--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ক’ভিডকালীন পৰিৱেশৰ পাছত মুকলি হোৱা ছবিগৃহসমূহ ক্ৰমাৎ প্ৰাণ পাই উঠিছে৷ কৰ’নাই কোঙা কৰা অসমৰ চিত্ৰগৃহত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হ’ব অসমীয়া ছবি ‘লাইফ ইন এ পাপেট’। ছবিখনৰ পৰিচালক ৰাজেন দাস।

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে নাৰায়ণ ডেকা, আশা বৰদলৈকে ধৰি বহুকেইজন শিল্পীয়ে৷ লগতে ছবিখনত সংগীত পৰিচালনা কৰিছে তৰালী শৰ্মাই। উল্লেখ্য যে, বিগত কেইমাহত ছবিখনে কেইবাখনো মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ খিতাপ অৰ্জন কৰাৰ লগতে বিভিন্ন শিতানত প্ৰায় ৩০টা পুৰস্কাৰ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

২২ অক্টোবৰত গুৱাহাটীৰ মেট্ৰিক্স চিনেমাত প্ৰিমিয়াৰ হ’ব ছবিখনৰ। পুতলা নাচৰ শিল্পীসকলৰ জীৱন-সংগ্ৰাম আৰু লগতে অসমৰ পুতলা নাচক ‍বিশ্ব প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰাৰ মানসেৰে পৰিচালক ৰাজেন দাসৰ এই প্ৰচেষ্টা। মুঠ ৯টাকৈ ছবিগৃহত মুকলি হ’ব এই ছবিখন৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু