--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱসান ঘটিল মহাৰাষ্ট্ৰৰ সপ্তাহজোৰা ৰাজনৈতিক অস্থিৰতাৰ। বিজেপিৰ সমৰ্থনত বিসম্বাদী নেতা একনাথ সিন্দেই ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাৰ পিছতেই অৱশেষত বিসম্বাদে অস্থিৰ কৰি তোলা মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতিৰ ইতি পৰে। এই সংকটৰ পাছতে মহাৰাষ্ট্ৰৰ ক্ষমতা হেৰুওৱা শিৱ সেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেক কটাক্ষ কৰিছে তেওঁৰ কনিষ্ঠ ভাতৃয়ে। শিৱ সেনাৰ জন্মদাতা তথা উদ্ধৱ ঠাকৰেৰ পিতৃ বালাচাহেব ঠাকৰেৰ ভাতৃ শ্ৰীকান্ত ঠাকৰেৰ পুত্ৰ ৰাজ ঠাকৰেই উদ্ধৱ ঠাকৰেক উদ্দেশ্যি এক বিশেষ তিতকাৰি মাৰিছে।

মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ মুৰব্বী গৰাকীয়ে বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ উদ্ধৱ ঠাকৰে চৰকাৰৰ পতনৰ পাছতে জেষ্ঠ ভাতৃক উপহাস কৰি সৌভাগ্য সফলতা নহয় বুলি কটাক্ষ কৰে। ৰাজ ঠাকৰেই কয়, "যেতিয়া কোনোবাই নিজৰ সৌভাগ্যক নিজৰ ব্যক্তিগত সফলতা বুলি ভুল বুজে, তেতিয়া এজন ব্যক্তিৰ অৱনতিৰ দিশত যাত্ৰা আৰম্ভ হয়।"

উল্লেখ্য যে বৃহস্পতিবাৰে মহাৰাষ্ট্ৰ বিধানসভাত অনুষ্ঠিত হ'বলগীয়া আস্থা ভোট স্থগিত ৰাখিবলৈ উদ্ধৱ ঠাকৰে শিবিৰে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। কিন্তু বুধবাৰে উচ্চতম ন্যায়ালয়ত এই আবেদন নাকচ হোৱাৰ পিছতে নিশা মুখ্যমন্ত্ৰী পদৰ লগতে বিধায়ক পদৰ পৰাও পদত্যাগ কৰিছিল উদ্ধৱ ঠাকৰেই। জেষ্ঠ ভাতৃৰ পতনৰ পাছতে ৰাজ ঠাকৰেৰ এই মন্তব্যই সম্প্ৰতি তীব্ৰ চৰ্চা লাভ কৰিছে।

স্মৰ্তব্য যে ‘মহাৰাষ্ট্ৰ মাৰাঠী সকলৰ’ — এই নীতিক সাৰোগত কৰি চলি থকা শিৱ সেনাই ভোট বেংকৰ স্বাৰ্থত পিছলৈ হিন্দুত্ববাদী নীতিকো অনুসৰণ কৰিবলৈ লয়। হিন্দুত্ববাদী ভোট বিভাজন এৰাই চলিবলৈ শিৱসেনাই বিজেপিৰ সৈতে মিত্ৰতা গঢ়ি তুলিছিল। কিন্তু ২০১৯ চনৰ বিধানসভা নিৰ্বাচনৰ পিছতে দুয়োটা দলৰ মাজত হোৱা বিবাদৰ ফলস্বৰূপে শিৱ সেনাই বিজেপিৰ সৈতে প্ৰায় ২৫ বছৰীয়া মিত্ৰতা ভংগ কৰে আৰু কংগ্ৰেছ, এনচিপিৰে মিলি মহাৰাষ্ট্ৰৰ চৰকাৰ গঠন কৰে।

ইয়াৰ পাছতে শিৱ সেনা বিজেপিৰ ঘোৰ বিৰোধী হৈ পৰাৰ সমান্তৰালভাৱে ধৰ্মীয় ক্ষেত্ৰটো এক উদাৰ নীতি গ্ৰহণ কৰে। পূৰ্বৰ উগ্ৰ হিন্দুত্ববাদী নীতি পৰিহাৰ কৰি এক উদাৰবাদী নীতি গ্ৰহণ কৰাৰ পাছতে শিৱ সেনাৰ সৈতে প্ৰত্যক্ষ ৰূপত সংঘাত সৃষ্টি হৈছিল ৰাজ ঠাকৰেৰ। উগ্ৰ হিন্দুত্ববাদৰ পৃষ্ঠপোষকতা কৰা ৰাজ ঠাকৰেই শিৱ সেনাক তীক্ষ্ণ সমালোচনা কৰাৰ লগতে শেহতীয়াকৈ মহাৰাষ্ট্ৰত মুছলমান সকলৰ বিৰুদ্ধে এক সাম্প্ৰদায়িক সকীয়নিও প্ৰদান কৰিছিল।

ৰাজ ঠাকৰেৰ এই মন্তব্যৰ পিছতে শিৱ সেনা নেতৃত্বাধীন মহা বিকাশ আঘাৰী চৰকাৰে ৰাজ্যখনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে ৰাজ ঠাকৰেৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো ইঙ্গিত দিছিল। লগতে মহাৰাষ্ট্ৰ আৰক্ষীয়েও মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ মুৰব্বীগৰাকীক এই সন্দৰ্ভত সকীয়নি প্ৰদান কৰিছিল। ইয়াৰ পাছতে উদ্ধৱ ঠাকৰে তথা শিৱ সেনাৰ বিপক্ষে অধিক সোচ্চাৰ হৈ পৰিছিল ৰাজ ঠাকৰে।
আনহাতে শেহতীয়াকৈ মহাৰাষ্ট্ৰত ৰাজনৈতিক সংকটৰ সৃষ্টি কৰি শিৱসেনা দল তথা মহা বিকাশ আঘাৰী চৰকাৰৰ বিৰুদ্ধে বিসম্বাদৰ সূচনা কৰা বিসম্বাদী শিবিৰটোৰ সৈতে ৰাজ ঠাকৰে আলোচনাত মিলিত হৈছিল বুলিও খবৰ ওলাইছিল।

স্মৰ্তব্য যে ৰাজ ঠাকৰেই ২০০৫ চনত বালাচাহেব ঠাকৰেৰ পিছত শিৱসেনাৰ মুৰব্বীৰ পদত অধিষ্ঠিত হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল যদিও তেওঁৰ পৰিৱৰ্তে উদ্ধৱ ঠাকৰেহে এই দায়িত্বত অধিষ্ঠিত হৈছিল। ইয়াৰ পাছতে ৰাজ ঠাকৰেই শিৱসেনাৰ পৰা আঁতৰি মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ জন্ম দিছিল। তেতিয়াৰ পৰাই জেষ্ঠ ভাতৃ উদ্ধৱ ঠাকৰে তথা শিৱসেনাৰ সৈতে বিবাদত লিপ্ত হৈ আহিছে ৰাজ ঠাকৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ