--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিশ্বৰ ধনাঢ্য লোকসকলৰ ভিতৰত অন্যতম বিল গেইটছ আৰু মেলিন্দা গেইটছৰ কন্যাৰ ৰাজকীয় বিবাহ অনুষ্ঠানে চমকিত কৰি তুলিছে বিশ্ববাসীক। মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপকগৰাকীয়ে নিজৰ অৰ্থবলেৰে বিশ্বক দীৰ্ঘকাল বশীভূত কৰি ৰাখিছে। সেইগৰাকী বিল গেইটছৰ কন্যাৰ বিবাহ ৰাজকীয় হোৱাটো স্বাভাৱিক। অৱশ্যে জাকজমকীয়াকৈ বিবাহ অনুষ্ঠান আয়োজিত হ’লেও খাদ্যৰ তালিকাত নাছিল কোনোধৰণৰ বিলাসী খাদ্যসম্ভাৰ। ঘৰুৱা ব্যঞ্জনেৰে আপ্যায়ন কৰা হৈছিল আমন্ত্ৰিত অতিথিসকলক।

উল্লেখযোগ্য যে, বিল গেইটছৰ কন্যা জেনিফাৰৰ দৰা হ’ল ইজিপ্তৰ ইকুয়েষ্ট্রিয়ান নায়েল নাছিৰ। বিশ্ব ঘোঁৰাচালনা প্ৰতিযোগিতাৰ চিনাকি মুখ নাছিৰৰ সৈতে ২০১৭ চনত চিনাকি হৈছিল জেনিফাৰ। ‘ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়’ত পঢ়ি থকাৰ সময়ৰেপৰাই দুয়োৰে মাজত আছিল প্ৰেম। বিগত বছৰত আনুষ্ঠানিকভাৱে বাগদান কাৰ্য সম্পন্ন হোৱাৰ পাছত সোমবাৰে নিউয়ৰ্কত বিবাহ সম্পন্ন হয় জেনিফা আৰু নাছিৰৰ। বিগত টকিঅ’ অলিম্পিকৰ ইকুয়েষ্ট্রিয়ানত প্রতিনিধিত্ব কৰা নাছিৰক জীৱনসংগী হিচাপে পাই খুবেই সুখী জেনিফাৰ।

বিবাহক ‘পৰীৰ দেশৰ সাধু’- বুলি অভিহিত কৰিছে জেনিফাৰ গেইটছে। বিবাহ অনুষ্ঠানত জেনিফাৰে পৰিধান কৰা পোছাকযোৰেও বৰ্তমান সময়ত যথেষ্ট চৰ্চা লাভ কৰিছে। উল্লেখযোগ্য যে, ‘বিবাহ অনুষ্ঠানত ক’ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰা ব্যক্তিকহে প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হৈছিল…’- বুলিও খবৰ ওলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু