--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চোৰাং বেহা তথা অবৈধ সামগ্ৰীৰ সৰবৰাহৰ বাবে নিৰাপদ পথত পৰিণত হৈছে নেকি বিমানবন্দৰ সমূহ? দেখাত কটকটীয়া যেন লাগিলেও বিমানবন্দৰত নিয়োজিত নিৰাপত্তা ব্যৱস্থাত আছে নেকি বৃহৎ সুৰুঙা বা কেৰোণ ? শেহতীয়া কিছুমান কৰ্মকাণ্ডৰ প্ৰশ্ন ব্যাপক ৰূপত উত্থাপন হ'বলৈ ধৰিছে। কিছুদিন পূৰ্বে শতাধিক বন্য জীৱ-জন্তুৰ সৈতে বেংককৰ এটা বিমানবন্দৰত গ্ৰেপ্তাৰ হৈছিল এটা ভাৰতীয় দম্পতী। বেগৰ ভিতৰত সোমোৱাই অনা এই জীৱ-জন্তু সমূহৰ সৈতে দম্পতীহাল চেন্নাই অভিমুখী বিমানত উঠাৰ আগে আগে গ্ৰেপ্তাৰ হৈছিল।

তাৰ কিছুদিন পূৰ্বে দেশৰে এটা বিমানবন্দৰৰ বন্য জন্তসহ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এহাল দম্পতীৰ বেগত ওলাইছিল ৪৫ টা বন্দুক। আনহাতে চেন্নাইৰ বিমানবন্দৰত এগৰাকী তাঞ্জানিয়ান নাগৰিকৰ পৰা শুল্ক বিভাগে উদ্ধাৰ কৰিছে ৮.৮৬ কোটি টকা মূল্যৰ ড্ৰাগছ।

এইবাৰ দিল্লী বিমানবন্দৰত এজন ব্যক্তিৰ পৰা উদ্ধাৰ কৰা হৈছে ১৫ লক্ষাধিক ভাৰতীয় টকা মূল্যৰ আমেৰিকান ডলাৰ। বিমানবন্দৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা অনুসৰি বেংকক অভিমুখী এজন ব্যক্তিক আজি দিল্লী বিমানবন্দৰত ১৫ লাখতকৈও অধিক টকাৰ আমেৰিকান ডলাৰ লুকুৱাই নিয়াৰ অভিযোগত আটক কৰিছে।

দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল-৩ ত নিৰাপত্তা পৰীক্ষাৰ সময়ত আজি পুৱা প্ৰায় ৫ বজাত নিৰাপত্তাৰক্ষীয়ে যাত্ৰীজনক ধৰা পেলায়। মুঠ ১৯,৯০০ ডলাৰৰ নোট যাত্ৰীগৰাকীয়ে লগত নিয়া লাগেজত থকা পাপড়ৰ পেকেটত লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ কৰা হয়।

বেংকক অভিমুখী এয়াৰ ভিষ্টাৰা বিমানত উঠাৰ পূৰ্বেই তেওঁক আটক কৰা হয় আৰু কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ (চিআইএছএফ) কৰ্মচাৰীসকলে শুল্ক কৰ্তৃপক্ষক গতাই দিয়ে। বিমানবন্দৰৰ জেষ্ঠ বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে বৈধ অনুমোদন অবিহনে ইমান বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰা কঢ়িয়াই নিয়াৰ বাবে তেওঁক আটক কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ব্যৰ্থ প্ৰধানমন্ত্ৰীৰ 'সূৰ্যঘৰ', সৌৰ পেনেল স্থাপনৰে বিদ্যুৎ উৎপাদনৰ অভিলাষী আঁচনিৰ নাই অগ্রগতি
ডেৰ বছৰীয়া পুত্ৰক বুকুত সাবটি গংগাত জাঁপ BSF জোৱানৰ, ৫ দিন পূৰ্বে পত্নীয়েও জাঁপ দিছিল গংগাত
AIDS নিয়ন্ত্ৰণ সজাগতা চলি থকাৰ মাজতে HIV পৰীক্ষাৰ নামত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভয়ংকৰ কাণ্ড
তিয়াই থোৱা আখৰোট খালে আপোনাৰ ৫টা আচৰিত উপকাৰ হ’ব! জানো আহক সবিশেষ
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে