--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি বালাজী মন্দিৰৰ প্ৰসাদৰ মানদণ্ডক লৈ সংবাদমাধ্যমত চৰ্চা লাভ কাৰৰ পাছতে  ইউ পিৰ মথুৰাতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চৰকাৰৰ নিৰ্দেশ অনুসৰি মথুৰাত ভগৱানৰ নামত উৎসৰ্গা কৰা প্ৰসাদৰ মানদণ্ডক লৈ উদ্বিগ্ন হৈ খাদ্য আৰু ঔষধ প্ৰশাসন বিভাগে সোমবাৰে মথুৰা আৰু বৃন্দাবনৰ ধৰ্মীয় স্থানৰ সমীপত আৰু অন্যান্য ঠাইত স্থানত ১৫খন দোকানৰ পৰা ৪৩ বিধ খাদ্য সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰে।

সোমবাৰে মথুৰা আৰু বৃন্দাবনৰ কেইবাটাও স্থানত চলোৱা নমুনা সংগ্ৰহ অভিযানত ১৫ জন বিক্ৰেতাৰ পৰা মুঠ ৪৩ টা নমুনা সংগ্ৰহ কৰা বুলি খাদ্য আৰু ঔষধ প্ৰশাসন বিভাগৰ সহকাৰী আয়ুক্ত ধীৰেন্দ্ৰ প্ৰতাপ সিঙে সদৰি কৰিছে। গাখীৰ তৈয়াৰী মিঠাই আৰু অন্যান্য সামগ্ৰীৰ শুদ্ধতা পৰীক্ষা কৰিবৰ বাবে নমুনা সংগ্ৰহ কৰিছে।

মথুৰাত শ্ৰী কৃষ্ণৰ জন্মস্থানৰ সন্মুখত অৱস্থিত বজাৰৰ দোকান আৰু বাছ ষ্টেণ্ডৰ আশে-পাশে থকা দোকানৰ পৰা নমুনা সংগ্ৰহ কৰি মোবাইল লেবৰেটৰীত পৰীক্ষা কৰা হৈছিল। উক্ত পৰীক্ষাত ৪২টা নমুনা মানদণ্ড অনুযায়ী প্ৰস্তুত কৰা বুলি প্ৰকাশ পাইছে যদিও পেৰাৰ এটা নমুনাৰ মানদণ্ডৰ ওপৰত সন্দেহৰ অৱকাশ থাকিযোৱাৰ বাবে পৰৱৰ্তী পৰীক্ষাৰ বাবে লক্ষ্ণৌৰ উচ্চ ক্ষমতাসম্পন্ন ৰাজ্য চৰকাৰৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে। ধৰ্মীয় স্থানসমূহত ধৰ্মীয় কাম-কাজৰ বাবে ব্যৱহৃত প্ৰসাদৰ নমুনা পোনপটীয়াকৈ ল’ব পৰা নাযায়, সেয়েহে এই বিষয়ত তেওঁলোকে আইনগতভাৱে ৰেহাই পাইছে।

আয়ুক্ত গৰাকীয়ে কয় যে মথুৰাৰ প্ৰায়বিলাক ধৰ্মীয় স্থানৰ পৰিচালনা সংস্থাসমূহে ইতিমধ্যে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণ(এফ এছ এছ আই)ৰ পৰা প্ৰমাণ পত্ৰ লৈছে আৰু প্ৰতি ছমাহৰ মূৰে মূৰে এফ এছ এছ আইৰ দ্বাৰা পৰীক্ষা কৰাব লাগিব প্ৰসাদ হিচাপে প্ৰদান কৰা খাদ্য সামগ্ৰী।লগতে তেওঁ কয় যে মথুৰাত কোনো অভিযোগৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই৷ উৎসৱৰ সময়ত খাদ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু