--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘ভেলেণ্টাইন দিৱস’ত পাকিস্তানৰ ৰাজধানীৰ এখন চিকিৎসা মহাবিদ্যালয়ৰ সকলো শিক্ষাৰ্থীলৈ তালিবানী ফৰমান জাৰি কৰা হৈছে। এই ফৰমানত কোৱা হৈছে যে ‘ভেলেণ্টাইন দিৱস’ত সকলো ছাত্ৰীয়ে হিজাব পিন্ধিব আৰু সকলো ছাত্ৰই ছাত্ৰীৰ পৰা অতিকমেও ২০০ মিটাৰ দূৰত্ব বজাই ৰখাৰ উপৰি পিন্ধিব লাগিব বগা নামাজ টুপীও। লগতে নিৰ্দেশনা অনুসৰি মহাবিদ্যালয়ৰ কৰ্মচাৰীসকলে কলেজ চৌহদৰ ভিতৰত টহল দিব যাতে কোনো শিক্ষাৰ্থীয়ে এই নিৰ্দেশনা ভংগ নকৰে। শিক্ষাৰ্থীসকলক ‘ভেলেণ্টাইন দিৱস’ উদযাপনৰ পৰা নিষিদ্ধ কৰা হৈছে। ‘ফ্ৰাইডে টাইমছ’ৰ এক প্ৰতিবেদন অনুসৰি শনিবাৰে ইছলামাবাদ আন্তঃৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয়খনত ‘ভেলেণ্টাইন দিৱস’ উদযাপন আৰু ইয়াৰ সৈতে সম্পৰ্কিত সকলো অনুষ্ঠানত অংশগ্ৰহণৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে, এনেধৰণৰ অনুষ্ঠানে যুৱকসকলক ভুলপথে পৰিচালিত কৰাৰ আশংকা ব্যক্ত কৰিছে। ইছলামাবাদ আন্তঃৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্দেশনা অনুসৰি বিদ্যালয়ৰ সকলো ছাত্ৰীৰ মূৰত থাকিব এখনকৈ স্কার্ফেৰে সৰ্বশৰীৰ ভালদৰে ঢাকি ৰাখিব লাগিব। ইয়াৰ উপৰি সকলো শিক্ষাৰ্থীয়ে প্ৰাৰ্থনাৰ সৈতে বগা টুপী পিন্ধিব লাগিব। এই ফৰমান উলংঘা কৰা শিক্ষাৰ্থীসকলক বিহা হ’ব জৰিমনা। নিৰ্দেশ মৰ্মে মহাবিদ্যালয়ৰ কৰ্মচাৰীসকলে মহাবিদ্যালয়ৰ চৌহদত টহল দিব যাতে কোনো শিক্ষাৰ্থীয়ে এই নিৰ্দেশনা ভংগ নকৰে। অন্যথা নিৰ্দেশনা উলংঘা কৰা শিক্ষাৰ্থীসকলক বিহা হ’ব জৰিমনা। উল্লেখ্য যে, ইছলামাবাদৰ আন্তঃৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয়খন ১৯৯৬ চনতেই স্থাপিত হৈছিল আৰু এই চিকিৎসা মহাবিদ্যালয়খন ৰিফা আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা