--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ প্ৰাক্তন প্ৰেমিক কেটৰিনা কাইফৰ বিয়া। অভিনেতা বিকি কৌশলৰ সৈতে একেলগে থকাৰ পণ কেটৰিনাৰ। জীৱনৰ এই মহা সন্ধিক্ষণত স্বাভাৱিকতে কেটৰিনা-বিকিৰ পদূলি উদুলি-মুদুলি। উলাহে নধৰা হিয়া বলীউড সুন্দৰী কেটৰিনাৰ। অৱশ্যে, শোকে খুন্দা মাৰি ধৰিছে ছলমানৰ বুকু। অতীতৰ স্মৃতিয়ে বুকুত ধান বনাদি বনিছে ছলমানৰ। নিৰুপায় ছলমানৰ এই বিৰহ-বেদনা বুজে কোনে? প্ৰেয়সীৰ বিবাহক লৈ কি গুণা-গঁথা চলিছে ভাইজানৰ পৰিয়ালত? কি পৰিস্থিতিৰ মাজেৰে দিন নিয়াইছে ডাবাং খানে? ইত্যাদি প্ৰশ্নক লৈয়ে যেন একপ্ৰকাৰ ব্যস্ত হৈ পৰিছে সংবাদ মাধ্যম। প্ৰিয় অনুৰাগীৰ মনতো একেটা প্ৰশ্নৰে অগা-দেৱা। ছলমানে চম্ভালিব পাৰিব নে নিজকে? তাকে লৈ একপ্ৰকাৰ চিন্তিত, উদ্বিগ্ন অনুৰাগী। অভিনয়ৰ জৰিয়তেই প্ৰেমত পৰিছিল দুয়ো। পাছে চিৰস্থায়ী নহ’ল সেই সম্পৰ্ক। আঁকোৰ-গোজ ছলমান-কেটে সিদ্ধান্ত লৈছিল বিচ্ছেদৰ।

অৱশ্যে, বিচ্ছেদৰ পাছতো সুমধুৰ সম্পৰ্ক এটা বজাই ৰাখিছিল দুই তাৰকাই। সেয়েহে, ছলমান আৰু তেওঁৰ দুই ভগ্নী অৰ্পিতা খান আৰু আলভিৰা খানক কেটৰিনাৰ বিয়ালৈ আমন্ত্ৰণ জনাব বুলিয়েই ভাবিছিল সকলোৱে। পাছে হিতে বিপৰীতহে হ’ল কথাটো। কেটৰিনাৰ অতিথিৰ তালিকাত নাই প্ৰাক্তন প্ৰেমিকা ছলমানৰ নাম। ছলমানে কেটৰিনাৰ বিয়াত উপস্থিত থাকিব নোৱাৰিব বুলি কোৱা বাবেহে তেওঁৰ নাম তালিকাত ৰখা হোৱা নাই কিন্তু কেটে নিমন্ত্ৰণ জনাইছিল বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।

শেহতীয়াকৈ, ছলমান খানৰ ভাই-ভনীয়ে এই কথা মানি ল’ব খোজা নাই।ছলমান ভগ্নী অৰ্পিতাই কয়, ‘কেটৰিনা বা বিকিয়ে আমাক কাকো বিয়ালৈ নিমন্ত্ৰণ কৰা নাই।আমাৰ পৰিয়াললৈ তেওঁলোকৰ বিবাহৰ কোনো নিমন্ত্ৰণী পত্ৰ আহি পোৱাহি নাই।’ গতিকে, কেটৰ বিয়াত ছলমানৰ উপস্থিতি যে আকাশত চাং পতা কথা সেয়া সহজেই অনুমেয়। একে সময়তে, ছলমানৰ তেওঁৰ ঘনিষ্ঠ পৰিয়ালে সদৰী কৰে যে, ছলমানৰ সৈতে কেটৰিনাৰ সম্পৰ্ক অতি ভাল। 'ভাইজান'ৰ প্ৰাক্তন প্ৰেমিকৰ প্ৰতি কোনো তিক্ততা নাই।’ বলীউডৰ বিশেষ সূত্ৰৰো সেই একেই টিপ্পনী।আগন্তুক ছবি 'টাইগাৰ-৩'ৰ দৃশ্যগ্ৰহণৰ পৰৱৰ্তী অংশ বিবাহৰ পাছত আৰম্ভ হ'ব। এতিয়া প্ৰশ্ন হৈছে পেছাগত দিশৰ পৰা একেলগে কাম কৰোতে কেটৰিনা-ছলমানে অস্বস্তি বোধ নকৰিলেও দৈনন্দিন জীৱনত কিবা বিৰুপ প্ৰভাব পৰিব নেকি? তাকে লৈয়ো চিন্তিত হৈ পৰিছে অনুৰাগী!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ