ শৰ্মাই হজৰত মহম্মদ সম্পৰ্কত কৰা বিতৰ্কিত মন্তব্যৰ প্ৰসংগত ভাৰত আন্তঃৰাষ্ট্ৰীয় মঞ্চতো জবাবদিহি হ’বলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। তাৰ মাজতে গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য অতি সাহসিক আৰু সংবেদনশীল বুলি বিবেচিত হৈছে।

‘মহাৰাণা : সহস্ৰ বৰ্ষ কা ধৰ্ম যুদ্ধ’ শীৰ্ষক এখন গ্ৰন্থ উন্মোচনৰ সময়ত অমিত শ্বাহে মন্তব্য কৰে যে, ‘যিসকলে আমাৰ ইতিহাস ধ্বংস কৰিছে তেওঁলোকে যি কৰিবলগীয়া আছিল কৰিলে। কিন্তু আমাক কোনে বাধা দিব পাৰে? বুৰঞ্জী চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি ৰচনা কৰা নহয়, সত্যৰ ওপৰত আধাৰ কৰিহে ৰচনা কৰা হয়। কোনো বুৰঞ্জী গ্ৰন্থৰ পৃষ্ঠাই বুৰঞ্জীক সীমাবদ্ধ কৰিব নোৱাৰে। ই নিজৰ জ্যোতিৰে বিস্তাৰিত হয়।’

তেওঁ লগতে কয় যে, বহু দশকৰ পাছত এতিয়া বিশ্বৰ সন্মুখত গৰ্বেৰে থিয় দিয়াৰ সময় আহিছে। আমাৰ সংস্কৃতিয়ে এতিয়া বিশ্বজনীন প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ লগতে কয় যে, ইতিহাসবিদসকলে কেৱল মোগল শাসনৰ কথা আলোচনা কৰিছিল। অথচ, পাণ্ড্যা ৰাজবংশই ৮০০ বছৰ শাসন কৰিছিল। আহোমসকলে অসমত ৬৫০ বছৰ শাসন কৰিছিল। আহোমসকলে বখতিয়াৰ খিলজী, ঔৰংজেৱক যুদ্ধত পৰাজিত কৰি অসমৰ সাৰ্বভৌমত্ব অক্ষুণ্ণ ৰাখিছিল। পল্লৱ সাম্ৰাজ্যৰো সময়সীমা আছিল ৬০০ বছৰ। চোলাসকলে ৬০০ বছৰ ৰাজত্ব কৰিছিল। মৌৰ্যসকলে আফগানিস্তানৰ পৰা লংকালৈকে সমগ্ৰ দেশ ৫৫০ বছৰ শাসন কৰিছিল। সাতবাহন বংশই ৫০০ বছৰ ৰাজত্ব কৰিছিল। গুপ্তসকলে ৪০০ বছৰ শাসন কৰিছিল আৰু সমুদ্ৰগুপ্তই প্ৰথমবাৰৰ বাবে একত্ৰিত ভাৰতৰ ৰূপৰেখা প্ৰস্তু কৰিছিল। কিন্তু এইবোৰ সম্পৰ্কত কোনো তথ্য পাবলৈ ইতিহাস গ্ৰন্থত পাবলৈ নাই।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দেশৰ গৌৰৱময় ইতিহাসক সন্মুখলৈ তুলি আনিবলৈ আবেদন জনায় যাতে আমি আজি ভুল বুলি ভবা কথাবোৰ এদিন লয় হৈ পৰে আৰু সত্য প্ৰকাশিত তেওঁ হালদিঘাটীৰ যুদ্ধৰ কথা উল্লেখ কৰি কয় যে, বহু লোকে হালদিঘাটীৰ যুদ্ধৰ কথা শুনিছে কিন্তু দিৱেৰৰ মহাযুদ্ধৰ কথা বেছি মানুহে নাজানে।

শ্বাহে বুৰঞ্জীৰ প্ৰসংগ অনুসংগবোৰ উল্লেখ কৰি ইতিহাস পুনৰ্লিখনৰ কথা কৈছে যদিও ই ভাৰতৰ দৰে হাজাৰ বছৰীয়া ইতিহাস সামৰা বিশাল দেশ এখনৰ বাবে কিমান সহজসাধ্য হ’ব সেয়া সময়েহে ক’ব।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে