--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ  এবিধ থলুৱা ফল হ’ল অমৰা।  কেঁচা অমৰাৰ জোল আৰু আচাৰ কৰি খালে যথেষ্ট তৃপ্তি পোৱা যায়। পকা অমৰা আকৌ জোল আৰু চাটনি(পিটিকা) কৰি খোৱাৰ বাবে অতি উপযোগী। অমৰাৰে ৰন্ধা মাছৰ জোলৰ সোৱাদ অতি অনুপম। অমৰাৰ টক খাবলৈও অতি সোৱাদ। দাইলত দিও অমৰা খাব পাৰি। এইবিধ ফল পকি মাটিত সৰি থাকিলেও খাওঁতাৰ অভাৱ। অমৰা যেন কিছু পৰিমাণে উপেক্ষিত। অমৰা খোৱাৰ সুযোগ পালেই খাওক আৰু সুস্বাস্থ্যৱান হৈ থাকক।প্ৰকৃতিয়ে দিয়া এই অমূল্য বৰদানসমূহক আমি সদব্যৱহাৰ কৰা উচিত৷
 
অমৰা প্রায় সকলো সময়তে পোৱা যায়। অমৰা শৰীৰৰ বাবে বহু উপকাৰী। অমৰাত প্রচুৰ পৰিমাণে ভিটামিন চি, আয়ৰণ, কেলচিয়াম আৰু আঁহ আছে, যিবোৰ শৰীৰৰ বাবে খুবেই দৰকাৰী। 

ইয়াৰ ফল আৰু পাতৰ গোন্ধ আমৰ গছ ফলৰ লগত মিল পোৱা যায়। হয়তো সেয়ে ইয়াক ‘বনৰীয়া আম’ বুলি কোৱা হয়। ইংৰাজীত অমৰাক Wild Mango বোলা হয়। আমৰ বৈজ্ঞানিক নাম হৈছে মেংগিফেৰা ইণ্ডিকা আৰু অমৰাৰ হৈছে স্পণ্ডিয়াছ মেংগিফেৰা।

অমৰাৰ আছে অনেক উপকাৰী গুণ। অমৰাৰ উপকাৰিতাৰ বিষয়ে জানো আহক।

১)  হজমত ই গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

২) বিভিন্ন প্রকাৰৰ ভাইৰেল ইনফেকচনৰ বিৰুদ্ধে যুঁজিব পাৰে অমৰাই। 

৩)  ডায়েবেটিজ আৰু থাইৰয়েডৰ অসুখৰ চিকিৎসা লৈ থকা ৰোগীৰ বাবেও অমৰা নিৰাপদ৷ অমৰাত কেলৰি কম, এন্টিঅক্সিডেন্ট লাগতিয়াল ভিটামিন আৰু যথেষ্ট ফাইবাৰ আছে বাবে এই দুই অৱস্থাতো নিৰ্ভয়ে খাব পাৰে৷

৪) বহু পুৰণি কাহ আৰু ডিঙিৰ বিষৰ অমৰাৰ চিকিৎসাত উপশম ঘটে।


৫) অমৰাই প্ৰস্ৰাৱৰ চলাচল সুচল কৰে আৰু পৰিমাণ বঢ়ায়। 

৬) ইয়াৰ ফল (কেচাঁ) চকলিয়াই উঠি সেই খিনি ২৫ মিলি লিটাৰ পানীত তিয়াই ৰাখি তাত অলপ নিমখ আৰু চেনি মিহলাই একেৰাহে দিনে ২-৩ বাৰকৈ ৪-৫ দিন খালে গ্ৰহণী ৰোগ ভাল হয়।

৭) ইয়াৰ উপৰি অসুস্থ ব্যক্তিসকলৰ মুখৰ স্বাদ ঘূৰাই আনে অমৰাই।  

৮)  অমৰাত প্রচুৰ এন্টিঅক্সিডেন্ট থাকে যি কলেষ্টেৰলৰ মাত্রা কমায়। সেয়ে অমৰা খালে হৃদস্বাস্থ্যৰ বাবেই উপকাৰী।  

৯)  অমৰাত পেকটিন জাতীয় ফাইবাৰ আছে, যিয়ে বদহজম আৰু কোষ্ঠকাঠিন্য দূৰ কৰে। 

১০) অমৰাত প্রচুৰ পৰিমাণে আয়ৰন থকাৰ কাৰণে ই ৰক্তহীনতা ৰোধত কার্যকৰী ভুমিকা পালন কৰি থাকে। লগতে হিমগ্লবিনৰ মাত্রা সঠিক পর্যায়ত ৰাখে।

১১)  অমৰাত প্রচুৰ ভিটামিন চি আছে যিয়ে ত্বক উজ্জ্বল কৰি ৰখাত সহায় কৰে।

১২)  কেলচিয়ামৰ ভাল উৎস অমৰা। ইয়াত পর্যাপ্ত পৰিমাণত কেলচিয়াম আছে, যিয়ে শিশুৰ দৈহিক গঠনত সহায় কৰে।

১৩) ইয়াত প্রচুৰ ভিটামিন চি থকাত স্কার্ভি ৰোগ প্রতিৰোধত সহায় কৰে।

১৪) কেন্সাৰৰ দৰে মৰণ ৰোগৰ বিৰুদ্ধেও শৰীৰত প্রতিৰোধ ক্ষমতা গঢ়ি তোলে অমৰাই।

১৫)  অমৰা ভিটামিন চিৰ ভাল উৎস। ভিটামিন চি এটি অত্যাৱশ্যকীয় ভিটামিন আৰু প্রাকৃতিক এন্টিঅক্সিডেন্ট। নিয়মিত অমৰা খালে বিভিন্ন ধৰণৰ অসুখৰ পৰা দূৰত থাকিব পৰা যায়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ