--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ হজৰত মহম্মদৰ ওপৰত মন্তব্যক লৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে তীব্ৰ ধমক দিছে বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নূপুৰ শৰ্মাক। ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জে বি পাদ্ৰীৱালাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে। এই গোচৰৰ পাছত ছচিয়েল মিডিয়াত টাৰ্গেট কৰা হৈছিল নূপুৰ শৰ্মাৰ গোচৰৰ ন্যায়াধীশক। নেটিজেনৰ এটা অংশই এইজন ন্যায়াধীশক কংগ্ৰেছত যোগদান কৰাৰ অভিযোগ উত্থাপন কৰে।

 

ন্যায়াধীশ সূৰ্যকান্তই আদালতত বিজেপিৰ প্ৰাক্তন মুখপাত্ৰক কয় যে, “দেশত এই অশান্তিৰ বাবে একমাত্ৰ দায়ী নুপুৰ শৰ্মা। তেওঁৰ এই তীব্ৰ মন্তব্যৰ বাবে সমগ্ৰ দেশতে জুই জ্বলি উঠিছে।'

 

 

ইয়াতেই শেষ হোৱা নাই, আদালত কক্ষত তীব্ৰ সমালোচনা হৈছিল নুপুৰ শৰ্মাক। একেদিনাই তেওঁ দেশৰ বিভিন্ন প্ৰান্তত তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা কেইবাটাও গোচৰ দিল্লীলৈ হস্তান্তৰ কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। তেওঁৰ এই আবেদন একেদিনাই দুজন ন্যায়াধীশৰ বিচাৰপীঠে খাৰিজ কৰে। ইয়াৰ বিপৰীতে তেওঁক তীব্ৰ ধমকি দিয়া হৈছিল। ন্যায়াধীশৰ এখন বিচাৰপীঠে তেওঁক কয় যে তেওঁ টিভিত আহি জনসাধাৰণৰ অনুভৱত আঘাত দিয়াৰ বাবে সমগ্ৰ দেশৰ ওচৰত ক্ষমা খুজিব লাগে। উদয়পুৰত অশান্তিৰ বাবে নুপুৰ শৰ্মাৰ মন্তব্যক জগৰীয়া কৰে ন্যায়াধীশসকলে।

 

বিচাৰপীঠত আছিল ন্যায়াধীশ জে বি পাৰ্দ্ৰীৱালা। ১৯৮৯-১৯৯০ চনলৈ তেওঁ কংগ্ৰেছৰ বিধায়ক আছিল বুলি ছচিয়েল মিডিয়াত প্ৰচাৰ হৈছিল কিছুমান ভুৱা স্ক্ৰীণশ্বট। উচ্চতম ন্যায়ালয়ত পঞ্জীয়নভুক্ত ন্যায়াধীশৰ প্ৰফাইল পৰীক্ষা কৰি এই দাবী সম্পূৰ্ণ মিছা বুলি ধৰা পৰে। ১৯৬৫ চনৰ ১২ আগষ্টত মুম্বাইত দক্ষিণ গুজৰাটৰ বালছাইৰ অধিবক্তাৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল পাৰ্দ্ৰীৱালাৰ। ককা-আইতাকৰ পদাংক অনুসৰণ কৰি ১৯৫৫ চনত তেওঁ আইন চৰ্চা আৰম্ভ কৰে। অৱশ্যে স্বয়ং জে বি পাৰদিৱালা নহয়, পিতৃ বৰজোৰজী পাৰদিৱালা কংগ্ৰেছৰ বিধায়ক আছিল। তেওঁ মুখ্যমন্ত্ৰী মাধৱ সিং সোলাংকী আৰু অমৰ সিং চৌধুৰীৰ অধীনত সপ্তম গুজৰাট বিধানসভাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

 

১৯৮৯ চনত ন্যায়াধীশ জে বি পাৰ্দিৱালাই আইন চৰ্চা আৰম্ভ কৰিছিল। ২০১১ চনত তেওঁ গুজৰাট উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ২০১৩ চনত তেওঁ স্থায়ী ন্যায়াধীশ হৈছিল। চলিত বৰ্ষৰ ৯ মেৰ পৰা তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাম আৰম্ভ কৰিছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ