--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ হজৰত মহম্মদৰ ওপৰত মন্তব্যক লৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে তীব্ৰ ধমক দিছে বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নূপুৰ শৰ্মাক। ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জে বি পাদ্ৰীৱালাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে। এই গোচৰৰ পাছত ছচিয়েল মিডিয়াত টাৰ্গেট কৰা হৈছিল নূপুৰ শৰ্মাৰ গোচৰৰ ন্যায়াধীশক। নেটিজেনৰ এটা অংশই এইজন ন্যায়াধীশক কংগ্ৰেছত যোগদান কৰাৰ অভিযোগ উত্থাপন কৰে।

 

ন্যায়াধীশ সূৰ্যকান্তই আদালতত বিজেপিৰ প্ৰাক্তন মুখপাত্ৰক কয় যে, “দেশত এই অশান্তিৰ বাবে একমাত্ৰ দায়ী নুপুৰ শৰ্মা। তেওঁৰ এই তীব্ৰ মন্তব্যৰ বাবে সমগ্ৰ দেশতে জুই জ্বলি উঠিছে।'

 

 

ইয়াতেই শেষ হোৱা নাই, আদালত কক্ষত তীব্ৰ সমালোচনা হৈছিল নুপুৰ শৰ্মাক। একেদিনাই তেওঁ দেশৰ বিভিন্ন প্ৰান্তত তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা কেইবাটাও গোচৰ দিল্লীলৈ হস্তান্তৰ কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। তেওঁৰ এই আবেদন একেদিনাই দুজন ন্যায়াধীশৰ বিচাৰপীঠে খাৰিজ কৰে। ইয়াৰ বিপৰীতে তেওঁক তীব্ৰ ধমকি দিয়া হৈছিল। ন্যায়াধীশৰ এখন বিচাৰপীঠে তেওঁক কয় যে তেওঁ টিভিত আহি জনসাধাৰণৰ অনুভৱত আঘাত দিয়াৰ বাবে সমগ্ৰ দেশৰ ওচৰত ক্ষমা খুজিব লাগে। উদয়পুৰত অশান্তিৰ বাবে নুপুৰ শৰ্মাৰ মন্তব্যক জগৰীয়া কৰে ন্যায়াধীশসকলে।

 

বিচাৰপীঠত আছিল ন্যায়াধীশ জে বি পাৰ্দ্ৰীৱালা। ১৯৮৯-১৯৯০ চনলৈ তেওঁ কংগ্ৰেছৰ বিধায়ক আছিল বুলি ছচিয়েল মিডিয়াত প্ৰচাৰ হৈছিল কিছুমান ভুৱা স্ক্ৰীণশ্বট। উচ্চতম ন্যায়ালয়ত পঞ্জীয়নভুক্ত ন্যায়াধীশৰ প্ৰফাইল পৰীক্ষা কৰি এই দাবী সম্পূৰ্ণ মিছা বুলি ধৰা পৰে। ১৯৬৫ চনৰ ১২ আগষ্টত মুম্বাইত দক্ষিণ গুজৰাটৰ বালছাইৰ অধিবক্তাৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল পাৰ্দ্ৰীৱালাৰ। ককা-আইতাকৰ পদাংক অনুসৰণ কৰি ১৯৫৫ চনত তেওঁ আইন চৰ্চা আৰম্ভ কৰে। অৱশ্যে স্বয়ং জে বি পাৰদিৱালা নহয়, পিতৃ বৰজোৰজী পাৰদিৱালা কংগ্ৰেছৰ বিধায়ক আছিল। তেওঁ মুখ্যমন্ত্ৰী মাধৱ সিং সোলাংকী আৰু অমৰ সিং চৌধুৰীৰ অধীনত সপ্তম গুজৰাট বিধানসভাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

 

১৯৮৯ চনত ন্যায়াধীশ জে বি পাৰ্দিৱালাই আইন চৰ্চা আৰম্ভ কৰিছিল। ২০১১ চনত তেওঁ গুজৰাট উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ২০১৩ চনত তেওঁ স্থায়ী ন্যায়াধীশ হৈছিল। চলিত বৰ্ষৰ ৯ মেৰ পৰা তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাম আৰম্ভ কৰিছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ