--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হাইভল্টেজ আৰিয়ান খান কাণ্ডই এতিয়া নতুন গতি লাভ কৰিছে। আৰিয়ান খানক ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা বুলি উঠা অভিযোগে ব’ম্বে উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পাছতে এতিয়া অধিক মান্যতা পোৱা বুলি চৰ্চা চলিছে। তিনিসপ্তাহ কাৰাবন্দী হৈ থকাৰ পাছত বৃহস্পতিবাৰে জামিন দিয়া হয় শ্বাহৰুখ তনয় আৰিয়ানক।

আৰিয়ানৰ জামিন লাভৰ পাছতে এতিয়া বিভিন্নজন তাৰকাই এয়া সত্যৰ জয় আখ্যা দিছে। ইয়াৰ বিপৰীতে ভালেমান গুৰুতৰ অভিযোগ তথা নানা বিতৰ্কৰ সৈতে সাঙোৰ খাই পৰিছে এনচিবিৰ জ’নেল ডাইৰেক্টৰ সমীৰ ৱাংখেৰে। কিয়নো ড্ৰাগছ সেৱন আৰু লগত ৰখাৰ প্ৰমাণ নোহোৱাকৈ কেইবাবছৰো পুৰণি হোৱাটছএপ চাটৰ আধাৰত আৰিয়ানক গ্ৰেপ্তাৰ কৰাটো এতিয়া স্পষ্ট হৈ পৰিছে। আৰিয়ান কাণ্ডত ২৫ কোটিৰ ডীল, এনচিবিৰ অভিযানকাৰী দলত সন্দেহজনক একাধিক লোকৰ উপস্থিতিৰ পাছতে সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে উঠা অভিযোগে অধিক তীব্ৰ ৰূপ লাভ কৰিছে। সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে নানা গুৰুতৰ অভিযোগ উত্থাপনেৰে এই আক্ৰমণৰ নেতৃত্ব দিছে মহাৰাষ্ট্ৰৰ মন্ত্ৰী তথা এনচিপিৰ নেতা নৱাব মালিকে। আৰিয়ানৰ জামিনৰ পাছত মালিকে ‘পিকচাৰ অভী বাকী হ্যে…’ বুলি ইংগিতপূৰ্ণ মন্তব্য কৰা দেখা গৈছে। কেৱল এয়াই নহয়, তেওঁ আন এক বিস্ফোৰক মন্তব্যৰে কয় যে, ‘তোতা অব পিঞ্জৰে ম্যে জানে ৱালা হ্যে…’ অৰ্থাৎ ‘ভাটৌ এতিয়া পিঞ্জৰাত বন্দী হ’বলৈ গৈ আছে…।’ এই মন্তব্য সমীৰ ৱাংখেৰেক উদ্দেশ্যি কৰিছে মালিকে।


মন কৰিবলগীয়া যে, এনচিবি-এ আৰিয়ান খান কাণ্ডৰ সাক্ষী হিচাপে প্ৰক্ষেপ কৰা দুজন লোকে এতিয়া এনচিবিক বিপদত পেলোৱাৰ সম্ভাৱনা গাঢ় হৈ পৰিছে। তাৰ এজন হৈছে কিৰণ গোছাৱী নামৰ লোকজন। গোছাৱীক পুৰণি গোচৰত গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে। আঠ দিনৰ বাবে তেওঁক দিয়া হৈছে আৰক্ষীৰ জিম্মাত। আটক কৰাৰ পাছত আৰিয়ানৰ সৈতে এইজন গোছাৱীৰ ছেলফীয়েই ভাইৰেল হৈ পৰিছিল। তাৰ পাছৰ পৰাই একাধিক গোচৰত পলাতক হৈ থকা অপৰাধীজনক বিচাৰ-খোচাৰ কৰা আৰম্ভ কৰিছিল মুম্বাই আৰক্ষীয়ে। দীঘলীয়া সময় আত্মগোপন কৰি থকাৰ পাছত পুনে আৰক্ষীৰ জালত পৰে গোছাৱী। ইফালে গোছাৱীৰ বডীগাৰ্ড প্ৰভাকৰ ছাইল নামৰ লোকজনে আৰিয়ান কাণ্ডত ২৫ কোটিৰ ডীলৰ কথা ফাদিল কৰি আন এক বিস্ফোৰণ ঘটায়। গোছাৱীৰ জৰিয়তে সমীৰ ৱাংখেৰেই এই জাল পেলাইছিল যদিও এতিয়া সেই জালতে বন্দী হ’বলৈ গৈ আছে সমীৰ ৱাংখেৰে। ইতিমধ্যে আৰিয়ান খান কাণ্ডৰ তদন্তৰ পৰা সমীৰ ৱাংখেৰেক আঁতৰোৱা হৈছে আৰু এই তদন্তৰ তেওঁ তদাৰকহে কৰিব বুলি এনচিবি-এ স্পষ্ট কৰি দিছে। তেওঁৰ বিৰুদ্ধে বিভাগীয় তদন্তও আৰম্ভ হৈ গৈছে। ইফালে, মু্ম্বাই আৰক্ষীয়েও বিশেষ গোট গঠন কৰি সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। মুঠতে খেল সম্পূৰ্ণৰূপে এতিয়া সলনি হৈছে।


গ্ৰেপ্তাৰৰ আশংকা বৃদ্ধি পোৱাৰ লগে লগে এতিয়া ব’ম্বে উচ্চ ন্যায়ালয়ৰ শৰণাপন্ন হৈছে সমীৰ ৱাংখেৰে। তেওঁ গ্ৰেপ্তাৰৰ পৰা অন্তৰ্ৱৰ্তী সুৰক্ষা বিচাৰি কাষ চাপিছে ন্যায়ালয়ৰ। তেওঁক গ্ৰেপ্তাৰত ন্যায়ালয়ে বাধা আৰোপ নকৰিলে যদিও তেওঁক গ্ৰেপ্তাৰৰ পূৰ্বে তিনিদিনৰ নটিচ মুম্বাই আৰক্ষীয়ে দিব বুলি ন্যায়ালয়ে সদৰি কৰিছে। ইয়াৰ অৰ্থ এটাই যে, এতিয়া আৰক্ষীৰ হেণ্ডকাফে সমীৰ ৱাংখেৰেকো খেদি ফুৰিছে। তেওঁ ন্যায়ালয়ত অভিযোগ কৰিছে যে, তেওঁৰ ওপৰত মহাৰাষ্ট্ৰ চৰকাৰে ব্যক্তিগত আক্ৰমণ কৰিছে। তেওঁ তেওঁৰ বিৰুদ্ধে চলা তদন্ত চিবিআই বা অন্য কেন্দ্ৰীয় সংস্থালৈ হস্তান্তৰ কৰাৰো আবেদন জনাইছে। এক অৰ্থাৎ চিকাৰী এতিয়া নিজৰ জালতে বন্দী হৈ ছটফটাবলৈ আৰম্ভ কৰিছে আৰু নিজৰেই ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে সমীৰ ৱাংখেৰে নামৰ এনচিবিৰ মুম্বাইৰ জ’নেল ডাইৰেক্টৰজন। তেওঁৰ বিৰুদ্ধে উঠা অভিযোগবোৰ সত্য প্ৰমাণিত হ’লেই তেওঁ কঠোৰ শাস্তিৰ সন্মুখীন হোৱাটো এতিয়া নিশ্চিত হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন