--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: মাতৃৰ হৃদয়ত সন্তানৰ প্ৰতি যি অপত্য স্নেহ, সেয়া তুলনাহীন…! কিন্তু এই মাতৃপ্ৰেমো পৰিস্থিতিৰ কৱলত পৰি কেতিয়াবা হৈ পৰে ম্লান। তাৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছে যুদ্ধজৰ্জৰ আফগানিস্তানত। তালিবানে কাবুল দখল কৰাৰ পাছৰেপৰা প্ৰায় সমগ্ৰ দেশখনকেই তীব্ৰ আৰ্থিক সমস্যাই জৰ্জৰিত কৰিছে। ফলত বহু পৰিয়ালে ভোকে-লঘোণে দিন পাৰ কৰিবলগীয়া হৈছে। ভোক আৰু দাৰিদ্ৰৰ জ্বালা সহ্য কৰিব নোৱাৰি আফগানিস্তানৰ এটা পৰিয়ালে উপায়ন্তৰ হৈ পৰিয়ালৰ আটাইতকৈ কনিষ্ঠ ছোৱালীজনীকে ৫০০ ডলাৰত বিক্ৰী কৰাৰ খবৰে শিৰোনাম দখল কৰিছে।


এই ঘটনাটো সংঘটিত হৈছে হেৰাট চহৰত। এই খবৰ প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰিছে এটা ব্ৰিটিছ সংবাদ প্ৰতিষ্ঠানে। পৰিয়ালটোৰ সুৰক্ষাৰ স্বাৰ্থত পিতৃ-মাতৃৰ নাম প্ৰকাশ কৰা নাই সংবাদ প্ৰতিষ্ঠানটোৱে। অৱশ্যে নৱজাতকটো এতিয়াও পিতৃ-মাতৃৰ সৈতেই আছে বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে। তেওঁক গ্ৰাহকৰ ঘৰলৈ কেৱল তেতিয়াহে প্ৰেৰণ কৰা হ’ব, যেতিয়া শিশুটিয়ে ডাঙৰ হৈ খোজ কাঢ়িবলৈ শিকিব। আনহাতে, ছোৱালীজনীৰ দাম হিচাপে দিবলগীয়া ৫০০ডলাৰৰ আধা অংশ ইতিমধ্যে পিতৃ-মাতৃক প্ৰদান কৰিছে কৰিছে গ্ৰাহকজনে।


‘আমি জানো আমি কি কৰিছোঁ, এই টকাৰে মই বাকী সন্তানকেইটাক কেইমাহমানৰ বাবে খুৱাব পাৰিম!’ পৰিয়ালটোৰ সদস্যাই কৰা এই মন্তব্যই আফগানিস্তানৰ নাগৰিকৰ উপায়ন্তৰ অৱস্থাটোকে এতিয়া প্ৰকট কৰি তুলিছে। ইফালে শিশুটো ক্ৰয় কৰা ব্যক্তিজনে প্ৰকাশ কৰিছে যে, ছোৱালীজনী গাভৰু হ’লে তেওঁ নিজৰ পুত্ৰলৈ বিয়া কৰাই অনাৰ ব্যৱস্থা কৰিব।


কাবুল দখল কৰাৰ প্ৰায় তিনি-চাৰিমাহৰ পাছত তালিবানে স্থায়ী চৰকাৰ গঠন কৰিব নোৱাৰিলে! সেয়ে আন্তৰ্জাতিক সাহায্যও বন্ধ হৈ আছে। ৰাষ্ট্ৰসংঘই কঠোৰ সতৰ্কবাণী জাৰি কৰিছে যে, যদি আফগানিস্তানে সোনকালে সাহায্য লাভ নকৰে, তেন্তে লাখ লাখ লোকৰ মৃত্যু ঘটিব! সংবাদ মাধ্যমে প্ৰকাশ কৰা ভালেমান প্ৰতিবেদনৰ পৰা জানিব পৰা গৈছে যে, হেৰাটৰ বেছিভাগ চিকিৎসালয়ত চিকিৎসক আৰু নাৰ্ছসকলক তিনিৰ পৰা চাৰি মাহৰ বাবে দৰমহা দিয়া হোৱা নাই। পুঁজিৰ অভাৱৰ বাবে চিকিৎসা সঁজুলি ক্ৰয় কৰিব পৰা নাই। ফলস্বৰূপে, ৰোগীসকলে সঠিক চিকিৎসা লাভ কৰা নাই। পুষ্টিহীনতাক ভুগি চিকিৎসালয়ৰ বিছনাত পৰি আছে বহুসংখ্যক নৱজাতক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ