--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চোৰাং বেহা তথা অবৈধ সামগ্ৰীৰ সৰবৰাহৰ বাবে নিৰাপদ পথত পৰিণত হৈছে নেকি বিমানবন্দৰ সমূহ? দেখাত কটকটীয়া যেন লাগিলেও বিমানবন্দৰত নিয়োজিত নিৰাপত্তা ব্যৱস্থাত আছে নেকি বৃহৎ সুৰুঙা বা কেৰোণ ? শেহতীয়া কিছুমান কৰ্মকাণ্ডৰ প্ৰশ্ন ব্যাপক ৰূপত উত্থাপন হ'বলৈ ধৰিছে। কিছুদিন পূৰ্বে শতাধিক বন্য জীৱ-জন্তুৰ সৈতে বেংককৰ এটা বিমানবন্দৰত গ্ৰেপ্তাৰ হৈছিল এটা ভাৰতীয় দম্পতী। বেগৰ ভিতৰত সোমোৱাই অনা এই জীৱ-জন্তু সমূহৰ সৈতে দম্পতীহাল চেন্নাই অভিমুখী বিমানত উঠাৰ আগে আগে গ্ৰেপ্তাৰ হৈছিল।

তাৰ কিছুদিন পূৰ্বে দেশৰে এটা বিমানবন্দৰৰ বন্য জন্তসহ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এহাল দম্পতীৰ বেগত ওলাইছিল ৪৫ টা বন্দুক। আনহাতে চেন্নাইৰ বিমানবন্দৰত এগৰাকী তাঞ্জানিয়ান নাগৰিকৰ পৰা শুল্ক বিভাগে উদ্ধাৰ কৰিছে ৮.৮৬ কোটি টকা মূল্যৰ ড্ৰাগছ।

এইবাৰ দিল্লী বিমানবন্দৰত এজন ব্যক্তিৰ পৰা উদ্ধাৰ কৰা হৈছে ১৫ লক্ষাধিক ভাৰতীয় টকা মূল্যৰ আমেৰিকান ডলাৰ। বিমানবন্দৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা অনুসৰি বেংকক অভিমুখী এজন ব্যক্তিক আজি দিল্লী বিমানবন্দৰত ১৫ লাখতকৈও অধিক টকাৰ আমেৰিকান ডলাৰ লুকুৱাই নিয়াৰ অভিযোগত আটক কৰিছে।

দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল-৩ ত নিৰাপত্তা পৰীক্ষাৰ সময়ত আজি পুৱা প্ৰায় ৫ বজাত নিৰাপত্তাৰক্ষীয়ে যাত্ৰীজনক ধৰা পেলায়। মুঠ ১৯,৯০০ ডলাৰৰ নোট যাত্ৰীগৰাকীয়ে লগত নিয়া লাগেজত থকা পাপড়ৰ পেকেটত লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ কৰা হয়।

বেংকক অভিমুখী এয়াৰ ভিষ্টাৰা বিমানত উঠাৰ পূৰ্বেই তেওঁক আটক কৰা হয় আৰু কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ (চিআইএছএফ) কৰ্মচাৰীসকলে শুল্ক কৰ্তৃপক্ষক গতাই দিয়ে। বিমানবন্দৰৰ জেষ্ঠ বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে বৈধ অনুমোদন অবিহনে ইমান বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰা কঢ়িয়াই নিয়াৰ বাবে তেওঁক আটক কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ