--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বলীউডত নেপ’টিজিমৰ আটাইতকৈ নিকৃষ্ট উদাহৰণ কোন বুলি ক’লেই সকলোৱে এবাৰলৈ হ’লেও অৰ্জুন কাপুৰৰ কথা মনত পেলায়। কিমানবাৰ তেওঁ নিজৰ এক্সপ্ৰেচনহীন, জড়তাপূৰ্ণ অভিনয়ৰ বাবে ঠাট্টা-মস্কৰা, ট্ৰোল সহিছে তাৰ হিচাপ নাই। এইবাৰ আকৌ এবাৰ নিজকে হাঁহিয়াতৰ পাত্ৰ কৰি তুলিলে অৰ্জুন কাপুৰে। সহ-অভিনেত্ৰী তথা বান্ধৱী পৰিণীতি চোপ্ৰাক জন্মদিনৰ শুভেচ্ছা জনাবলৈ গৈ তেওঁ যি কাণ্ড কৰিলে সেয়া দেখাৰ পাছত এতিয়া তেওঁৰ অনুৰাগীয়েই নহয়, বলীউডৰ বহু সহকৰ্মীয়েও মুখ টিপি হাঁহিছে। আৰু যেন সুধিছে, অলপ বেছি হ’ল নেক্কি….!

জন্মদিনৰ শুভেচ্ছা জনাবলৈ গৈ অৰ্জুনে পৰিণীতি চোপ্ৰাৰ ভালেমান ছবিত ফটোশ্বপ কৰি নিজৰ ছবি সংযোগ কৰি দিয়ে। পৰিণীতিয়ে দেশে-বিদেশে ঘূৰি ফুৰা এই ছবিবোৰত অতি হাঁহি উঠা ধৰণে নিজৰ একোখন ছবি লগাই দিছে অৰ্জুনে। কেৱল এয়াই নহয় পৰিণীতিক তেওঁ আখ্যা দিছে ৱৰ্ল্ড টুৰিজিম এম্বেছেডৰ হিচাপেও। নিজৰ পোষ্টত অৰ্জুনে লিখিছে, ‘পৰী তুমি গোটেই বিশ্ব এনেদৰে ভ্ৰমণ কৰি থাকা আৰু মই তোমাৰ হৃদয়ত বহি লৈ তোমাৰ সৈতেই ঘূৰি ফুৰিম। শুভ জন্মদিন World Tourism Ambassador! তুমি সঁচাকৈয়ে এই খিতাপৰ যোগ্য।’ এই পোষ্ট আৰু অৰ্জুনৰ ফটোশ্বপ দেখাৰ পাছত তেওঁৰ অনুৰাগীসকলৰ লগতে বলীউডৰ তাৰকাসকলেও ৰখাব পৰা নাই হাঁহি। অদিতি ৰায় হায়দৰী, ভূমি পেডনেকাৰ, কৃতি সেনন সকলোৱে এতিয়া তেওঁৰ এই পোষ্টতত হাঁ হাঁ কমেণ্টহে দিছে। সি যি কি নহওক পৰিণীতিৰ জন্মদিনত নিৰ্মল হাস্যৰসৰ সোৱাদ দিয়া বুলি বহুতে অৰ্জুনক প্ৰশংসাও কৰিছে। পিছে এই পোষ্টত লক্ষ্যণীয়ভাৱে কোনো কমেণ্ট কৰা নাই অৰ্জুনৰ ‘প্ৰেয়সী’ মালাইকাই। ঘুনুক-ঘানাকৈ শুনা মতে, পৰিণীতিৰে এনে সনা-পিটিকা তেওঁ ‘বয়োজ্যেষ্ঠ প্ৰেয়সীয়ে’ বৰ এটা পচন্দ কৰা নাই। সেয়েহে সকলো সময়তে ডিঙিৰ মাদুলি হৈ থকাৰ পাছতো এই পোষ্টক তেওঁ কৌশলেৰে এৰাই চলিছে।

উল্লেখ্য যে, ২০১২চনত অৰ্জুনৰ সৈতেই পৰিণীতিৰ প্ৰথম ছবিয়ে মুক্তি পাইছিল। ‘ইছকজাদে’ নামৰ ছবিখনৰ সফলতাই অৰ্জুন-পৰিণীতি দুয়োৰে কেৰিয়াৰক বলীউডত গতি দিয়ে। এইবছৰ দুয়োৰে আন এখন ছবি অ’টিটি প্লেটফৰ্মত মুক্তি পাইছে। ছবিখনৰ নাম হৈছে ‘সন্দীপ ঔৰ পিংকী ফাৰাৰ’। ইফালে, পৰিণীতিৰ কেইবাখনো গুৰুত্বপূৰ্ণ ছবিয়ে এইবাৰ মুক্তি পাইছে। ছাইনা, দ্য গাৰ্ল অন দা ট্ৰেইন ইয়াৰ ভিতৰত উল্লেখযোগ্য। অৰ্জুনৰ মুক্তি পাইছে ভূত পুলিছ নামৰ হৰৰ কমেডি ছবিখনে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ