--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শুকুৰবাৰে পুৱা সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাটিত কৰুণ মৃত্যুক সাৱটে চাৰিগৰাকীকৈ মহিলাই। প্ৰাতঃভ্ৰমণলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা মহিলা চাৰিগৰাকী আৰু ঘৰলৈ ঘূৰি নাহিল।

ৰাজপথত চাৰিও মহিলাকে এখন বাহনে মহতীয়াই নিয়ে। যাৰ ফলত থিতাতে নিহয় হয় মহিলাকেইগৰাকী। এই শোকাৱহ দুৰ্ঘটনাটি সংঘটিত হৈছে বিহাৰৰ আৰা জিলাত। মহিলাকেইগৰাকীক এখন স্ক'ৰপিঅ' বাহনে মহতিয়াই নিয়ে।

দুৰ্ঘটনাস্থলীত অনেক লোকৰ ভিৰ

আৰু পঢ়কঃ ক্লাছত মোবাইল ফোন ব্যৱহাৰ নকৰিবলৈ কোৱাত শিক্ষকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ ছাত্ৰৰ

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি বাহনখনৰ গতিবেগ অতি তীব্ৰ আছিল। প্ৰাতঃভ্ৰমণলৈ অহা মহিলাগৰাকীক খুন্দিয়াই অলপো নৰখোৱাকৈ বাহনসহ চালকে পলায়ন কৰে। ৰাজপথত চাৰিটাকৈ মহিলাৰ মৃতদেহ দেখি হুৱা-দুৱা লগায় উপস্থিত লোকে। কোনোৱে আৰক্ষীক লগে লগে খবৰ দিয়ে।খবৰ পোৱা মাত্ৰকেই আৰক্ষী উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ সন্ধানত নামি পৰিছে বিহাৰ আৰক্ষী। দুৰ্ঘটনাটোৰ খবৰে সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু