--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুৰ্গা পূজাৰ আনন্দৰ মাজতে আহিল এক দুঃখবৰ। ৰতন টাটা আৰু নাই। ৰতন টাটাৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে দেশবাসী। 

৮৬ বছৰ বয়সত মুম্বাইৰ ব্ৰীছ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে ৰতন টাটাই। বিশিষ্ট উদ্যোগপতিগৰাকীৰ বিয়োগত বিভিন্ন ক্ষেত্ৰৰ ৰথী-মহাৰথীকে ধৰি সাধাৰণ লোক লৈকে গভীৰ শোক প্ৰকাশ কৰিছে। 

ভাৰতৰ উদ্যোগ জগতৰ বটবৃক্ষ ৰতন টাটাৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে কয়

‘‘ৰতন টাটাজী আছিল এগৰাকী দূৰদৰ্শী ব্যৱসায়িক নেতা, এগৰাকী দয়ালু আত্মা আৰু এজন অসাধাৰণ মানৱ। ভাৰতৰ অন্যতম পুৰণি আৰু প্ৰতিষ্ঠিত ব্যৱসায়িক গৃহলৈ তেওঁ সুস্থিৰ নেতৃত্ব প্ৰদান কৰিছিল। তেওঁ দেশলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াই গল। তেওঁৰ নম্ৰতা, দয়া আৰু আমাৰ সমাজখনক উন্নত কৰাৰ অটল দায়বদ্ধতাৰ বাবেই তেওঁ জনসাধাৰণৰ প্ৰিয় হৈ পৰিছিল।

শিক্ষা, স্বাস্থ্যসেৱা, অনাময়, পশু কল্যাণ আদিৰ ক্ষেত্ৰখনত অৱদান আগবঢ়োৱাত তেওঁ আগৰণুৱা আছিল। মই মুখ্যমন্ত্ৰী হৈ থাকোঁতে গুজৰাটত তেওঁক সঘনাই লগ পাইছিলোঁ। আমি বৈচিত্ৰময় বিষয়ত মত বিনিময় কৰিছিলো। তেওঁৰ দৃষ্টিভংগীবোৰ মই অতি সমৃদ্ধিশালী ৰূপত অনুভৱ কৰিছিলোঁ। তেওঁৰ মৃত্যুত মই গভীৰ আঘাত পাইছোঁ। ওঁম শান্তি।’’

অন্যহাতে ৰতন টাটাৰ বিয়োগত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েও শোক প্ৰকাশ কৰিছে। ছ’চিয়েল মিডিয়া যোগে শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে ‘‘বিকশিত ভাৰতৰ নতুন অধ্যায়ত ৰতন টাটাদেৱৰ উত্তৰাধিকাৰ হৈছে তেখেতৰ সহানুভূতি, মানৱীয়তা আৰু সমাজহিতৈষী চিন্তা৷ তেখেতৰ মহাজীৱনটোক উদ্যোগ নিৰ্মাণ আৰু সমাজৰ প্ৰতি উৎসৰ্গীকৃত মনোভাবেৰে সংজ্ঞায়িত কৰা হয়। টাটাদেৱৰ মৃত্যুত অসমবাসীয়ে এগৰাকী অসমহিতৈষী শুভাকাংক্ষীক হেৰুৱালে৷ অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা ‘অসম বৈভৱ’ লাভ কৰা টাটাদেৱে অসমৰ জনসাধাৰণৰ মন আৰু হৃদয়ত এক বিশেষ স্থান দখল কৰিছিল। তেখেতে অসমৰ কল্যাণৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল৷ অসমখন আছিল তেখেতৰ নিজৰ ঘৰৰ দৰেই৷ 

তেখেত আমাৰ ৰাজ্যখনত স্বাস্থ্যসেৱা উন্নীত কৰাৰ বাবে গভীৰভাৱে উৎসাহী আছিল আৰু তেখেতৰ দৃষ্টিভংগীৰেই আমি অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ জন্ম দিছিলোঁ। তেখেতে জাগীৰোডত টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প স্থাপন আৰু আমাৰ যুৱক-যুৱতীসকলৰ বাবে নিযুক্তিৰ সুযোগ সৃষ্টি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
তেখেতৰ মহাপ্ৰয়াণ মোৰ বাবে ব্যক্তিগত ক্ষতিৰ দৰে। তেখেতৰ সৈতে হোৱা মোৰ প্ৰতিটো বাৰ্তালাপে মোক সদায়ে উজ্জীৱিত কৰি তুলিছিল৷ শেহতীয়াকৈ মই তেখেতক মুম্বাইলৈ গৈ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বাবে ধন্যবাদ জনাইছিলোঁ আৰু ঔদ্যোগিক আধাৰ হিচাপে অসমৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰখা বাবে তেখেতলৈ কৃতজ্ঞতা যাচিছিলোঁ। তেওঁৰ সৰলতা আৰু নম্ৰতা তেখেতৰ ব্যক্তিত্বৰ অলংকাৰ মই কেতিয়াও পাহৰিব নোৱাৰিম।

ৰতন টাটাদেৱৰ মৃত্যুৱে এক বৃহৎ শূন্যতাৰ সৃষ্টি কৰিলে, যাক কাহানিও পূৰণ কৰিব পৰা নাযাব৷ এনে এগৰাকী বৰেণ্য ব্যক্তিত্বৰ অধিকাৰী ব্যক্তিসত্তাক হেৰুৱাই আজি ভাৰতবৰ্ষ ব্যথিত হৈছে৷ অন্তৰৰ নিভৃততম কোণৰ পৰা তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালোঁ৷ টাটা পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷
ওঁম শান্তি৷’’


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক