--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি বালাজী মন্দিৰৰ প্ৰসাদৰ মানদণ্ডক লৈ সংবাদমাধ্যমত চৰ্চা লাভ কাৰৰ পাছতে  ইউ পিৰ মথুৰাতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চৰকাৰৰ নিৰ্দেশ অনুসৰি মথুৰাত ভগৱানৰ নামত উৎসৰ্গা কৰা প্ৰসাদৰ মানদণ্ডক লৈ উদ্বিগ্ন হৈ খাদ্য আৰু ঔষধ প্ৰশাসন বিভাগে সোমবাৰে মথুৰা আৰু বৃন্দাবনৰ ধৰ্মীয় স্থানৰ সমীপত আৰু অন্যান্য ঠাইত স্থানত ১৫খন দোকানৰ পৰা ৪৩ বিধ খাদ্য সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰে।

সোমবাৰে মথুৰা আৰু বৃন্দাবনৰ কেইবাটাও স্থানত চলোৱা নমুনা সংগ্ৰহ অভিযানত ১৫ জন বিক্ৰেতাৰ পৰা মুঠ ৪৩ টা নমুনা সংগ্ৰহ কৰা বুলি খাদ্য আৰু ঔষধ প্ৰশাসন বিভাগৰ সহকাৰী আয়ুক্ত ধীৰেন্দ্ৰ প্ৰতাপ সিঙে সদৰি কৰিছে। গাখীৰ তৈয়াৰী মিঠাই আৰু অন্যান্য সামগ্ৰীৰ শুদ্ধতা পৰীক্ষা কৰিবৰ বাবে নমুনা সংগ্ৰহ কৰিছে।

মথুৰাত শ্ৰী কৃষ্ণৰ জন্মস্থানৰ সন্মুখত অৱস্থিত বজাৰৰ দোকান আৰু বাছ ষ্টেণ্ডৰ আশে-পাশে থকা দোকানৰ পৰা নমুনা সংগ্ৰহ কৰি মোবাইল লেবৰেটৰীত পৰীক্ষা কৰা হৈছিল। উক্ত পৰীক্ষাত ৪২টা নমুনা মানদণ্ড অনুযায়ী প্ৰস্তুত কৰা বুলি প্ৰকাশ পাইছে যদিও পেৰাৰ এটা নমুনাৰ মানদণ্ডৰ ওপৰত সন্দেহৰ অৱকাশ থাকিযোৱাৰ বাবে পৰৱৰ্তী পৰীক্ষাৰ বাবে লক্ষ্ণৌৰ উচ্চ ক্ষমতাসম্পন্ন ৰাজ্য চৰকাৰৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে। ধৰ্মীয় স্থানসমূহত ধৰ্মীয় কাম-কাজৰ বাবে ব্যৱহৃত প্ৰসাদৰ নমুনা পোনপটীয়াকৈ ল’ব পৰা নাযায়, সেয়েহে এই বিষয়ত তেওঁলোকে আইনগতভাৱে ৰেহাই পাইছে।

আয়ুক্ত গৰাকীয়ে কয় যে মথুৰাৰ প্ৰায়বিলাক ধৰ্মীয় স্থানৰ পৰিচালনা সংস্থাসমূহে ইতিমধ্যে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণ(এফ এছ এছ আই)ৰ পৰা প্ৰমাণ পত্ৰ লৈছে আৰু প্ৰতি ছমাহৰ মূৰে মূৰে এফ এছ এছ আইৰ দ্বাৰা পৰীক্ষা কৰাব লাগিব প্ৰসাদ হিচাপে প্ৰদান কৰা খাদ্য সামগ্ৰী।লগতে তেওঁ কয় যে মথুৰাত কোনো অভিযোগৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই৷ উৎসৱৰ সময়ত খাদ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক