--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ দিৱস অৰ্থাৎ ভেলেণ্টাইন ডে'ৰ দিনা সম্পন্ন হ'ল এখন প্ৰেম বিবাহ। এই প্ৰেম বিবাহে বৰ্তমান সময়ত যথেষ্ট চৰ্চা লাভ কৰিছে কিয়নো এই বিয়াখন সমাজত ব্যতিক্ৰমী হিচাপে প্ৰতিপন্ন হৈছে। কেৰালাৰ তিৰুৱন্তপুৰমত সম্পন্ন হয় এখন ট্ৰেন্সজেণ্ডাৰ বিবাহ। দৰা ট্ৰেন্সমেন মনু কাৰ্তিক আৰু কইনা ট্ৰেন্সৱমেন শ্যামা এছ. প্ৰভা। ট্ৰেন্সজেণ্ডাৰ শ্যামা এছ. প্ৰভা আৰু মনু কাৰ্তিকে ইজনে সিজনৰ প্ৰতি থকা প্ৰেমক পূৰ্ণতা দিবলৈ ভেলেণ্টাইন দিৱসৰ দিনা বিবাহপাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লয়। সেই অনুসৰি পৰিয়াল আৰু বন্ধু-বৰ্গৰ উপস্থিতিত পৰম্পৰাগত ৰীতি-নীতিৰে এই বিয়াখন ধুমধামেৰে অনুষ্ঠিত হৈ যায়। বিয়াৰ মণ্ডপ ফুলেৰে খুব আকৰ্ষণীয় ভাৱে সজোৱা হৈছিল। আত্মীয় আৰু বন্ধুবৰ্গক এই বিয়াখনত বহুত সুখী দেখা গৈছিল আৰু তেওঁলোকে বিয়াৰ আনন্দত নৃত্য কৰিছিল। বিয়াৰ দিনা সকলোৱে দৰা মনু কাৰ্তিক আৰু কইনা শ্যামা এছ. প্ৰভাৰ দাম্পত্য জীৱন সুখৰ হ'বলৈ আশীৰ্বাদ দিয়ে। কেৰালাৰ ত্ৰিচুৰৰ বাসিন্দা মনু কাৰ্তিকে টেকনো পাৰ্কৰ এখন আইটি ফাৰ্মত কাম কৰে আনহাতে তিৰুৱন্তপুৰমৰ বাসিন্দা শ্যামাই কেৰালা সামাজিক ন্যায় বিভাগৰ অধীনত এটা ট্ৰেন্সজেণ্ডাৰ চেলত কাম কৰি আছে। বিয়াৰ দিনা দুয়োকে বৰ সুখী আৰু ধুনীয়া দেখা গৈছিল। দুয়ো দুয়োকে পিন্ধাইছিল পদুম ফুলেৰে বনোৱা মালা। শ্যামা আৰু মনুয়ে তেওঁলোকৰ বিবাহ আদালতত পঞ্জীয়ন কৰিব।শ্যামা আৰু মনুয়ে ট্ৰেন্সজেণ্ডাৰ ব্যক্তি (অধিকাৰ সুৰক্ষা) আইন, 2019-ৰ অধীনত তেওঁলোকৰ বিবাহ পঞ্জীয়ন কৰিবলৈ উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ পৰিকল্পনা কৰিছে। দৰা-কইনাই নিজৰ এই বিয়াখনৰ সন্দৰ্ভত কয় "এক দীঘলীয়া অপেক্ষা এতিয়া সম্পূৰ্ণ হৈছে। আমাৰ পৰিয়াল আৰু বন্ধুবৰ্গ আমাৰ সৈতে থকাৰ বাবে আমি অতি সুখী। এইটো আমাৰ বাবে আটাইতকৈ মূল্যৱান মুহূৰ্ত, কিয়নো আমি এই দিনটোৰ বাবে বহু অপেক্ষা কৰিছিলো।" আৰু পঢ়কঃ লতাজীৰ পাছে পাছে গুচি গ’ল বাপ্পী লাহিড়ী; দুসপ্তাহৰ ভিতৰত মহাপ্ৰস্থান সংগীতৰ ‘মাতৃ-পুত্ৰ’ৰ  

FOLLOW US F
POPULAR
FEATURE
TRENDY
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
বিহাৰৰ ভোটাৰ তালিকাত ২ পাকিস্তানী মহিলাৰ নাম!
বিলাসীপাৰাত বাছ আৰু এল্টোৰ মুখামুখি সংঘৰ্ষ! আহত বহুজন
অসমত ব্যৰ্থ প্ৰধানমন্ত্ৰীৰ 'সূৰ্যঘৰ', সৌৰ পেনেল স্থাপনৰে বিদ্যুৎ উৎপাদনৰ অভিলাষী আঁচনিৰ নাই অগ্রগতি
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়