--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাইত অনুষ্ঠিত ভাৰত-নিউজিলেণ্ডৰ ছেমি ফাইনেল মেচখন পোহৰাই গেলেৰীত বহিছিল ফুটবলাৰ ডেভিদ বেকহামে। খেলৰ আগদিনা ভাৰতলৈ আহিছিল এই ফুটবলাৰগৰাকী। প্ৰথমে তেওঁ ইউনিচেফৰ ৰাষ্ট্ৰদূত হিচাপে কিছুমান অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিছিল। ছেমি ফাইনেলৰ মেচখন মাজতে পৰি থকাত তেওঁক দৰ্শকৰ মাজত দেখা গ’ল।

খেলৰ অন্তত তেওঁ সোণম কাপুৰ আৰু আনন্দ আহুজাৰ ঘৰলৈ গৈ বান্দ্ৰাত ৰাতিৰ আহাৰ গ্ৰহণ কৰে। শ্বাহৰুখ খানৰ নিমন্ত্ৰণত বেকহাম মান্নাতলৈ গৈছিল। বলীউডৰ তাৰকাসকলৰ আতিথ্যত যে এইগৰাকী প্ৰাক্তন ফুটবল তাৰকা আপ্লুত হৈছে সেয়া একেবাৰে বুজা যায়। কিন্তু ভাৰতীয় খাদ্যৰ প্ৰতিও তেওঁ প্ৰেমত পৰিছে বুলি বেকহামৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত কোৱা হৈছে।

বেকহামে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এখন প্লেটৰ ছবি শ্বেয়াৰ কৰে। এই ছবিখনত স্পষ্ট হৈ পৰিছে যে তেওঁ ভাৰতত বিভিন্ন ধৰণৰ খাদ্যৰ জুতি লৈছে। পৰঠা, শাক-পাচলি, কুলচা, কুকুৰা — নন-ভেজ আৰু নন-ভেজিটেৰিয়ান দুয়োটা খাদ্য বেকহামৰ প্লেটত আছিল।  কাবাব আৰু বিৰিয়ানীও আছিল দল মাখানীৰ সৈতে। এনে সকলো খাদ্যৰ সোৱাদ লোৱাৰ পিছত তেওঁ সুখী হৈ পৰিল। মিঠাইৰ এখন ছবিও দিলে বেকহামে। তেওঁ কাজু আৰু পিষ্টা ছটিয়াই দিয়া কুলফিৰ সোৱাদ লৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক