--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ দিৱস অৰ্থাৎ ভেলেণ্টাইন ডে'ৰ দিনা সম্পন্ন হ'ল এখন প্ৰেম বিবাহ। এই প্ৰেম বিবাহে বৰ্তমান সময়ত যথেষ্ট চৰ্চা লাভ কৰিছে কিয়নো এই বিয়াখন সমাজত ব্যতিক্ৰমী হিচাপে প্ৰতিপন্ন হৈছে। কেৰালাৰ তিৰুৱন্তপুৰমত সম্পন্ন হয় এখন ট্ৰেন্সজেণ্ডাৰ বিবাহ। দৰা ট্ৰেন্সমেন মনু কাৰ্তিক আৰু কইনা ট্ৰেন্সৱমেন শ্যামা এছ. প্ৰভা। ট্ৰেন্সজেণ্ডাৰ শ্যামা এছ. প্ৰভা আৰু মনু কাৰ্তিকে ইজনে সিজনৰ প্ৰতি থকা প্ৰেমক পূৰ্ণতা দিবলৈ ভেলেণ্টাইন দিৱসৰ দিনা বিবাহপাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লয়। সেই অনুসৰি পৰিয়াল আৰু বন্ধু-বৰ্গৰ উপস্থিতিত পৰম্পৰাগত ৰীতি-নীতিৰে এই বিয়াখন ধুমধামেৰে অনুষ্ঠিত হৈ যায়। বিয়াৰ মণ্ডপ ফুলেৰে খুব আকৰ্ষণীয় ভাৱে সজোৱা হৈছিল। আত্মীয় আৰু বন্ধুবৰ্গক এই বিয়াখনত বহুত সুখী দেখা গৈছিল আৰু তেওঁলোকে বিয়াৰ আনন্দত নৃত্য কৰিছিল। বিয়াৰ দিনা সকলোৱে দৰা মনু কাৰ্তিক আৰু কইনা শ্যামা এছ. প্ৰভাৰ দাম্পত্য জীৱন সুখৰ হ'বলৈ আশীৰ্বাদ দিয়ে। কেৰালাৰ ত্ৰিচুৰৰ বাসিন্দা মনু কাৰ্তিকে টেকনো পাৰ্কৰ এখন আইটি ফাৰ্মত কাম কৰে আনহাতে তিৰুৱন্তপুৰমৰ বাসিন্দা শ্যামাই কেৰালা সামাজিক ন্যায় বিভাগৰ অধীনত এটা ট্ৰেন্সজেণ্ডাৰ চেলত কাম কৰি আছে। বিয়াৰ দিনা দুয়োকে বৰ সুখী আৰু ধুনীয়া দেখা গৈছিল। দুয়ো দুয়োকে পিন্ধাইছিল পদুম ফুলেৰে বনোৱা মালা। শ্যামা আৰু মনুয়ে তেওঁলোকৰ বিবাহ আদালতত পঞ্জীয়ন কৰিব।শ্যামা আৰু মনুয়ে ট্ৰেন্সজেণ্ডাৰ ব্যক্তি (অধিকাৰ সুৰক্ষা) আইন, 2019-ৰ অধীনত তেওঁলোকৰ বিবাহ পঞ্জীয়ন কৰিবলৈ উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ পৰিকল্পনা কৰিছে। দৰা-কইনাই নিজৰ এই বিয়াখনৰ সন্দৰ্ভত কয় "এক দীঘলীয়া অপেক্ষা এতিয়া সম্পূৰ্ণ হৈছে। আমাৰ পৰিয়াল আৰু বন্ধুবৰ্গ আমাৰ সৈতে থকাৰ বাবে আমি অতি সুখী। এইটো আমাৰ বাবে আটাইতকৈ মূল্যৱান মুহূৰ্ত, কিয়নো আমি এই দিনটোৰ বাবে বহু অপেক্ষা কৰিছিলো।" আৰু পঢ়কঃ লতাজীৰ পাছে পাছে গুচি গ’ল বাপ্পী লাহিড়ী; দুসপ্তাহৰ ভিতৰত মহাপ্ৰস্থান সংগীতৰ ‘মাতৃ-পুত্ৰ’ৰ  

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন