--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জল-স্থল-আকাশপথ কোনো এটাতে ভাৰতৰে যুঁজি সফল হ’ব পৰা নাই চিৰবৈৰী পাকিস্তান। কিন্তু এইবাৰ ভৰতক কাবু কৰাৰ নতুন কৌশল গ্ৰহণ কৰিছে পাকিস্তানে। এইবাৰ পাকিস্তানৰ নতুন অস্ত্ৰেৰে ভাৰতত আক্ৰমণ চলাবলৈ আৰম্ভ কৰিছে। পোনে পোনে ৰাজধানী দিল্লী ত আক্ৰমণ চলাইছে পাক অস্ত্ৰই। কিন্তু কি এই অস্ত্ৰ? কিদৰে পাকিস্তানে এই অস্ত্ৰ সাজু কৰিছে আৰু লক্ষ্যত আঘাত হানিছে? সেই ব্যাখ্যা দিছে উত্তৰ প্ৰদেশ চৰকাৰে।


প্ৰকৃততে কথাটো এনেকুৱা… শুকুৰবাৰে প্ৰদূষণ বিষয়ক লৈ উচ্চতম ন্যায়ালয়ত চলিছিল শুনানি। এই শুনানিৰ সময়ত উত্তৰ প্ৰদেশ চৰকাৰে দিল্লী ৰ প্ৰদূষণৰ বাবে পাকিস্তানক জগৰীয়া কৰিছে। উত্তৰপ্ৰদেশ চৰকাৰৰ প্ৰতিনিধিয়ে ন্যায়ালয়ত যুক্তি দিয়ে যে, উত্তৰ প্ৰদেশৰ কাল-কাৰখানাৰ ধোঁৱা দিল্লীলৈ নাহে, অন্য ফালে গুচি যায়। পাকিস্তানৰ পৰা অহা প্ৰদূষিত ধোঁৱাইহে দিল্লীৰ বায়ু প্ৰদূষিত কৰিছে।

বায়ুৰ গতিকো চিনাক্ত কৰা উত্তৰ প্ৰদেশ চৰকাৰৰ এই চমৎকাৰ যুক্তিয়ে ন্যায়ালয়ত আমোদৰো সৃষ্টি কৰা দেখা গ’ল। উত্তৰ প্ৰদেশ চৰকাৰৰ অধিবক্তা ৰঞ্জিত কুমাৰে যেতিয়া যুক্তি দিয়ে যে, উত্তৰ প্ৰদেশৰপৰা অহা বতাহে নহয়, বৰং পাকিস্তানৰ পৰা অহা বায়ুৱেহে দিল্লীক প্ৰদূষিত কৰিছে তেতিয়া মুখ্য ন্যায়াধীশে ৰসিকতাৰে প্ৰশ্ন কৰে যে, আপুনি পাকিস্তানৰ উদ্যোগ বন্ধ কৰিব বিচাৰে নেকি? ইফালে উচ্চতম ন্যায়ালয়ে এই বিষয়টোৰ শুনানি অহা শুকুৰবাৰলৈ পিছুৱাই দিছে।


পিছে কোনখিনি বতাহ পাকিস্তানৰ পৰা আহিছে, উত্তৰ প্ৰদেশৰ পৰা বতাহ কোনদিশে গৈছে সেয়া কি পদ্ধতিৰে উত্তৰ প্ৰদেশ চৰকাৰে চিনাক্ত কৰিছে সেয়াহে জনাটো সম্ভৱ নহ’ল। দেশৰ সকলো সমস্যাৰ বাবে পাকিস্তানক জগৰীয়া কৰি অহাৰ সকলো প্ৰৱণতাক চেৰাই গৈ এইবাৰ প্ৰদূষণৰ বাবেও পাকিস্তানক জগৰীয়া কৰাটো আমোদজনক বিবেচিত হৈছে। যেন মন্ত্ৰ মাৰিহে পোনে পোনে দিল্লীলৈ বতাহ পঠিয়াইছে পাকিস্তানে। পাকিস্তানৰ মন্ত্ৰপুত বতাহে আন ক’তো নৰৈ পোনে পোনে আক্ৰমণ কৰিছে দিল্লীত। উত্তৰ প্ৰদেশ চৰকাৰৰ এই যু্ক্তিয়ে দেশৰ মু্খ্য ন্যায়াধীশকো আমোদ দিয়া দেখা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র