--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰোহিত শৰ্মা, বিৰাট কোহলীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ফাইনেলত পৰাজয় মানি ল’ব নোৱাৰে। তেওঁলোকৰ মুখৰ পৰা স্পষ্ট হৈ পৰিছিল যে তেওঁলোক মানসিকভাৱে বিধ্বস্ত হৈ পৰিছে। খেলখনৰ শেষৰ বলটো বলিং কৰি খেলপথাৰত থিয় হৈ কান্দিছিল মহম্মদ ছিৰাজে। ড্ৰেছিং ৰুমলৈ উভতি অহাৰ পাছতো কিছুদিন স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব নোৱাৰে ক্ৰিকেটাৰসকলে।

ড্ৰেছিং ৰুমত প্ৰশিক্ষক ৰাহুল দ্ৰাবিদে তেওঁলোকক সংযত কৰি ৰাখিবলৈ চেষ্টা কৰিছিল। বিশ্বকাপৰ ফাইনেলৰ পিছত ভাৰতীয় ড্ৰেছিং ৰুমৰ পৰিৱেশ কেনেকুৱা আছিল? প্ৰশিক্ষক দ্ৰাবিড়ে এইদৰে কয়- ''ড্ৰেছিং ৰুমলৈ উভতি অহাৰ পিছত ভাৰতীয় ক্ৰিকেটাৰসকল বাকৰুদ্ধ হৈ পৰিল। সকলোৱে মূৰ তললৈ নমাই বহি বহিছিল। নিস্তব্ধ ড্ৰেছিং ৰুমটোত কিছুমান মানুহৰ চকু ঢুলঢুলীয়া হৈ আছিল।’’

ভাৰতীয় দলৰ প্ৰশিক্ষকে কয়- ''ৰোহিতক বৰ হতাশ যেন লাগিছিল। প্ৰায় সকলো ল'ৰা ড্ৰেছিং ৰুমত আছিল। কোনেও নিজকে স্বাভাৱিক কৰি ৰাখিব পৰা নাছিল। তেওঁলোক বৰ আৱেগিক আছিল। সিহঁতৰ ফালে চাব পৰা নাছিলো। ল’ৰাবোৰে সঁচাকৈয়ে বহুত কষ্ট কৰিলে। এটা নিৰ্দিষ্ট লক্ষ্যৰ দিশে আগবাঢ়িছিল। এখন প্ৰতিযোগিতাৰ বাবে নিজৰ সকলোখিনি দিলে। সকলোৱে বহুত ত্যাগ কৰিছে। ইয়াৰ পিছত এনে ফলাফল মানি লোৱাটো বৰ কঠিন হৈ পৰে। কাৰণ এমাহতকৈও অধিক সময় তেওঁলোকে কেনেকৈ ক্ৰিকেট খেলিছিল সেয়া সকলোৱে দেখিছে।’’

খেলৰ অন্তত মানসিক ভাঙি যোৱা খেলুৱৈসকলক দ্ৰাবিড়ে চম্ভালিছিল। নিজৰ হতাশা লুকুৱাই ৰাখি ৰোহিতে কোহলীৰ মূৰত হাত ফুৰায়। ২০০৭ চনত অধিনায়ক হিচাপে দ্ৰাবিড়ে বিশ্বকাপ জয় কৰিব পৰা নাছিল। এইবাৰ প্ৰশিক্ষক হিচাপেও তেওঁ জয়ী হ’ব নোৱাৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক