--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ বানিজ্য ক্ষেত্ৰৰ মহীৰুহ ৰতন টাটাৰ দেহাৱসানত শোকৰ ছাঁ পৰিছে সমগ্ৰ দেশতে৷ দেশৰ অন্যতম প্ৰভাৱশালী উদ্যোগপতি ৰতন টাটাৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৬ বছৰ৷ কৰ্নেল বিশ্ববিদ্যালয়ত শিক্ষাৰ পৰা টাটা সন্সক এক উচ্চ স্তৰত প্ৰতিষ্ঠা কৰা লৈ ৰতন টাটাৰ এই যাত্ৰাত তেওঁৰ দূৰদৰ্শী নেতৃত্ব, কৌশলী অধিগ্ৰহণ, উদ্ভাৱন আৰু সমাজৰ প্রতি থকা দয়বদ্ধতাৰ উৎকৃষ্ট নিদৰ্শন দেখুৱাই  গৈছে৷

ৰতান টাটা কিয় অদ্বিতীয়? কি আছিল তেওঁৰ সফলতাৰ মূল মন্ত্ৰ?

বিশ্বজনীন বিস্তাৰ- তেওঁ টাটা গ্ৰুপৰ বিশ্বজুৰি বিস্তাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলছ৷ টেটলি, কোৰাছ, আৰু জাগুৱাৰ লেণ্ড ৰ'ভাৰৰ দৰে আন্তৰ্জাতিক কোম্পানী অধিগ্ৰহণ কৰি টাটা গ্ৰুপক এক বিশ্বজনীন শক্তিশালী প্রতিষ্ঠান ৰূপে প্ৰতিস্থা কৰিছিল।

উদ্ভাৱন আৰু প্ৰযুক্তিবিদ্যা- তেওঁ সফলতাৰ আন এক দিশ আছিল প্ৰযুক্তিবিদ্যা তথা উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ তেওঁ গৱেষণা আৰু উন্নয়নত অধিক পৰিমাণে বিনিয়োগ কৰিছিল। যাৰ বাবে আধুনিক প্ৰযুক্তি আৰু সেৱাসমূহৰ সৃষ্টি হৈছে, যিয়ে টাটা গ্ৰুপক বিভিন্ন উদ্যোগতকৈ এখুজ আগবঢ়াই ৰাখিছে।

সামাজিক দয়বদ্ধতা- ৰতন টাটাৰ সমাজাৰ প্রতি অত্যন্ত দায়বদ্ধ আছিল৷ তেওঁ কোম্পানীৰ মুনাফাৰ এটা অংশ শিক্ষা, স্বাস্থ্য আৰু গ্ৰামোন্নয়ন উদ্যোগৰ বাবে আগবঢ়াই আহিছে। তেওঁৰ জনসেৱামূলক কাৰ্যই সমাজত বিশেষভৱে প্ৰভাৱিত কৰি আহিছে।

ব্যৱসায়ৰ নৈতিক পৰিকাঠামো- আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে তেওঁৰ ব্যৱসায়ৰ নৈতিক পৰিকাঠামোৰ প্রতি দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ৷ টাটা গ্ৰুপ স্বচ্ছতা আৰু নৈতিকতাৰ বাবে পৰিচিত।যাৰ বাবে সংগঠন আৰু অংশীদাৰসকলৰ সৈতে বিশ্বাস আৰু বিশ্বাসযোগ্যতা গাঢ় কৰি তোলে৷

নেতৃত্ব আৰু পথপ্ৰদৰ্শক- ৰতন টাটাৰ শক্তিশালী নেতৃত্ব আৰু পৰামৰ্শদাতা হিচাপে পৰিচিত আছিল৷ তেওঁ টাটা গ্ৰুপৰ ভিতৰতে নতুন প্ৰজন্মক  প্ৰেৰণা তথা পথপ্ৰদৰ্শন কৰি আহিছিল। তেওঁৰ দৃষ্টান্তমূলক নেতৃত্ব আৰু উৎকৃষ্টতাৰ নিদৰ্শন টাটা গ্ৰুপক এক অনন্য হিচাপে গঢ়ি তুলিছে৷

তেওঁৰ সৱল নেতৃত্ব, দূৰদৰ্শী চিন্তাধাৰা, সামাজিক দায়বদ্ধতা, কৰ্তব্যৰ প্ৰতি আন্তৰিকতাৰ যি নিদৰ্শন ৰাখি গ’ল আনাগত সময়তো টাটা গ্ৰুপৰ ধাৰাবাহিক সফলতা অব্যাহত ৰখাত সহায় কৰিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য ৰাজহুৱা কৰাত ন্যায়ালয়ৰ নিষেধাজ্ঞা
অৰুণাচলৰ দিৰাঙত ভূমিস্খলন, চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথ বন্ধ
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ