--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ''RSSৰ বাবেহে ভাৰত পাকিস্তান হোৱাৰ পৰা ৰক্ষা পৰিছে৷ ভাৰত পাকিস্তান সদৃশ দেশ হোৱা নাই কেৱলমাত্ৰ RSSৰ কৃপাত''-এই মন্তব্য কৰ্ণাটকৰ পশুপালন মন্ত্ৰী প্ৰভু চৌহানৰ৷ মন্ত্ৰীগৰাকীৰ এই মন্তব্যক লৈ চলিছে চৰ্চা৷ RSSৰ গুণ গাই মন্ত্ৰী চৌহানে কয় যে "RSS হৈছে দেশপ্ৰেমী সংগঠন যিয়ে দেশৰ সুৰক্ষা প্ৰদান কৰি আছে। RSSৰ অধীনত ভাৰত সুৰক্ষিত। RSS থকালৈকে ভাৰতীয় লোকসকলে কোনো দেশ বা শত্ৰু বাহিনীৰ বাবে ভয় খোৱাৰ প্ৰয়োজন নাই।"

জেডিএছ নেতা এইচ ডি কুমাৰস্বামীয়ে RSSৰৰ দ্বাৰা প্ৰশিক্ষিত ৪০০০ প্ৰশাসনিক বিষয়া এতিয়া কূটনৈতিক বিভাগৰ অন্তৰ্ভূক্ত বুলি মন্তব্য কৰাৰ পাছতে কৰ্ণাটকৰ মন্ত্ৰীগৰাকীয়ে এইদৰে মত ব্যক্ত কৰে। উল্লেখযোগ্য যে, আফগানিস্তানত তালিবানৰ উত্থানৰ পাছতে কিছু সংখ্যকলোকে RSSকো তালিবানৰ সৈতে তুলনা কৰিছিল।

মন্ত্ৰী প্ৰভু চৌহানে জেডিএছক উপহাস কৰি কয় যে "জেডিএছ আৰু কুমাৰস্বামীয়ে RSSৰৰ বিষয়ে ক'বলৈ তেওঁলোকৰ কোনো যোগ্যতা নাই।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ