--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ বানিজ্য ক্ষেত্ৰৰ মহীৰুহ ৰতন টাটাৰ দেহাৱসানত শোকৰ ছাঁ পৰিছে সমগ্ৰ দেশতে৷ দেশৰ অন্যতম প্ৰভাৱশালী উদ্যোগপতি ৰতন টাটাৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৬ বছৰ৷ কৰ্নেল বিশ্ববিদ্যালয়ত শিক্ষাৰ পৰা টাটা সন্সক এক উচ্চ স্তৰত প্ৰতিষ্ঠা কৰা লৈ ৰতন টাটাৰ এই যাত্ৰাত তেওঁৰ দূৰদৰ্শী নেতৃত্ব, কৌশলী অধিগ্ৰহণ, উদ্ভাৱন আৰু সমাজৰ প্রতি থকা দয়বদ্ধতাৰ উৎকৃষ্ট নিদৰ্শন দেখুৱাই  গৈছে৷

ৰতান টাটা কিয় অদ্বিতীয়? কি আছিল তেওঁৰ সফলতাৰ মূল মন্ত্ৰ?

বিশ্বজনীন বিস্তাৰ- তেওঁ টাটা গ্ৰুপৰ বিশ্বজুৰি বিস্তাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলছ৷ টেটলি, কোৰাছ, আৰু জাগুৱাৰ লেণ্ড ৰ'ভাৰৰ দৰে আন্তৰ্জাতিক কোম্পানী অধিগ্ৰহণ কৰি টাটা গ্ৰুপক এক বিশ্বজনীন শক্তিশালী প্রতিষ্ঠান ৰূপে প্ৰতিস্থা কৰিছিল।

উদ্ভাৱন আৰু প্ৰযুক্তিবিদ্যা- তেওঁ সফলতাৰ আন এক দিশ আছিল প্ৰযুক্তিবিদ্যা তথা উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ তেওঁ গৱেষণা আৰু উন্নয়নত অধিক পৰিমাণে বিনিয়োগ কৰিছিল। যাৰ বাবে আধুনিক প্ৰযুক্তি আৰু সেৱাসমূহৰ সৃষ্টি হৈছে, যিয়ে টাটা গ্ৰুপক বিভিন্ন উদ্যোগতকৈ এখুজ আগবঢ়াই ৰাখিছে।

সামাজিক দয়বদ্ধতা- ৰতন টাটাৰ সমাজাৰ প্রতি অত্যন্ত দায়বদ্ধ আছিল৷ তেওঁ কোম্পানীৰ মুনাফাৰ এটা অংশ শিক্ষা, স্বাস্থ্য আৰু গ্ৰামোন্নয়ন উদ্যোগৰ বাবে আগবঢ়াই আহিছে। তেওঁৰ জনসেৱামূলক কাৰ্যই সমাজত বিশেষভৱে প্ৰভাৱিত কৰি আহিছে।

ব্যৱসায়ৰ নৈতিক পৰিকাঠামো- আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে তেওঁৰ ব্যৱসায়ৰ নৈতিক পৰিকাঠামোৰ প্রতি দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ৷ টাটা গ্ৰুপ স্বচ্ছতা আৰু নৈতিকতাৰ বাবে পৰিচিত।যাৰ বাবে সংগঠন আৰু অংশীদাৰসকলৰ সৈতে বিশ্বাস আৰু বিশ্বাসযোগ্যতা গাঢ় কৰি তোলে৷

নেতৃত্ব আৰু পথপ্ৰদৰ্শক- ৰতন টাটাৰ শক্তিশালী নেতৃত্ব আৰু পৰামৰ্শদাতা হিচাপে পৰিচিত আছিল৷ তেওঁ টাটা গ্ৰুপৰ ভিতৰতে নতুন প্ৰজন্মক  প্ৰেৰণা তথা পথপ্ৰদৰ্শন কৰি আহিছিল। তেওঁৰ দৃষ্টান্তমূলক নেতৃত্ব আৰু উৎকৃষ্টতাৰ নিদৰ্শন টাটা গ্ৰুপক এক অনন্য হিচাপে গঢ়ি তুলিছে৷

তেওঁৰ সৱল নেতৃত্ব, দূৰদৰ্শী চিন্তাধাৰা, সামাজিক দায়বদ্ধতা, কৰ্তব্যৰ প্ৰতি আন্তৰিকতাৰ যি নিদৰ্শন ৰাখি গ’ল আনাগত সময়তো টাটা গ্ৰুপৰ ধাৰাবাহিক সফলতা অব্যাহত ৰখাত সহায় কৰিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক