--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বলীউডত নেপ’টিজিমৰ আটাইতকৈ নিকৃষ্ট উদাহৰণ কোন বুলি ক’লেই সকলোৱে এবাৰলৈ হ’লেও অৰ্জুন কাপুৰৰ কথা মনত পেলায়। কিমানবাৰ তেওঁ নিজৰ এক্সপ্ৰেচনহীন, জড়তাপূৰ্ণ অভিনয়ৰ বাবে ঠাট্টা-মস্কৰা, ট্ৰোল সহিছে তাৰ হিচাপ নাই। এইবাৰ আকৌ এবাৰ নিজকে হাঁহিয়াতৰ পাত্ৰ কৰি তুলিলে অৰ্জুন কাপুৰে। সহ-অভিনেত্ৰী তথা বান্ধৱী পৰিণীতি চোপ্ৰাক জন্মদিনৰ শুভেচ্ছা জনাবলৈ গৈ তেওঁ যি কাণ্ড কৰিলে সেয়া দেখাৰ পাছত এতিয়া তেওঁৰ অনুৰাগীয়েই নহয়, বলীউডৰ বহু সহকৰ্মীয়েও মুখ টিপি হাঁহিছে। আৰু যেন সুধিছে, অলপ বেছি হ’ল নেক্কি….!

জন্মদিনৰ শুভেচ্ছা জনাবলৈ গৈ অৰ্জুনে পৰিণীতি চোপ্ৰাৰ ভালেমান ছবিত ফটোশ্বপ কৰি নিজৰ ছবি সংযোগ কৰি দিয়ে। পৰিণীতিয়ে দেশে-বিদেশে ঘূৰি ফুৰা এই ছবিবোৰত অতি হাঁহি উঠা ধৰণে নিজৰ একোখন ছবি লগাই দিছে অৰ্জুনে। কেৱল এয়াই নহয় পৰিণীতিক তেওঁ আখ্যা দিছে ৱৰ্ল্ড টুৰিজিম এম্বেছেডৰ হিচাপেও। নিজৰ পোষ্টত অৰ্জুনে লিখিছে, ‘পৰী তুমি গোটেই বিশ্ব এনেদৰে ভ্ৰমণ কৰি থাকা আৰু মই তোমাৰ হৃদয়ত বহি লৈ তোমাৰ সৈতেই ঘূৰি ফুৰিম। শুভ জন্মদিন World Tourism Ambassador! তুমি সঁচাকৈয়ে এই খিতাপৰ যোগ্য।’ এই পোষ্ট আৰু অৰ্জুনৰ ফটোশ্বপ দেখাৰ পাছত তেওঁৰ অনুৰাগীসকলৰ লগতে বলীউডৰ তাৰকাসকলেও ৰখাব পৰা নাই হাঁহি। অদিতি ৰায় হায়দৰী, ভূমি পেডনেকাৰ, কৃতি সেনন সকলোৱে এতিয়া তেওঁৰ এই পোষ্টতত হাঁ হাঁ কমেণ্টহে দিছে। সি যি কি নহওক পৰিণীতিৰ জন্মদিনত নিৰ্মল হাস্যৰসৰ সোৱাদ দিয়া বুলি বহুতে অৰ্জুনক প্ৰশংসাও কৰিছে। পিছে এই পোষ্টত লক্ষ্যণীয়ভাৱে কোনো কমেণ্ট কৰা নাই অৰ্জুনৰ ‘প্ৰেয়সী’ মালাইকাই। ঘুনুক-ঘানাকৈ শুনা মতে, পৰিণীতিৰে এনে সনা-পিটিকা তেওঁ ‘বয়োজ্যেষ্ঠ প্ৰেয়সীয়ে’ বৰ এটা পচন্দ কৰা নাই। সেয়েহে সকলো সময়তে ডিঙিৰ মাদুলি হৈ থকাৰ পাছতো এই পোষ্টক তেওঁ কৌশলেৰে এৰাই চলিছে।

উল্লেখ্য যে, ২০১২চনত অৰ্জুনৰ সৈতেই পৰিণীতিৰ প্ৰথম ছবিয়ে মুক্তি পাইছিল। ‘ইছকজাদে’ নামৰ ছবিখনৰ সফলতাই অৰ্জুন-পৰিণীতি দুয়োৰে কেৰিয়াৰক বলীউডত গতি দিয়ে। এইবছৰ দুয়োৰে আন এখন ছবি অ’টিটি প্লেটফৰ্মত মুক্তি পাইছে। ছবিখনৰ নাম হৈছে ‘সন্দীপ ঔৰ পিংকী ফাৰাৰ’। ইফালে, পৰিণীতিৰ কেইবাখনো গুৰুত্বপূৰ্ণ ছবিয়ে এইবাৰ মুক্তি পাইছে। ছাইনা, দ্য গাৰ্ল অন দা ট্ৰেইন ইয়াৰ ভিতৰত উল্লেখযোগ্য। অৰ্জুনৰ মুক্তি পাইছে ভূত পুলিছ নামৰ হৰৰ কমেডি ছবিখনে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু