--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰত একনাথ সিন্দেৰ বিদ্ৰোহৰ পাছত, উদ্ধৱ ঠাকৰে নেতৃত্বাধীন মহা বিকাশ আঘাড়ী (এমভিএ) চৰকাৰ সংকটৰ গৰাহত পৰিছেসিন্দেৰ সমৰ্থনত কেইবাগৰাকীও বিধায়ক থকা বুলি ধাৰণা কৰা হৈছে আৰু চৰকাৰৰ বাবে এইসকল গভীৰ সংকটৰ কাৰণ হৈ উঠিব পাৰে। ইফালে, এই পৰিস্থিতি সম্পৰ্কত শাসকীয় পক্ষৰ সহযোগী এনচিপিৰ মুৰব্বী শৰদ পাৱাৰে দাবী কৰিছে যে, চৰকাৰখন পতন ঘটোৱাৰ প্ৰচেষ্টা এইবাৰেই প্ৰথম কৰা নাই, ইয়াৰ আগতেও দুবাৰ এনে প্ৰচেষ্টা চলিছিল

পাৱাৰে দাবী কৰিছে যে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব আৰু মিত্ৰজোঁট চৰকাৰখনে ইয়াৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব। কিন্তু এমভিএ চৰকাৰৰ পতন হ’লে এনচিপি বিজেপিৰ সৈতে চামিল হ’ব নেকি এই প্ৰশ্নও এতিয়া উত্থাপন হৈছে শাৰদ পাৱাৰৰ সন্মুখত। এই প্ৰশ্নৰ উত্তৰত পাৱাৰে কয় যে, তেওঁৰ দলে কোনো পৰিস্থিতিত বিজেপিক সমৰ্থন নকৰে। পাৱাৰে মন্তব্য কৰে যে আমাৰ দলৰ কোনো বিধায়কে বিদ্ৰোহ কৰা নাই আৰু শিৱসেনাই নিজৰ দলৰ ভিতৰত বিষয়বোৰ চালিজাৰি চাই সমাধানৰ দিশলৈ অগ্ৰসৰ হ’বলৈ সক্ষম হৈছে।

শিৱসেনাৰ বিধায়কসকলৰ চৰ্চিত বিদ্ৰোহৰ বিষয়টো সন্দৰ্ভত পাৱাৰে কয়,  এইটো শিৱসেনাৰ এটা আভ্যন্তৰীণ বিষয় আৰু পৰিস্থিতি অধ্যয়ন কৰাৰ পাছত দলটোৱে তেওঁলোকে পৰিস্থিতিৰ বিষয়ে আমাক অৱগত কৰিব। তেওঁ কয় যে এনচিপিয়ে শিৱসেনাক যিকোনো মূল্যতে সমৰ্থন কৰিব। পাৱাৰে কয় যে কিছুসংখ্যক বিধায়কক লগত লৈ বিদ্ৰোহ কৰা একনাথ সিন্দে তেওঁক মুখ্যমন্ত্ৰী হোৱাৰ উচ্চাকাংক্ষাৰ বিষয়ে কেতিয়াও একো কোৱা নাছিল।

পাৱাৰে কয় যে, মিত্ৰতাত কোনো ফাঁট মেলা নাই আৰু থাকৰেৰ নেতৃত্বৰ ওপৰত সকলোৰে সম্পূৰ্ণ বিশ্বাস আছে। ইফালে, এই ৰাজনৈতিক সংকটৰ মাজতে, শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে দাবী কৰিছে যে চৰকাৰ পতন ঘটোৱা চেষ্টাৰ আঁৰত বিজেপিৰ ষড়যন্ত্ৰ আছে। আমাৰ বিধায়কক অপহৰণ কৰি গুজৰাটলৈ লৈ যোৱা হৈছে। তেওঁ দাবী কৰে যে কোনেও শিৱসেনা ভাঙিব নোৱাৰে, সন্ধিয়া পুনৰ বৈঠক অনুষ্ঠিত হ'ব। শিৱসেনাই একনাথ সিন্দেৰ ঠাই পূৰণ কৰিছে আৰু অজয় চৌধুৰীক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰিছে।

ৰাউতে লগতে কয় যে, একনাথ সিন্দে আমাৰ বন্ধু, যদি তেওঁৰ মনত কিবা বিভ্ৰান্তি বা অসন্তুষ্টিৰ সৃষ্টি হৈছে তেন্তে ইয়াক আঁতৰ কৰা হ'ব। মুম্বাইলৈ আহক, আমি আলোচনাৰ বাবে সাজু। তেওঁ লগতে কয় যে, নজন বিধায়কৰ পৰিয়ালে আৰক্ষীৰ ওচৰত এটা নিৰুদ্দেশ তথ্য দাখিল কৰিছে। সঞ্জয় ৰাউতে লগতে অভিযোগ কৰে যে বিজেপিয়ে ৰাজস্থানৰ পাছত মহাৰাষ্ট্ৰত অপাৰেচন লটাছ আৰম্ভ কৰিছে কিন্তু ই সফল নহ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প