--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জল-স্থল-আকাশপথ কোনো এটাতে ভাৰতৰে যুঁজি সফল হ’ব পৰা নাই চিৰবৈৰী পাকিস্তান। কিন্তু এইবাৰ ভৰতক কাবু কৰাৰ নতুন কৌশল গ্ৰহণ কৰিছে পাকিস্তানে। এইবাৰ পাকিস্তানৰ নতুন অস্ত্ৰেৰে ভাৰতত আক্ৰমণ চলাবলৈ আৰম্ভ কৰিছে। পোনে পোনে ৰাজধানী দিল্লী ত আক্ৰমণ চলাইছে পাক অস্ত্ৰই। কিন্তু কি এই অস্ত্ৰ? কিদৰে পাকিস্তানে এই অস্ত্ৰ সাজু কৰিছে আৰু লক্ষ্যত আঘাত হানিছে? সেই ব্যাখ্যা দিছে উত্তৰ প্ৰদেশ চৰকাৰে।


প্ৰকৃততে কথাটো এনেকুৱা… শুকুৰবাৰে প্ৰদূষণ বিষয়ক লৈ উচ্চতম ন্যায়ালয়ত চলিছিল শুনানি। এই শুনানিৰ সময়ত উত্তৰ প্ৰদেশ চৰকাৰে দিল্লী ৰ প্ৰদূষণৰ বাবে পাকিস্তানক জগৰীয়া কৰিছে। উত্তৰপ্ৰদেশ চৰকাৰৰ প্ৰতিনিধিয়ে ন্যায়ালয়ত যুক্তি দিয়ে যে, উত্তৰ প্ৰদেশৰ কাল-কাৰখানাৰ ধোঁৱা দিল্লীলৈ নাহে, অন্য ফালে গুচি যায়। পাকিস্তানৰ পৰা অহা প্ৰদূষিত ধোঁৱাইহে দিল্লীৰ বায়ু প্ৰদূষিত কৰিছে।

বায়ুৰ গতিকো চিনাক্ত কৰা উত্তৰ প্ৰদেশ চৰকাৰৰ এই চমৎকাৰ যুক্তিয়ে ন্যায়ালয়ত আমোদৰো সৃষ্টি কৰা দেখা গ’ল। উত্তৰ প্ৰদেশ চৰকাৰৰ অধিবক্তা ৰঞ্জিত কুমাৰে যেতিয়া যুক্তি দিয়ে যে, উত্তৰ প্ৰদেশৰপৰা অহা বতাহে নহয়, বৰং পাকিস্তানৰ পৰা অহা বায়ুৱেহে দিল্লীক প্ৰদূষিত কৰিছে তেতিয়া মুখ্য ন্যায়াধীশে ৰসিকতাৰে প্ৰশ্ন কৰে যে, আপুনি পাকিস্তানৰ উদ্যোগ বন্ধ কৰিব বিচাৰে নেকি? ইফালে উচ্চতম ন্যায়ালয়ে এই বিষয়টোৰ শুনানি অহা শুকুৰবাৰলৈ পিছুৱাই দিছে।


পিছে কোনখিনি বতাহ পাকিস্তানৰ পৰা আহিছে, উত্তৰ প্ৰদেশৰ পৰা বতাহ কোনদিশে গৈছে সেয়া কি পদ্ধতিৰে উত্তৰ প্ৰদেশ চৰকাৰে চিনাক্ত কৰিছে সেয়াহে জনাটো সম্ভৱ নহ’ল। দেশৰ সকলো সমস্যাৰ বাবে পাকিস্তানক জগৰীয়া কৰি অহাৰ সকলো প্ৰৱণতাক চেৰাই গৈ এইবাৰ প্ৰদূষণৰ বাবেও পাকিস্তানক জগৰীয়া কৰাটো আমোদজনক বিবেচিত হৈছে। যেন মন্ত্ৰ মাৰিহে পোনে পোনে দিল্লীলৈ বতাহ পঠিয়াইছে পাকিস্তানে। পাকিস্তানৰ মন্ত্ৰপুত বতাহে আন ক’তো নৰৈ পোনে পোনে আক্ৰমণ কৰিছে দিল্লীত। উত্তৰ প্ৰদেশ চৰকাৰৰ এই যু্ক্তিয়ে দেশৰ মু্খ্য ন্যায়াধীশকো আমোদ দিয়া দেখা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত