--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘ভেলেণ্টাইন দিৱস’ত পাকিস্তানৰ ৰাজধানীৰ এখন চিকিৎসা মহাবিদ্যালয়ৰ সকলো শিক্ষাৰ্থীলৈ তালিবানী ফৰমান জাৰি কৰা হৈছে। এই ফৰমানত কোৱা হৈছে যে ‘ভেলেণ্টাইন দিৱস’ত সকলো ছাত্ৰীয়ে হিজাব পিন্ধিব আৰু সকলো ছাত্ৰই ছাত্ৰীৰ পৰা অতিকমেও ২০০ মিটাৰ দূৰত্ব বজাই ৰখাৰ উপৰি পিন্ধিব লাগিব বগা নামাজ টুপীও। লগতে নিৰ্দেশনা অনুসৰি মহাবিদ্যালয়ৰ কৰ্মচাৰীসকলে কলেজ চৌহদৰ ভিতৰত টহল দিব যাতে কোনো শিক্ষাৰ্থীয়ে এই নিৰ্দেশনা ভংগ নকৰে। শিক্ষাৰ্থীসকলক ‘ভেলেণ্টাইন দিৱস’ উদযাপনৰ পৰা নিষিদ্ধ কৰা হৈছে। ‘ফ্ৰাইডে টাইমছ’ৰ এক প্ৰতিবেদন অনুসৰি শনিবাৰে ইছলামাবাদ আন্তঃৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয়খনত ‘ভেলেণ্টাইন দিৱস’ উদযাপন আৰু ইয়াৰ সৈতে সম্পৰ্কিত সকলো অনুষ্ঠানত অংশগ্ৰহণৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে, এনেধৰণৰ অনুষ্ঠানে যুৱকসকলক ভুলপথে পৰিচালিত কৰাৰ আশংকা ব্যক্ত কৰিছে। ইছলামাবাদ আন্তঃৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্দেশনা অনুসৰি বিদ্যালয়ৰ সকলো ছাত্ৰীৰ মূৰত থাকিব এখনকৈ স্কার্ফেৰে সৰ্বশৰীৰ ভালদৰে ঢাকি ৰাখিব লাগিব। ইয়াৰ উপৰি সকলো শিক্ষাৰ্থীয়ে প্ৰাৰ্থনাৰ সৈতে বগা টুপী পিন্ধিব লাগিব। এই ফৰমান উলংঘা কৰা শিক্ষাৰ্থীসকলক বিহা হ’ব জৰিমনা। নিৰ্দেশ মৰ্মে মহাবিদ্যালয়ৰ কৰ্মচাৰীসকলে মহাবিদ্যালয়ৰ চৌহদত টহল দিব যাতে কোনো শিক্ষাৰ্থীয়ে এই নিৰ্দেশনা ভংগ নকৰে। অন্যথা নিৰ্দেশনা উলংঘা কৰা শিক্ষাৰ্থীসকলক বিহা হ’ব জৰিমনা। উল্লেখ্য যে, ইছলামাবাদৰ আন্তঃৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয়খন ১৯৯৬ চনতেই স্থাপিত হৈছিল আৰু এই চিকিৎসা মহাবিদ্যালয়খন ৰিফা আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক