--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হাইভল্টেজ আৰিয়ান খান কাণ্ডই এতিয়া নতুন গতি লাভ কৰিছে। আৰিয়ান খানক ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা বুলি উঠা অভিযোগে ব’ম্বে উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পাছতে এতিয়া অধিক মান্যতা পোৱা বুলি চৰ্চা চলিছে। তিনিসপ্তাহ কাৰাবন্দী হৈ থকাৰ পাছত বৃহস্পতিবাৰে জামিন দিয়া হয় শ্বাহৰুখ তনয় আৰিয়ানক।

আৰিয়ানৰ জামিন লাভৰ পাছতে এতিয়া বিভিন্নজন তাৰকাই এয়া সত্যৰ জয় আখ্যা দিছে। ইয়াৰ বিপৰীতে ভালেমান গুৰুতৰ অভিযোগ তথা নানা বিতৰ্কৰ সৈতে সাঙোৰ খাই পৰিছে এনচিবিৰ জ’নেল ডাইৰেক্টৰ সমীৰ ৱাংখেৰে। কিয়নো ড্ৰাগছ সেৱন আৰু লগত ৰখাৰ প্ৰমাণ নোহোৱাকৈ কেইবাবছৰো পুৰণি হোৱাটছএপ চাটৰ আধাৰত আৰিয়ানক গ্ৰেপ্তাৰ কৰাটো এতিয়া স্পষ্ট হৈ পৰিছে। আৰিয়ান কাণ্ডত ২৫ কোটিৰ ডীল, এনচিবিৰ অভিযানকাৰী দলত সন্দেহজনক একাধিক লোকৰ উপস্থিতিৰ পাছতে সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে উঠা অভিযোগে অধিক তীব্ৰ ৰূপ লাভ কৰিছে। সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে নানা গুৰুতৰ অভিযোগ উত্থাপনেৰে এই আক্ৰমণৰ নেতৃত্ব দিছে মহাৰাষ্ট্ৰৰ মন্ত্ৰী তথা এনচিপিৰ নেতা নৱাব মালিকে। আৰিয়ানৰ জামিনৰ পাছত মালিকে ‘পিকচাৰ অভী বাকী হ্যে…’ বুলি ইংগিতপূৰ্ণ মন্তব্য কৰা দেখা গৈছে। কেৱল এয়াই নহয়, তেওঁ আন এক বিস্ফোৰক মন্তব্যৰে কয় যে, ‘তোতা অব পিঞ্জৰে ম্যে জানে ৱালা হ্যে…’ অৰ্থাৎ ‘ভাটৌ এতিয়া পিঞ্জৰাত বন্দী হ’বলৈ গৈ আছে…।’ এই মন্তব্য সমীৰ ৱাংখেৰেক উদ্দেশ্যি কৰিছে মালিকে।


মন কৰিবলগীয়া যে, এনচিবি-এ আৰিয়ান খান কাণ্ডৰ সাক্ষী হিচাপে প্ৰক্ষেপ কৰা দুজন লোকে এতিয়া এনচিবিক বিপদত পেলোৱাৰ সম্ভাৱনা গাঢ় হৈ পৰিছে। তাৰ এজন হৈছে কিৰণ গোছাৱী নামৰ লোকজন। গোছাৱীক পুৰণি গোচৰত গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে। আঠ দিনৰ বাবে তেওঁক দিয়া হৈছে আৰক্ষীৰ জিম্মাত। আটক কৰাৰ পাছত আৰিয়ানৰ সৈতে এইজন গোছাৱীৰ ছেলফীয়েই ভাইৰেল হৈ পৰিছিল। তাৰ পাছৰ পৰাই একাধিক গোচৰত পলাতক হৈ থকা অপৰাধীজনক বিচাৰ-খোচাৰ কৰা আৰম্ভ কৰিছিল মুম্বাই আৰক্ষীয়ে। দীঘলীয়া সময় আত্মগোপন কৰি থকাৰ পাছত পুনে আৰক্ষীৰ জালত পৰে গোছাৱী। ইফালে গোছাৱীৰ বডীগাৰ্ড প্ৰভাকৰ ছাইল নামৰ লোকজনে আৰিয়ান কাণ্ডত ২৫ কোটিৰ ডীলৰ কথা ফাদিল কৰি আন এক বিস্ফোৰণ ঘটায়। গোছাৱীৰ জৰিয়তে সমীৰ ৱাংখেৰেই এই জাল পেলাইছিল যদিও এতিয়া সেই জালতে বন্দী হ’বলৈ গৈ আছে সমীৰ ৱাংখেৰে। ইতিমধ্যে আৰিয়ান খান কাণ্ডৰ তদন্তৰ পৰা সমীৰ ৱাংখেৰেক আঁতৰোৱা হৈছে আৰু এই তদন্তৰ তেওঁ তদাৰকহে কৰিব বুলি এনচিবি-এ স্পষ্ট কৰি দিছে। তেওঁৰ বিৰুদ্ধে বিভাগীয় তদন্তও আৰম্ভ হৈ গৈছে। ইফালে, মু্ম্বাই আৰক্ষীয়েও বিশেষ গোট গঠন কৰি সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। মুঠতে খেল সম্পূৰ্ণৰূপে এতিয়া সলনি হৈছে।


গ্ৰেপ্তাৰৰ আশংকা বৃদ্ধি পোৱাৰ লগে লগে এতিয়া ব’ম্বে উচ্চ ন্যায়ালয়ৰ শৰণাপন্ন হৈছে সমীৰ ৱাংখেৰে। তেওঁ গ্ৰেপ্তাৰৰ পৰা অন্তৰ্ৱৰ্তী সুৰক্ষা বিচাৰি কাষ চাপিছে ন্যায়ালয়ৰ। তেওঁক গ্ৰেপ্তাৰত ন্যায়ালয়ে বাধা আৰোপ নকৰিলে যদিও তেওঁক গ্ৰেপ্তাৰৰ পূৰ্বে তিনিদিনৰ নটিচ মুম্বাই আৰক্ষীয়ে দিব বুলি ন্যায়ালয়ে সদৰি কৰিছে। ইয়াৰ অৰ্থ এটাই যে, এতিয়া আৰক্ষীৰ হেণ্ডকাফে সমীৰ ৱাংখেৰেকো খেদি ফুৰিছে। তেওঁ ন্যায়ালয়ত অভিযোগ কৰিছে যে, তেওঁৰ ওপৰত মহাৰাষ্ট্ৰ চৰকাৰে ব্যক্তিগত আক্ৰমণ কৰিছে। তেওঁ তেওঁৰ বিৰুদ্ধে চলা তদন্ত চিবিআই বা অন্য কেন্দ্ৰীয় সংস্থালৈ হস্তান্তৰ কৰাৰো আবেদন জনাইছে। এক অৰ্থাৎ চিকাৰী এতিয়া নিজৰ জালতে বন্দী হৈ ছটফটাবলৈ আৰম্ভ কৰিছে আৰু নিজৰেই ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে সমীৰ ৱাংখেৰে নামৰ এনচিবিৰ মুম্বাইৰ জ’নেল ডাইৰেক্টৰজন। তেওঁৰ বিৰুদ্ধে উঠা অভিযোগবোৰ সত্য প্ৰমাণিত হ’লেই তেওঁ কঠোৰ শাস্তিৰ সন্মুখীন হোৱাটো এতিয়া নিশ্চিত হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি