--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়া  মিত্ৰজোঁটে লোকসভাৰ উপাধ্যক্ষ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰি  শাসক শিবিৰ আৰু বিজেপিলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে। এই পদৰ বাবে সেয়ে বিৰোধী মিত্ৰজোঁটে এনে কোনোবা এজনক মনোনীত কৰিব বিচাৰিছে যিয়ে বিজেপিক অস্বস্তিত পেলাব পাৰে।বিশেষ সূত্ৰই প্ৰকাশ কৰা মতেইণ্ডিয়া এলায়েন্সে উত্তৰ প্ৰদেশৰ ফৈজাবাদ সমষ্টিৰ  পৰা জয় লাভ কৰা সমাজবাদী পাৰ্টিৰ সাংসদ অৱধেশ  প্ৰসাদক লোকসভাৰ উপাধ্যক্ষ পদৰ বাবে মনোনীত কৰাৰ কথা চিন্তা কৰিছে।  ধাৰণাটো তৃণমূলৰ মগজু কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীৰ বুলি বহুতে কৈছে। মমতাৰ এনে প্ৰস্তাৱৰ  পিছতে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী আৰু সমাজবাদী পাৰ্টীৰ লোকসভাৰ নেতা অখিলেশ যাদৱৰ মাজত ব্যাপক আলোচনা হোৱা বুলি সূত্ৰটোৱে দাবী কৰিছে।

সেই আলোচনাতেই মমতাই পৰামৰ্শ দিয়াৰ দৰে অভিষেকে প্ৰথমে পৰামৰ্শ দিছিল যে বিজেপিৰ চিন্তাধাৰাৰ বাহিৰত থকা আৰু যাৰ নামে বিজেপিক অস্বস্তিত পেলাব, এনে এজন প্ৰাৰ্থীক মনোনীত কৰিব লাগে। উপাধ্যক্ষ পদৰ বাবে তৃণমূল কংগ্ৰেছৰ কোনো সাংসদ প্ৰতিদ্বন্দ্বিতাত নাথাকিব বুলিও তেওঁ কয়।

ভাৰতীয় গণতন্ত্ৰৰ অলিখিত পৰম্পৰা অনুসৰি উপাধ্যক্ষৰ পদ বিৰোধীক দিয়া হয়। কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰে বিগত পাঁচ বছৰে উপাধ্যক্ষৰ পদ খালী কৰি ৰাখিছিল। দৰাচলতে বিৰোধীয়ে অনুভৱ কৰিছে যে উপাধ্যক্ষৰ পদ নিদিয়াৰ বাবে বিগত পাঁচ বছৰে তেওঁলোকক সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। এইবাৰ অন্ততঃ চৰকাৰে উপাধ্যক্ষৰ পদ বিৰোধীক দিব লাগে বুলি তেওঁলোকে দাবী কৰি আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ