--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰোহিত শৰ্মা, বিৰাট কোহলীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ফাইনেলত পৰাজয় মানি ল’ব নোৱাৰে। তেওঁলোকৰ মুখৰ পৰা স্পষ্ট হৈ পৰিছিল যে তেওঁলোক মানসিকভাৱে বিধ্বস্ত হৈ পৰিছে। খেলখনৰ শেষৰ বলটো বলিং কৰি খেলপথাৰত থিয় হৈ কান্দিছিল মহম্মদ ছিৰাজে। ড্ৰেছিং ৰুমলৈ উভতি অহাৰ পাছতো কিছুদিন স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব নোৱাৰে ক্ৰিকেটাৰসকলে।

ড্ৰেছিং ৰুমত প্ৰশিক্ষক ৰাহুল দ্ৰাবিদে তেওঁলোকক সংযত কৰি ৰাখিবলৈ চেষ্টা কৰিছিল। বিশ্বকাপৰ ফাইনেলৰ পিছত ভাৰতীয় ড্ৰেছিং ৰুমৰ পৰিৱেশ কেনেকুৱা আছিল? প্ৰশিক্ষক দ্ৰাবিড়ে এইদৰে কয়- ''ড্ৰেছিং ৰুমলৈ উভতি অহাৰ পিছত ভাৰতীয় ক্ৰিকেটাৰসকল বাকৰুদ্ধ হৈ পৰিল। সকলোৱে মূৰ তললৈ নমাই বহি বহিছিল। নিস্তব্ধ ড্ৰেছিং ৰুমটোত কিছুমান মানুহৰ চকু ঢুলঢুলীয়া হৈ আছিল।’’

ভাৰতীয় দলৰ প্ৰশিক্ষকে কয়- ''ৰোহিতক বৰ হতাশ যেন লাগিছিল। প্ৰায় সকলো ল'ৰা ড্ৰেছিং ৰুমত আছিল। কোনেও নিজকে স্বাভাৱিক কৰি ৰাখিব পৰা নাছিল। তেওঁলোক বৰ আৱেগিক আছিল। সিহঁতৰ ফালে চাব পৰা নাছিলো। ল’ৰাবোৰে সঁচাকৈয়ে বহুত কষ্ট কৰিলে। এটা নিৰ্দিষ্ট লক্ষ্যৰ দিশে আগবাঢ়িছিল। এখন প্ৰতিযোগিতাৰ বাবে নিজৰ সকলোখিনি দিলে। সকলোৱে বহুত ত্যাগ কৰিছে। ইয়াৰ পিছত এনে ফলাফল মানি লোৱাটো বৰ কঠিন হৈ পৰে। কাৰণ এমাহতকৈও অধিক সময় তেওঁলোকে কেনেকৈ ক্ৰিকেট খেলিছিল সেয়া সকলোৱে দেখিছে।’’

খেলৰ অন্তত মানসিক ভাঙি যোৱা খেলুৱৈসকলক দ্ৰাবিড়ে চম্ভালিছিল। নিজৰ হতাশা লুকুৱাই ৰাখি ৰোহিতে কোহলীৰ মূৰত হাত ফুৰায়। ২০০৭ চনত অধিনায়ক হিচাপে দ্ৰাবিড়ে বিশ্বকাপ জয় কৰিব পৰা নাছিল। এইবাৰ প্ৰশিক্ষক হিচাপেও তেওঁ জয়ী হ’ব নোৱাৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক