--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউড অভিনেতা অক্ষয় কুমাৰক লৈ এতিয়া আৰম্ভ হৈছে উত্তৰাখণ্ডৰ ৰাজনীতি৷ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অভিনেতাজনক ৰাজ্যখনৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে মনোনীত কৰিছে৷ সোমবাৰে পুৱা অভিনেতাজনে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীক ডেৰাডুনত থকা তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে। বৈঠকৰ পাছত, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে অভিনেতাজনে ৰাজ্যখনৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে কাম কৰিব। অহা ১৪ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অভিনেতাজনক বেণ্ড এম্বেছাডৰ হিচাপে বাছি লোৱা বিষয়টোৱে নিৰ্বাচনী অভিসন্ধি প্ৰতিফলিত কৰিছে৷ উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনৰ ফলাফল ১০ মাৰ্চত ঘোষণা কৰা হ’ব। নিৰ্বাচনৰ কেইদিনমানৰ পূৰ্বে অভিনেতাগৰাকীক বেণ্ড এম্বেছাডৰ হিচাপে নিৰ্বাচিত কৰা বিষয়টোৱে শাসকীয় দলটোৰ এক ভোটাৰক আকৰ্ষণৰ নতুন কৌশল হিচাপে বিবেচিত হৈছে৷ পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা ৰাজ্যখনত বিজেপিয়ে পুনৰ চৰকাৰ গঠনৰ বাবে নানা পন্থাৰে চেষ্টা চলাইছে৷ https://twitter.com/pushkardhami/status/1490555406368002049?s=20&t=W-DL889V47-oL8I8fqnRfg বৈঠকৰ পাছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘আমি তেওঁক (অক্ষয় কুমাৰ) এটা প্ৰস্তাৱ দিছিলো, তেওঁ ইয়াক গ্ৰহণ কৰিছে। তেওঁ উত্তৰাখণ্ডৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপেও কাম কৰিব।’ ইফালে, ২০১৭ চনত, অক্ষয় কুমাৰক স্বচ্ছতা অভিযানৰ বাবে উত্তৰাখণ্ডৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে মনোনীত কৰা হৈছিল। অভিনেতাজনে ইয়াৰ বাবে কোনো মাচুল লোৱা নাছিল আৰু কৈছিল যে প্ৰচাৰৰ সৈতে জড়িত হোৱাটো তেওঁৰ বাবে সন্মানৰ বিষয়। আনহাতে, অক্ষয় কুমাৰক ১৮ মাৰ্চত ছবিগৃহত মুক্তি পাব লগা বচ্চন পাণ্ডে চলচ্চিত্ৰত দেখা যাব। ফাৰাদ চামজীৰ দ্বাৰা পৰিচালিত এই ছবিখনত কৃতি চানন, অৰ্শদ ৱাৰ্চী আৰু জেকলিন ফাৰ্ণাণ্ডেজেও অভিনয় কৰিছে। অক্ষয়ক ৰাম সেতু, পৃথ্বীৰাজ, ৰাটচান ৰিমেক, ছেলফি, গোৰ্খা আৰু ৰক্ষাবন্ধনতো দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক