--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউড অভিনেতা অক্ষয় কুমাৰক লৈ এতিয়া আৰম্ভ হৈছে উত্তৰাখণ্ডৰ ৰাজনীতি৷ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অভিনেতাজনক ৰাজ্যখনৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে মনোনীত কৰিছে৷ সোমবাৰে পুৱা অভিনেতাজনে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীক ডেৰাডুনত থকা তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে। বৈঠকৰ পাছত, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে অভিনেতাজনে ৰাজ্যখনৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে কাম কৰিব। অহা ১৪ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অভিনেতাজনক বেণ্ড এম্বেছাডৰ হিচাপে বাছি লোৱা বিষয়টোৱে নিৰ্বাচনী অভিসন্ধি প্ৰতিফলিত কৰিছে৷ উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনৰ ফলাফল ১০ মাৰ্চত ঘোষণা কৰা হ’ব। নিৰ্বাচনৰ কেইদিনমানৰ পূৰ্বে অভিনেতাগৰাকীক বেণ্ড এম্বেছাডৰ হিচাপে নিৰ্বাচিত কৰা বিষয়টোৱে শাসকীয় দলটোৰ এক ভোটাৰক আকৰ্ষণৰ নতুন কৌশল হিচাপে বিবেচিত হৈছে৷ পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা ৰাজ্যখনত বিজেপিয়ে পুনৰ চৰকাৰ গঠনৰ বাবে নানা পন্থাৰে চেষ্টা চলাইছে৷ https://twitter.com/pushkardhami/status/1490555406368002049?s=20&t=W-DL889V47-oL8I8fqnRfg বৈঠকৰ পাছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘আমি তেওঁক (অক্ষয় কুমাৰ) এটা প্ৰস্তাৱ দিছিলো, তেওঁ ইয়াক গ্ৰহণ কৰিছে। তেওঁ উত্তৰাখণ্ডৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপেও কাম কৰিব।’ ইফালে, ২০১৭ চনত, অক্ষয় কুমাৰক স্বচ্ছতা অভিযানৰ বাবে উত্তৰাখণ্ডৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে মনোনীত কৰা হৈছিল। অভিনেতাজনে ইয়াৰ বাবে কোনো মাচুল লোৱা নাছিল আৰু কৈছিল যে প্ৰচাৰৰ সৈতে জড়িত হোৱাটো তেওঁৰ বাবে সন্মানৰ বিষয়। আনহাতে, অক্ষয় কুমাৰক ১৮ মাৰ্চত ছবিগৃহত মুক্তি পাব লগা বচ্চন পাণ্ডে চলচ্চিত্ৰত দেখা যাব। ফাৰাদ চামজীৰ দ্বাৰা পৰিচালিত এই ছবিখনত কৃতি চানন, অৰ্শদ ৱাৰ্চী আৰু জেকলিন ফাৰ্ণাণ্ডেজেও অভিনয় কৰিছে। অক্ষয়ক ৰাম সেতু, পৃথ্বীৰাজ, ৰাটচান ৰিমেক, ছেলফি, গোৰ্খা আৰু ৰক্ষাবন্ধনতো দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন