--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়া  মিত্ৰজোঁটে লোকসভাৰ উপাধ্যক্ষ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰি  শাসক শিবিৰ আৰু বিজেপিলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে। এই পদৰ বাবে সেয়ে বিৰোধী মিত্ৰজোঁটে এনে কোনোবা এজনক মনোনীত কৰিব বিচাৰিছে যিয়ে বিজেপিক অস্বস্তিত পেলাব পাৰে।বিশেষ সূত্ৰই প্ৰকাশ কৰা মতেইণ্ডিয়া এলায়েন্সে উত্তৰ প্ৰদেশৰ ফৈজাবাদ সমষ্টিৰ  পৰা জয় লাভ কৰা সমাজবাদী পাৰ্টিৰ সাংসদ অৱধেশ  প্ৰসাদক লোকসভাৰ উপাধ্যক্ষ পদৰ বাবে মনোনীত কৰাৰ কথা চিন্তা কৰিছে।  ধাৰণাটো তৃণমূলৰ মগজু কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীৰ বুলি বহুতে কৈছে। মমতাৰ এনে প্ৰস্তাৱৰ  পিছতে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী আৰু সমাজবাদী পাৰ্টীৰ লোকসভাৰ নেতা অখিলেশ যাদৱৰ মাজত ব্যাপক আলোচনা হোৱা বুলি সূত্ৰটোৱে দাবী কৰিছে।

সেই আলোচনাতেই মমতাই পৰামৰ্শ দিয়াৰ দৰে অভিষেকে প্ৰথমে পৰামৰ্শ দিছিল যে বিজেপিৰ চিন্তাধাৰাৰ বাহিৰত থকা আৰু যাৰ নামে বিজেপিক অস্বস্তিত পেলাব, এনে এজন প্ৰাৰ্থীক মনোনীত কৰিব লাগে। উপাধ্যক্ষ পদৰ বাবে তৃণমূল কংগ্ৰেছৰ কোনো সাংসদ প্ৰতিদ্বন্দ্বিতাত নাথাকিব বুলিও তেওঁ কয়।

ভাৰতীয় গণতন্ত্ৰৰ অলিখিত পৰম্পৰা অনুসৰি উপাধ্যক্ষৰ পদ বিৰোধীক দিয়া হয়। কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰে বিগত পাঁচ বছৰে উপাধ্যক্ষৰ পদ খালী কৰি ৰাখিছিল। দৰাচলতে বিৰোধীয়ে অনুভৱ কৰিছে যে উপাধ্যক্ষৰ পদ নিদিয়াৰ বাবে বিগত পাঁচ বছৰে তেওঁলোকক সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। এইবাৰ অন্ততঃ চৰকাৰে উপাধ্যক্ষৰ পদ বিৰোধীক দিব লাগে বুলি তেওঁলোকে দাবী কৰি আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু