--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিশ্বৰ ধনাঢ্য লোকসকলৰ ভিতৰত অন্যতম বিল গেইটছ আৰু মেলিন্দা গেইটছৰ কন্যাৰ ৰাজকীয় বিবাহ অনুষ্ঠানে চমকিত কৰি তুলিছে বিশ্ববাসীক। মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপকগৰাকীয়ে নিজৰ অৰ্থবলেৰে বিশ্বক দীৰ্ঘকাল বশীভূত কৰি ৰাখিছে। সেইগৰাকী বিল গেইটছৰ কন্যাৰ বিবাহ ৰাজকীয় হোৱাটো স্বাভাৱিক। অৱশ্যে জাকজমকীয়াকৈ বিবাহ অনুষ্ঠান আয়োজিত হ’লেও খাদ্যৰ তালিকাত নাছিল কোনোধৰণৰ বিলাসী খাদ্যসম্ভাৰ। ঘৰুৱা ব্যঞ্জনেৰে আপ্যায়ন কৰা হৈছিল আমন্ত্ৰিত অতিথিসকলক।

উল্লেখযোগ্য যে, বিল গেইটছৰ কন্যা জেনিফাৰৰ দৰা হ’ল ইজিপ্তৰ ইকুয়েষ্ট্রিয়ান নায়েল নাছিৰ। বিশ্ব ঘোঁৰাচালনা প্ৰতিযোগিতাৰ চিনাকি মুখ নাছিৰৰ সৈতে ২০১৭ চনত চিনাকি হৈছিল জেনিফাৰ। ‘ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়’ত পঢ়ি থকাৰ সময়ৰেপৰাই দুয়োৰে মাজত আছিল প্ৰেম। বিগত বছৰত আনুষ্ঠানিকভাৱে বাগদান কাৰ্য সম্পন্ন হোৱাৰ পাছত সোমবাৰে নিউয়ৰ্কত বিবাহ সম্পন্ন হয় জেনিফা আৰু নাছিৰৰ। বিগত টকিঅ’ অলিম্পিকৰ ইকুয়েষ্ট্রিয়ানত প্রতিনিধিত্ব কৰা নাছিৰক জীৱনসংগী হিচাপে পাই খুবেই সুখী জেনিফাৰ।

বিবাহক ‘পৰীৰ দেশৰ সাধু’- বুলি অভিহিত কৰিছে জেনিফাৰ গেইটছে। বিবাহ অনুষ্ঠানত জেনিফাৰে পৰিধান কৰা পোছাকযোৰেও বৰ্তমান সময়ত যথেষ্ট চৰ্চা লাভ কৰিছে। উল্লেখযোগ্য যে, ‘বিবাহ অনুষ্ঠানত ক’ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰা ব্যক্তিকহে প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হৈছিল…’- বুলিও খবৰ ওলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ