--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ  এবিধ থলুৱা ফল হ’ল অমৰা।  কেঁচা অমৰাৰ জোল আৰু আচাৰ কৰি খালে যথেষ্ট তৃপ্তি পোৱা যায়। পকা অমৰা আকৌ জোল আৰু চাটনি(পিটিকা) কৰি খোৱাৰ বাবে অতি উপযোগী। অমৰাৰে ৰন্ধা মাছৰ জোলৰ সোৱাদ অতি অনুপম। অমৰাৰ টক খাবলৈও অতি সোৱাদ। দাইলত দিও অমৰা খাব পাৰি। এইবিধ ফল পকি মাটিত সৰি থাকিলেও খাওঁতাৰ অভাৱ। অমৰা যেন কিছু পৰিমাণে উপেক্ষিত। অমৰা খোৱাৰ সুযোগ পালেই খাওক আৰু সুস্বাস্থ্যৱান হৈ থাকক।প্ৰকৃতিয়ে দিয়া এই অমূল্য বৰদানসমূহক আমি সদব্যৱহাৰ কৰা উচিত৷
 
অমৰা প্রায় সকলো সময়তে পোৱা যায়। অমৰা শৰীৰৰ বাবে বহু উপকাৰী। অমৰাত প্রচুৰ পৰিমাণে ভিটামিন চি, আয়ৰণ, কেলচিয়াম আৰু আঁহ আছে, যিবোৰ শৰীৰৰ বাবে খুবেই দৰকাৰী। 

ইয়াৰ ফল আৰু পাতৰ গোন্ধ আমৰ গছ ফলৰ লগত মিল পোৱা যায়। হয়তো সেয়ে ইয়াক ‘বনৰীয়া আম’ বুলি কোৱা হয়। ইংৰাজীত অমৰাক Wild Mango বোলা হয়। আমৰ বৈজ্ঞানিক নাম হৈছে মেংগিফেৰা ইণ্ডিকা আৰু অমৰাৰ হৈছে স্পণ্ডিয়াছ মেংগিফেৰা।

অমৰাৰ আছে অনেক উপকাৰী গুণ। অমৰাৰ উপকাৰিতাৰ বিষয়ে জানো আহক।

১)  হজমত ই গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

২) বিভিন্ন প্রকাৰৰ ভাইৰেল ইনফেকচনৰ বিৰুদ্ধে যুঁজিব পাৰে অমৰাই। 

৩)  ডায়েবেটিজ আৰু থাইৰয়েডৰ অসুখৰ চিকিৎসা লৈ থকা ৰোগীৰ বাবেও অমৰা নিৰাপদ৷ অমৰাত কেলৰি কম, এন্টিঅক্সিডেন্ট লাগতিয়াল ভিটামিন আৰু যথেষ্ট ফাইবাৰ আছে বাবে এই দুই অৱস্থাতো নিৰ্ভয়ে খাব পাৰে৷

৪) বহু পুৰণি কাহ আৰু ডিঙিৰ বিষৰ অমৰাৰ চিকিৎসাত উপশম ঘটে।


৫) অমৰাই প্ৰস্ৰাৱৰ চলাচল সুচল কৰে আৰু পৰিমাণ বঢ়ায়। 

৬) ইয়াৰ ফল (কেচাঁ) চকলিয়াই উঠি সেই খিনি ২৫ মিলি লিটাৰ পানীত তিয়াই ৰাখি তাত অলপ নিমখ আৰু চেনি মিহলাই একেৰাহে দিনে ২-৩ বাৰকৈ ৪-৫ দিন খালে গ্ৰহণী ৰোগ ভাল হয়।

৭) ইয়াৰ উপৰি অসুস্থ ব্যক্তিসকলৰ মুখৰ স্বাদ ঘূৰাই আনে অমৰাই।  

৮)  অমৰাত প্রচুৰ এন্টিঅক্সিডেন্ট থাকে যি কলেষ্টেৰলৰ মাত্রা কমায়। সেয়ে অমৰা খালে হৃদস্বাস্থ্যৰ বাবেই উপকাৰী।  

৯)  অমৰাত পেকটিন জাতীয় ফাইবাৰ আছে, যিয়ে বদহজম আৰু কোষ্ঠকাঠিন্য দূৰ কৰে। 

১০) অমৰাত প্রচুৰ পৰিমাণে আয়ৰন থকাৰ কাৰণে ই ৰক্তহীনতা ৰোধত কার্যকৰী ভুমিকা পালন কৰি থাকে। লগতে হিমগ্লবিনৰ মাত্রা সঠিক পর্যায়ত ৰাখে।

১১)  অমৰাত প্রচুৰ ভিটামিন চি আছে যিয়ে ত্বক উজ্জ্বল কৰি ৰখাত সহায় কৰে।

১২)  কেলচিয়ামৰ ভাল উৎস অমৰা। ইয়াত পর্যাপ্ত পৰিমাণত কেলচিয়াম আছে, যিয়ে শিশুৰ দৈহিক গঠনত সহায় কৰে।

১৩) ইয়াত প্রচুৰ ভিটামিন চি থকাত স্কার্ভি ৰোগ প্রতিৰোধত সহায় কৰে।

১৪) কেন্সাৰৰ দৰে মৰণ ৰোগৰ বিৰুদ্ধেও শৰীৰত প্রতিৰোধ ক্ষমতা গঢ়ি তোলে অমৰাই।

১৫)  অমৰা ভিটামিন চিৰ ভাল উৎস। ভিটামিন চি এটি অত্যাৱশ্যকীয় ভিটামিন আৰু প্রাকৃতিক এন্টিঅক্সিডেন্ট। নিয়মিত অমৰা খালে বিভিন্ন ধৰণৰ অসুখৰ পৰা দূৰত থাকিব পৰা যায়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি